নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱেগৰ বশৱর্তী হৈ জাতিটোক ৰক্ষা কৰিব নোৱাৰোঁঃ নৰেশ কলিতা

পাঠক, ছাত্র–ছাত্রীৰ ব্যাপক সঁহাৰিৰে সামৰণি পৰিল চাৰিদিনীয়া বৰভাগ গ্রন্থমেলাৰ

নিয়মীয়া বাৰ্তা: ২০ নৱেম্বৰঃ আমি কথিত ভাষাবোৰ হেৰুৱাব দিব নালাগে৷ কাৰণ ইয়াক আমি মান্য ভাষালৈ ৰূপান্তৰ কৰিব পাৰোঁ৷ যেতিয়ালৈ ঘৰখনত অসমীয়া বাতাৱৰণ দিব নোৱাৰো, তাৰপিছত নিজকে অসমীয়া বুলি পৰিচয় দিব নোৱাৰোঁ৷ –এই মন্তব্য বিশিষ্ট সাহিত্যিক–সাংবাদিক অনুৰাধা শর্মা পূজাৰীৰ৷

নলবাৰী জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘সন্ধান’ৰ উদ্যোগত বৰভাগ মহাবিদ্যালয় আৰু নলবাৰী আর্যভট্ট বিজ্ঞান কেন্দ্রৰ সহযোগত চাৰিদিনীয়া কার্যসূচীৰে বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ মহামহোপাধ্যায় ধীৰেশ্বৰাচার্য সোঁৱৰণী ক্ষেত্রত অনুষ্ঠিত বৰভাগ গ্রন্থমেলাৰ আজি সামৰণী অনুষ্ঠানত এইদৰে কয় বিশিষ্ট সাহিত্যিকগৰাকীয়ে৷ গ্রন্থমেলা উদযাপন সমিতিৰ সভাপতি ড০ ধনেশ্বৰ বৈশ্যৰ সঞ্চালনাত অনুষ্ঠিত সামৰণী অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশগ্রহণ কৰি তেওঁ আৰু কয়– আমাৰ চিন্তাবোৰ মানৱীয় হ’ব লাগিব৷ আমাৰ ঘৰখনতে যদি সম্বন্ধবোৰ হেৰুৱাও তেতিয়াহ’লে আমাৰ ভাষাটোকো ঘৰতে হেৰুৱাম৷ জীৱনৰ উত্তৰবিহীন প্রশ্ণবোৰৰ উত্তৰ আমি কিতাপত পাব পাৰোঁ৷

সভাত ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই কয়– অসমীয়া জাতিটোক সুস্থ আৰু সবল কৰিব লাগিলে আমাৰ ভাষাটোক শক্তিশালী কৰি তুলিব লাগিব৷ আৱেগৰ বশৱর্তী হৈ আমি জাতিটোক ৰক্ষা কৰিব নোৱাৰোঁ৷ বর্তমান তথ্য আৰু প্রযুক্তিৰ দিশটোকো আমি বাধা দিব নোৱাৰোঁ৷ কিন্তু সেইবুলি গুগলক গুৰু আসনত বহুৱালে আমাৰ পৰিয়ালৰ বাবে বিপদ নামি আহিব পাৰে৷ তেওঁ আৰু কয়– পঢ়াৰ প্রতি আমাৰ আগ্রহ কমিছে৷ আনকি যিসকল বর্তমান লেখক ওলাইছে তেওঁলোকৰো যেন পঢ়াৰ মানসিকতা নোহোৱা হৈছে৷ গ্রন্থৰ লগে লগে অধ্যয়নৰ মানসিকতাও গঢ়ি তোলাত কলিতাই গুৰুত্ব দিয়ে৷

সভাত বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাই কয়– গ্রন্থই প্রেৰণা দিয়ে, উদ্যম আনে৷ গ্রন্থই নিৰৱচ্ছিন্নভাৱে অসমীয়া ভাষাটোক শক্তিশালী কৰি তুলিছে৷ সেইবাবে গ্রন্থ অধ্যয়নৰ প্রয়োজনীয়তা আছে৷ আন এগৰাকী বিশিষ্ট অতিথি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ সহকাৰী সম্পাদক বিজন বায়নে কয়– মুলসুঁতিৰ পৰা আমাৰ প্রজন্ম বিচ্ছিন্ন হৈছে৷ গ্রন্থ উৎসৱৰ প্রয়োজনীয়তা আছে বুলি তেওঁ দোহাৰে৷

সভাত সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– তথ্য–প্রযুক্তি যিমানে আগ নাবাঢ়ক গ্রন্থ অধ্যয়নে মন–মগজু ক্রিয়া কৰাৰ মাদকতা থাকে৷ বৌদ্ধিক আন্দোলন অবিহনে ৰাজপথৰ আন্দোলন সফল হ’ব নোৱাৰে৷ অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সানোতে যদি অসমীয়া জাতি সচেতন নহয়, অসমীয়া ভাষা নাথাকিব৷ মাতৃভাষাক জীয়াই ৰাখিবলৈ আমি সংগ্রাম কৰিব লগা হৈছে৷ হিতাধিকাৰী সৃষ্টি কৰি ধন খৰচ কৰাতকৈ শিক্ষাৰ ক্ষেত্রত অধিক ধন খৰচ কৰিলে আমি বেছি লাভৱান হ’ম৷ সমৱেত সংগীতেৰে আৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গ্রন্থমেলা উদযাপন সমিতিৰ মুখ্য সম্পাদক তাজিমউদ্দিন আহমেদে আৰু আদৰণী ভাষণ দিয়ে কার্যসূচী সমন্বয়ক প্রদীপ মহন্তই৷ ইয়াৰ পূর্বে পুৱাৰ ভাগত ‘বৰভাগ সৌৰভ’ শীর্ষক অনুষ্ঠান উদ্বোধন কৰে ভাৰতীয় ষ্টেট বেংকৰ সঞ্চালকমণ্ডলীৰ প্রাক্তন সঞ্চালক অনন্ত কলিতাই৷ ইয়াত পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ জ্যেষ্ঠ পৰিকল্পনা বিষয়া অজিত শর্মা, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ড০ বিভূতিৰঞ্জন ভট্টাচার্য, পংকজ উত্তৰা শর্মা আৰু নীটত সাফল্য লাভ কৰা বৰভাগৰ সন্তান মৃদুল আমিন উপস্থিত থাকে৷ সন্ধিয়া ‘সুৰৰে দেউলৰে’ শীর্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়৷

You might also like