ৰঙিয়াৰ বিদ্যালয়ৰ দুৰৱস্থা, জহি-খহি যোৱা বিটিচি এম ইত শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ
নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ বিকশিত অসমৰ আন এক পুতৌ লগা ছবি । ৰঙিয়াৰ বিহাপাৰাৰ বিটিচি এম ই স্কুলৰ দুৰৱস্থা । জৰাজীৰ্ণ পঁজা সদৃশ গৃহৰ বাবে বহু অসুবিধাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে । গোহাঁলি সদৃশ এই চৰকাৰী বিদ্যালয়খনত বৰষুণ দিলে পানী সোমাই বাবে পঢ়িব পৰা অৱস্থা নাথাকে । টৰ্জা আৰু বাঁহেৰে নিৰ্মাণ কৰা এই বিদ্যালয়খনত আছে ৩ টাকৈ শ্ৰেণী কোঠা । ২৯ বছৰ পূৰ্বে স্থাপিত এই বিদ্যালয়খনত ১০৪ গৰাকী ছাত্র-ছাত্ৰীৰ বিপৰীতে আছে চাৰিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী । তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ বৃহত্তৰ অঞ্চলজুৰি এইখনে হৈছে একমাত্ৰ মধ্য ইংৰাজী বিদ্যালয় ।
বৰ্তমান বিদ্যালয়খনৰ গৃহটি জহি-খহি গৈছে । টিনপাত ফুটি যোৱাৰ লগতে তৰ্জাৰ বেৰবোৰ ভাঙি যাবলৈ ধৰিছে । বিদ্যালয়খনৰ শোচনীয় অৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগ্ৰহণত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে । ইয়াৰ উপৰি বিদ্যালয়খনত বিশুদ্ধ খোৱাপানীৰো অভাৱ । নাই খেল-ধেমালিৰ সামগ্ৰী । শীঘ্ৰে বিদ্যালয়খনৰ আন্তঃগাঠনি উন্নতিকৰণেৰে ছাত্র-ছাত্ৰী সকলক শৈক্ষিক ক্ষেত্ৰত উপযুক্ত সা-সুবিধা প্ৰদান কৰিবলৈ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক সকলে দাবী জনায় ।
ফাৰুক হুছেইন , ৰঙিয়া