নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃতকৰ পৰিয়ালক এক লাখ টকাৰ চেক প্ৰদান বিটিচি চৰকাৰৰ

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰ:বাক্সাৰ নিছলামাৰীত ১৮ নৱেম্বৰত হাতীৰ গছকত মৃত্যু বৰন কৰা প্ৰ্হ্লাদ বৈশ্য ৰ ঘৰত উপস্থিত হয় বিটিচিৰ অধ্যক্ষ কাতিৰাম বডো আৰু বিটিচি চৰকাৰৰ পৰা এক লাখ টকাৰ চেক এখন প্ৰ্দান কৰে পত্নীৰ হাতত ।বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত নিছলামাৰীৰ দুটি সন্তানৰ পিতৃ প্ৰহ্লাদ বৈশ্যক।যোৱা এমাহ ধৰি বাক্সা জিলাৰ বডিকাদঙা , কদমতলা ,জাৰতালুক, নিছলামাৰী আদিকে ধৰি বিভিন্ন অঞ্চলত প্ৰায় এশ জনীয়া এটি হস্তীৰ জাকে তাণ্ডৱ চলায় ,বিঘাই বিঘাই পকা ধানৰ খেতি পথাৰ ,বাৰীৰ শাক পছলিৰ লগতে তামুল ,লাও আদি নষ্ট কৰে ,যাৰ পৰিণতিত কৃষক সকলে নিশা হলে উজাগৰি নিশা কটাব লগা হৈছে ,আৰু এনেদৰে নিশা হাতী খেদিবলৈ যাওতে যোৱা ১৮ নৱেম্বৰৰ নিশা হাতীয়ে গছকি গছকি হত্যা কৰে প্ৰ্হ্লাদক ।ইয়াৰ পিছতে দৰিদ্ৰ পৰিয়াল টোলৈ অমানিশা নামি আহে ,ৰবিবাৰে দুই সন্তান সহ পত্নীৰ খবৰ লবলৈ বিটিচি চৰকাৰৰ হৈ পৰিয়াল টোত উপস্থিত হয় অধ্যক্ষ কাতিৰাম বডোয়ে ,আৰু দুৰ্ভগীয়া পৰিয়ালটোৰ পত্নীৰ হাতত এখন এক লাখ টকাৰ এখন চেক প্ৰ্দান কৰে ।ইপিনে বনৰীয়া হাতীৰ জাক টোৱে তাণ্ডৱ চলায় থকা প্ৰৰসংগত বিটিচিৰ অধ্যক্ষ গৰাকীয়ে কয় শীঘ্ৰে বিভাগীয় কতৃপক্ষই হাতীৰ জাক টো খেদি পঠোৱাৰ ব্যৱস্থা কৰিব বুলি মন্তব্য আগবঢ়াই .সাংবাদিকে সোধা প্ৰ্শ্নত্তোৰত ।

You might also like