নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ভাষাত লেখা পোষ্টাৰ আঁতৰাবলৈ ৪৮ ঘণ্টাৰ ডেডলাইন

শিলচৰত পুনৰ অসমীয়া ভাষাক অপমান

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ অসমীয়া ভাষাক সম্পূর্ণৰূপে অৱজ্ঞা কৰি অহা বৰাকৰ একাংশ বুদ্ধিজীৱী তথা নেতাই আজি পুনৰ অসমীয়া ভাষাক অপমান কৰিলে৷ বৰাক ডেমক্রেটিক ফ্রণ্ট (বি ডি এফ) নামৰ এই তথাকথিত সংগঠনটোৱে বিগত দীর্ঘসময় ধৰি বৰাকত অসমীয়া ভাষাৰ প্রচলন বন্ধ কৰাৰ বাবে ষড়যন্ত্র তথা অপচেষ্টা চলাই আহিছে৷ ইয়াৰ অংশস্বৰূপে আজি পুনৰ অসমীয়া ভাষা সম্পূর্ণৰূপে বন্ধ কৰি বৰাকত বাংলা ভাষা প্রচলন কৰাৰ বাবে জিলা প্রশাসনক সকীয়াই দিলে৷ স্মর্তব্য যে কিছুদিন পূর্বে বাংলা ভাষাৰ প্রচলনৰ দাবীৰে বৰাকৰ কেইবাটাও চৰকাৰী কার্যালয়ৰ ছাইন ব’ৰ্ডত একাংশই ক’লা ৰং সানি বাংলা ভাষাত ছাইন ব’ড লিখাৰ দাবী তুলিছিল৷ তেনে ঘটনাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই আজি অসমীয়া ভাষাক চৰমভাৱে অৱজ্ঞা কৰি বি ডি এফৰ নেতা প্রদীপ দত্ত ৰয়ে হুংকাৰ দি ৪৮ ঘণ্টাৰ ভিতৰত বৰাকত থকা অসমীয়া ভাষাৰ লেখা–পোষ্টাৰসমূহ আঁতৰাবলৈ চূড়ান্ত সময়সীমা বান্ধি দিয়ে৷

প্রদীপ দত্ত ৰয়ে আজি আনকি জিলা প্রশাসনকো সকীয়নি দি ৪৮ ঘণ্টাৰ ভিতৰত বৰাকৰ পৰা অসমীয়া ভাষাৰ পোষ্টাৰ তথা ছাইন ব’ৰ্ড আঁতৰ নকৰিলে চূড়ান্ত ব্যৱস্থা গ্রহণৰো হুংকাৰ দিয়ে৷ বিতর্কিত নেতা প্রদীপ দত্ত ৰয়ৰ মতে বৰাকত চৰকাৰী ভাষা বাংলা৷ কিন্তু বলপূর্বকভাৱে আৰু ইচ্ছাকৃতভাৱে চৰকাৰে অসমীয়া ভাষা জাপি দিছে৷ ইয়াৰ ফলত বৰাকৰ বাঙালী জাতীয়তাবাদ নিঃশেষ কৰাৰ চেষ্টা চলিছে তথা বাঙালী সম্প্রদায়ৰ মাজত বিদ্বেষ অনাৰ চেষ্টা চলোৱা হৈছে৷ সেয়েহে বৰাকৰ জিলা প্রশাসনক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে৷ এই সময়সীমাৰ ভিতৰতে অসমীয়া ভাষাৰ পোষ্টাৰ–ছাইন ব’ৰ্ডসমূহ আঁতৰ কৰিব লাগিব৷ অন্যথা কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ বৰাকত বাংলা ভাষাক মর্যাদা নিদিলে কোনোপধ্যে ইয়াক সহ্য কৰা নহ’ব৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ছবিৰ সৈতে এখন বিশাল চৰকাৰী হর্ডিং শিলচৰৰ মেহেৰপুৰ পেট্র’ল পাম্পৰ ওচৰত স্থাপন কৰা হৈছে৷ ক’ভিড ভেকচিন সম্পর্কীয় বার্তা দি ওলোমাই দিয়া এই হর্ডিংখনৰ বিজ্ঞাপন অসমীয়াত হোৱা হেতু বি ডি এফে প্রতিক্রিয়া প্রকাশ কৰিছে৷ আজি সাংবাদিকৰ আগত প্রদীপ দত্ত ৰয়ে কয়– শিলচৰত অসমীয়া ভাষাত এখন বেনাৰ দেখি মই মর্মাহত হৈছোঁ৷ ইমান প্রতিবাদ আৰু আন্দোলনৰ পাছতো বাংলা ভাষাত কিয় বেনাৰ দিয়া নহ’ল, তাক লৈ আমি উদ্বিগ্ণ৷

You might also like