নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইথি’পিয়াৰ অস্থিৰতা

ইথি’পিয়াৰ গৃহযুদ্ধই পৰিস্থিতি অতি জটিল কৰি তুলিছে৷ আফ্রিকাৰ দেশখনৰ টিগ্রে অঞ্চলৰ বিদ্রোহী গোষ্ঠীৰে চলা সেনা যুদ্ধৰ ফলত ইতিমধ্যে কেইবালাখো লোক গৃহহীন হৈছে৷ ভয়াৱহ মানৱীয় সংকট সৃষ্টি হৈছে টিগ্রেত৷ কেইবাটাও আন্তর্জাতিক মানৱাধিকাৰ সংস্থাই দাবী কৰা অনুসৰি যুদ্ধৰত উভয়পক্ষৰ নির্বিচাৰ হত্যাৰ বলি হৈছে বহু নিৰীহ লোক৷ অর্থাৎ যুদ্ধ অপৰাধ সংঘটিত হৈছে নজিৰবিহীনভাৱে৷ টিগ্রেৰ বিদ্রোহী যোদ্ধাসকলে ৰাজধানী আদিচ্ছ আবাবা অভিমুখে অগ্রসৰ হোৱাৰ লগে লগে ইথি’পিয়ান প্রধানমন্ত্রী আবি আহমেদে ঘোষণা কৰিছে যে বিদ্রোহী পক্ষক এশিকনি দিয়াৰ বাবে তেওঁ নিজে ৰণাংগনত প্রতিৰোধ গঢ়ি তুলিব৷ ইথি’পিয়াৰ ইতিহাস যুদ্ধ–সংঘর্ষৰ ইতিহাস৷ দেশখনে কেইবাদশক ধৰি কঢ়িয়াবলগীয়া হৈছে দুর্ভিক্ষৰ কলংকৰ বোজা৷ শেহতীয়াকৈ টিগ্রেৰ যুদ্ধক কেন্দ্র কৰি পুনৰ কেইবালাখো লোক দুর্ভিক্ষসদৃশ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ লক্ষণীয়ভাৱে এগৰাকী শান্তিকামী নেতাৰূপে পৰিচিত প্রধানমন্ত্রী আবি আহমেদে প্রতিৱেশী ইৰিট্রিয়াৰ সৈতে দীর্ঘদিনীয়া যুদ্ধৰ অৱসানৰ প্রচেষ্টা চলাই ন’বেল শান্তি বঁটা লাভ কৰিছিল৷ সেই একেগৰাকী নেতাই দেশখনৰ উত্তৰ প্রান্তৰ টিগ্রেৰ আঞ্চলিক প্রশাসনৰ বিৰুদ্ধে ৰক্তক্ষয়ী যুদ্ধ চলাই থকা বিষয়টো আশ্চর্যজনক৷ ইতিমধ্যে কেইবাহাজাৰো লোক এই যুদ্ধত নিহত হোৱা বুলি দাবী কৰিছে ৰাষ্ট্রসংঘই৷ যুদ্ধৰ ভয়াৱহতাৰ বাবে পলায়ন কৰিছে ২০ লক্ষাধিক লোকে৷ টিগ্রেৰ পৰা ঘৰ এৰি পলায়ন কৰা এই লোকসকল নতুন সংকটৰ সন্মুখীন হৈছে৷ আশ্রয় ল’বলৈ নিৰাপদ স্থানৰ অভাৱ, খাদ্যসামগ্রীৰ অভাৱেও জুৰুলা কৰিছে এই লোকসকলক৷ দেশখনৰ এই ভয়াৱহ সংকটৰ মাজতে পৰিস্থিতি অধিক জটিল হ’ব পাৰে বুলি আশংকা কৰি বিভিন্ন দেশে নিজ নিজ নাগৰিকসকলক ইথি’পিয়াৰ পৰা শীঘ্রে গৃহভূমিলৈ প্রত্যাৱর্তন কৰাৰ নির্দেশ দিছে৷ জার্মানী, ফ্রান্স, আমেৰিকা আৰু ব্রিটেইনে নিজ দেশৰ নাগৰিকসকলক ২৫ নৱেম্বৰৰ ভিতৰতে ইথি’পিয়া ত্যাগ কৰিবলৈ নির্দেশ দিয়াৰ উপৰি বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই ইয়াৰ কর্মীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰৰ প্রক্রিয়া এটা আৰম্ভ কৰি দিছে৷ ‘টিগ্রে পিপল্ছ লিবাৰেচন ফ্রণ্ট’ (টিপিএলএফ)ৰ এই যুদ্ধ ইথি’পিয়ান বাহিনীৰ বিৰুদ্ধে যিমানেই ব্যাপক হৈছে, সিমানেই নিৰীহ জনতাৰ সংকট বৃদ্ধি পাইছে৷
