মুখ্যমন্ত্রীৰ নির্দেশ শীঘ্রে মুকলি হ’ব সুধাকণ্ঠৰ সমাধিক্ষেত্র
নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জালুকবাৰীস্থিত ভাৰতৰত্ন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্র দর্শনার্থীৰ বাবে শীঘ্রে মুকলি কৰি দিয়াৰ পদক্ষেপ ল’বলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিবক নির্দেশ দিছে৷
উল্লেখ্য যে সমাধিক্ষেত্রখন ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত আৰোপিত বন্ধৰ পাছত বর্তমানলৈ দর্শনার্থীৰ বাবে খোলা হোৱা নাছিল৷ এই সম্বন্ধে ‘নিয়মীয়া বার্তা’ কাকতত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ এগৰাকী ছাত্রই ‘সম্পাদকলৈ চিঠি’ শিতানত যোৱা ১৮ নৱেম্বৰত এখন পত্রৰ জৰিয়তে বিষয়টো চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিছিল৷
এই সকলো দিশ বিবেচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই সুধাকণ্ঠৰ সমাধিক্ষেত্রখন দর্শনার্থীসকলৰ বাবে পুনৰ মুকলি কৰি দিয়াৰ পদক্ষেপ ল’বলৈ মুখ্য সচিবক নির্দেশ দিছে, যাতে দর্শনার্থীসকলে স্বাস্থ্যসন্মত বিধি–বিধান মানি সমাধিক্ষেত্রখনত প্রৱেশ কৰিব পাৰে৷