নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ’ বাইডেনৰ ‘গণতন্ত্রৰ সন্মিলন’ত অংশগ্রহণ কৰিব নৰেন্দ্র মোদীয়ে

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ আগন্তুক ৯ আৰু ১০ ডিচেম্বৰত আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে আয়োজন কৰিবলৈ ওলোৱা দুখনকৈ ‘গণতন্ত্রৰ সন্মিলন’ত অংশগ্রহণ কৰিব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীক গণতন্ত্রৰ এই সন্মিলনত অংশগ্রহণ কৰাৰ বাবে ইতিমধ্যে আমন্ত্রণ জনাইছে আমেৰিকাৰ শীর্ষ নেতাগৰাকীয়ে৷ ভার্চুৱেলী অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনলৈ অৱশ্যে বাইডেনে আমন্ত্রণ জনোৱা নাই চীনৰ ৰাষ্ট্রপতি ঝি জিন পিং আৰু ৰাছিয়াৰ শীর্ষ নেতা ভ্লাডিমিৰ পুটিনক৷ এই সন্মিলনে বিভিন্ন দেশৰ ৰাষ্ট্র নেতাসকলক ঐক্যবদ্ধ কৰাৰ উপৰি নাগৰিক সমাজ তথা ব্যক্তিগত খণ্ডৰ সম্পর্কক সুদৃঢ় কৰিব বুলি ধাৰণা কৰা হৈছে৷ মার্কিন বিদেশ দপ্তৰে ইতিমধ্যে এই সন্মিলনৰ জৰিয়তে বিশ্বজুৰি গণতান্ত্রিক শক্তিসমূহৰ মাজত সমন্বয় গঢ়ি উঠিব বুলি আশা কৰিছে৷

You might also like