এই যুদ্ধৰ কাৰণ কি? কিয় টি পি এল এফ আৰু ইথি’পিয়ান চৰকাৰী বাহিনী এই ভয়াৱহ গৃহযুদ্ধত অৱতীর্ণ হৈছে? ইয়াৰ মূল কাৰণ হৈছে প্রধানমন্ত্রী আবি আহমেদ আৰু টি পি এল এফৰ মাজত থকা দীর্ঘদিনীয়া মতানৈক্য৷ টি পি এল এফে অকল টিগ্রে অঞ্চলেই নহয়, সুদীর্ঘ ২৭ বছৰ ধৰি প্রায় সমগ্র দেশখনতে আধিপত্য চলাই আহিছে৷ ২০১৮ চনত ক্ষমতালৈ অহা আবি আহমেদে এক সংস্কাৰমুখী ৰাজনীতিৰে ইৰিট্রিয়াৰ সৈতে শান্তি স্থাপন কৰিছিল৷ কিন্তু এইক্ষেত্রত টি পি এল এফক একাষৰীয়া কৰি থোৱা হৈছিল৷ ইয়াৰ পিছৰে পৰা টিগ্রে বাহিনীৰ বিৰুদ্ধে ইথি’পিয়াৰ এক সেনাঘাটিত আক্রমণৰ অভিযোগ অনা হয়৷ ইথি’পিয়ান সেনাৰ অস্ত্র লুট কৰিবলৈ টি পি এল এফে এই আক্রমণ চলোৱা বুলি অভিযোগ তুলি টিগ্রেৰ আঞ্চলিক প্রশাসনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে প্রধানমন্ত্রী আবি আহমেদে৷ এই যুদ্ধৰেই পৰিণতি এতিয়া ভয়ংকৰ হোৱাৰ দিশলৈ আগবাঢ়িছে৷ আফ্রিকান ইউনিয়নে এই যুদ্ধৰ শীঘ্রে অৱসান ঘটাবলৈ শান্তি আলোচনাৰ পোষকতা কৰিছে৷ আনকি মধ্যস্থতাকাৰীৰ ভূমিকা বহন কৰিবলৈও আগবাঢ়িছে আফ্রিকান ইউনিয়ন৷ কিন্তু টি পি এল এফ বা ইথি’পিয়া চৰকাৰ, কোনো পক্ষই আলোচনাৰ প্রতি আগ্রহ প্রকাশ কৰা নাই৷ ফলত অকল ইথি’পিয়া বুলিয়েই নহয়, প্রতিৱেশী সকলো দেশতে ইয়াৰ প্রতিকূল প্রভাৱ পৰাৰ আশংকা ঘনীভূত হৈছে৷ বিশেষকৈ শৰণার্থী সংকটে আফ্রিকাত অস্থিৰতাৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছে৷ হয়তো প্রতিৱেশী ইৰিট্রিয়াৰ সৈতে পুনৰ সম্পর্কৰ অৱনতি ঘটিব পাৰে ইথি’পিয়াৰ৷ শৰণার্থী সংকটক কেন্দ্র কৰিয়েই ইথি’পিয়াৰ বিৰুদ্ধে আফ্রিকাৰ বিভিন্ন দেশত ক্ষোভৰ উদ্গীৰণ ঘটিব পৰে৷ অর্থাৎ এই যুদ্ধক কেন্দ্র কৰিয়েই এক দীর্ঘস্থায়ী অস্থিৰতাৰ সৃষ্টি হ’ব পাৰে৷ ইয়াৰ উপৰি যুদ্ধৰ বাবে বিভিন্ন দেশে ইথি’পিয়াৰ পৰা নিজ নিজ নাগৰিকসকলক গৃহভূমিলৈ ওভতাই নিয়াৰ পিছত দেশখনৰ দুর্গত লোকসকললৈ আন্তর্জাতিক সাহায্য প্রেৰণতো এক অনিশ্চয়তাৰ সৃষ্টি হ’ব৷ যিটো আফগানিস্তানৰ ক্ষেত্রত হৈছে, সেই একেই পৰিস্থিতি যদি ইথি’পিয়াৰ ক্ষেত্রত ঘটে, তেন্তে প্রায় আধা কোটি লোকৰ জীৱনলৈ নামি আহিব দুর্ভিক্ষ৷ এনে পৰিস্থিতিৰ সৃষ্টি নহ’বলৈ হ’লে ইথি’পিয়াৰ সেনা আৰু টি পি এল এফৰ মাজত চলা যুদ্ধ শীঘ্রে বন্ধ কৰিবলৈ ৰাষ্ট্রসংঘৰ নেতৃত্বত সবল উদ্যোগ গ্রহণৰ প্রয়োজন আছে৷ যুদ্ধসৃষ্ট বিভীষিকাই অকল এখন দেশতে অস্থিৰতাৰ সৃষ্টি নকৰে, তাৰ দানৱীয় হিংস্রতাই সমগ্র পৃথিৱীতে অশান্তিৰ সৃষ্টি কৰে৷ তাক এই মুহূর্তত মর্মে মর্মে উপলব্ধি কৰা উচিত বিশ্ব নেতৃত্বই৷

You might also like