নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনাত্মক

আলফা (স্বাধীন)–এ পুনৰ তিনি মাহৰ বাবে এক এপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰিছে৷ ইয়াৰ পূর্বে বিগত তিনি মাহত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রভাৱশালী উগ্রপন্থী সংগঠনটোৱে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰিছিল৷ আনহাতে, ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে ৰাজ্যৰ শাসনভাৰ গ্রহণ কৰাৰ পিছতে উগ্রপন্থী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই চৰকাৰখনক আদৰণি জনাই বিবৃতি প্রকাশ কৰিছিল৷ আলফাৰ চাৰি দশকৰ ইতিহাসত এনেদৰে চৰকাৰ এখনক আদৰণি জনোৱাটো অভূতপূর্ব ঘটনা ৰূপে চিহ্ণিত হৈছিল৷ ইয়াৰ পিছত আলফা স্বাধীনে ঘোষণা কৰা একপক্ষীয় যুদ্ধবিৰতিয়ে সংগঠনটোৰ শান্তি আলোচনা প্রক্রিয়াৰ প্রতি থকা ইতিবাচক ইংগিত বহন কৰিছে৷ ইতিমধ্যে প্রথমবাৰ যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীয়ে আলফাৰ এনে স্থিতিক আদৰণি জনোৱাৰ লগতে পুনৰ যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি সন্দর্ভত মন্তব্য কৰিবলৈ গৈ মুখ্যমন্ত্রী ড০ শর্মাই আলফাৰ বিগত তিনি মাহৰ স্থিতি ধনাত্মক বুলি সদৰী কৰিছে৷ ইতিমধ্যে আলফা–চৰকাৰৰ এনে নমনীয় মনোভাবে ৰাজ্যখনৰ শান্তি প্রক্রিয়াটো ত্বৰান্বিত কৰিব বুলি অনুমান কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ শান্তি আলোচনা সন্দর্ভত ইতিবাচক দিশেৰে আগবাঢ়িবলৈ কিছু সময়ৰ প্রয়োজন হ’ব আৰু এয়া এদিনতে হৈ উঠা প্রক্রিয়া নহয় বুলিও উল্লেখ কৰিছে৷ তেওঁ লগতে স্পষ্ট কৰি দি আহিছে যে চৰকাৰে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত আৰু আলফাৰ দাবীৰ মাজত মধ্যম পন্থাৰে আগবাঢ়িলেহে সমাধান সূত্রত উপনীত হোৱাটো সম্ভৱ৷ উল্লেখ্য যে বিগত চাৰিটা দশক ধৰি আলফাই অসমৰ সার্বভৌমত্বৰ দাবীত সংগ্রাম অব্যাহত ৰখাৰ লগতে সশস্ত্র তৎপৰতা চলাই আহিছে৷ কিন্তু ভাৰতীয় সংবিধানৰ আধাৰত হোৱা যিকোনো আলোচনা প্রক্রিয়াতে দেশৰ অখণ্ডতাৰ প্রশ্ণত সার্বভৌমত্বৰ দাবীত আলোচনা হোৱাটো সম্ভৱ নহয়৷ সেইবাবেই মুখ্যমন্ত্রী ড০ শর্মাই এক মধ্যম পন্থাৰ অৱতাৰণা কৰি আহিছে বুলি সহজেই অনুমান কৰিব পাৰি৷ এইক্ষেত্রত আলফা স্বাধীনে সার্বভৌমত্বৰ দাবীৰ ক্ষেত্রত এৰা–ধৰা মনোভাব গ্রহণ কৰাটো অতিকে প্রয়োজন৷ ৰাজ্যখনৰ স্থায়ী শান্তিৰ স্বার্থত অসমৰ জনগণেও আলফাৰ এই দাবীটোৰ ক্ষেত্রত সংগঠনটোৱে আঁকোৰগোজ স্থিতি ত্যাগ কৰাটো কামনা কৰি আহিছে৷
সাম্প্রতিক বিশ্বৰ আর্থ–ৰাজনৈতিক পৰিস্থিতিৰ পটভূমিত এতিয়া ৰাজনৈতিক স্বাধীনতাৰ বিষয়টো লাহে লাহে স্তিমিত হৈ আহিছে৷ বিশ্বৰ বিভিন্ন প্রান্তত সার্বভৌত্বৰ দাবীত চলি থকা সংগ্রামসমূহৰ শেহতীয়া পৰিস্থিতি অধ্যয়ন কৰিলেই এই বিষয়টো স্পষ্ট হৈ পৰে৷ গোলকীয় পুঁজিবাদী অর্থনীতিৰ পূর্ণ বিকাশৰ পিছত এতিয়া ৰাজনৈতিক স্বাধীনতা আদিৰ দৰে বিষয়বোৰ বহু ক্ষেত্রত গৌণ হৈ পৰিছে৷ বিশেষকৈ বজাৰ অর্থনীতিয়ে ৰাষ্ট্রৰ শাসন ব্যৱস্থা নিয়ন্ত্রণ কৰাৰ পিছত ৰাজনৈতিক স্বাধীনতাৰ গুৰুত্ব লাহে লাহে হ্রাস পাবলৈ আৰম্ভ হৈছে৷ এনে প্রেক্ষাপটৰ পৰাই আলফা স্বাধীনৰ দৰে সংগঠনসমূহেও সার্বভৌমত্বৰ দৰে দাবীসমূহ বিচাৰ কৰি চোৱাৰ প্রয়োজনীয়তা আহি পৰিছে৷ বৃহৎ পুঁজিৰ পূর্ণ বিকাশে এতিয়া ৰাষ্ট্র ব্যৱস্থা নিয়ন্ত্রণ কৰাৰ সময়ত জাতীয় আত্মনিয়ন্ত্রণ–জাতীয়্ অধিকাৰ আদি বিষয়সমূহ বাস্তৱ অর্থত অর্থহীন হৈ পৰিছে৷ ভাৰতৰ দৰে দেশসমূহতো এতিয়া বজাৰ অর্থনীতিৰ পূর্ণ বিকাশ ঘটিছে৷ এনে অৱস্থাত আলফা স্বাধীনৰ অসমৰ সার্বভৌমত্বৰ দাবী কিমান যুক্তিসংগত বা এই দাবীৰ প্রতি অসমৰ ৰাইজৰ সমর্থন কিমান এই বিষয়সমূহো সংগঠনটোৱে পর্যালোচনা কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷ একমাত্র ইতিহাস প্রৱণতাই সংগ্রাম এখন আগুৱাই লৈ যাব নোৱাৰে৷ প্রকৃততে সাম্প্রতিক পৰিস্থিতিয়েহে সংগ্রামৰ দিশ নির্ণয় কৰে৷ বিষয়টো এনে দৃষ্টিকোণৰ পৰা আলফা স্বাধীন অথবা চৰকাৰে গ্রহণ কৰিলে অসমৰ স্থায়ী শান্তিৰ দিশে দুখোজ আগুৱাব পাৰিম বুলি আমি সকলোৱে আশা কৰিব পাৰোঁ৷

You might also like