ডেল্টাৰ বিৰুদ্ধেও কার্যকৰী ক’ভিশ্বিল্ড
নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ ক’ভিশ্বিল্ড ভেকচিন ক’ৰোনাৰ মধ্যম তথা অতিসংক্রমণৰ ক্ষেত্রত কার্যকৰী হৈছে৷ শেহতীয়াকৈ চিকিৎসা জার্নাল লেনছেটত প্রকাশ পাইছে এই তথ্য৷ ডেল্টা ভেৰিয়েণ্টৰ ক্ষেত্রতো ক’ভিশ্বিল্ড কার্যকৰী বুলি প্রমাণিত হৈছে৷ এপ্রিল, মে’ মাহত ভাৰতত ক’ভিড সংক্রমণ দ্রুত হৈ পৰিছিল৷ সেই সময়ত ক’ভিশ্বিল্ডৰ কার্যকাৰিতা নিৰীক্ষণ কৰিছে লেনছেটে৷ লেনছেটৰ তথ্য অনুসৰি যিসকলে ক’ভিশ্বিল্ডৰ দুয়োটা ড’জ লৈছে তেওঁলোকৰ ৬৩ শতাংশৰ ওপৰত এই ভেকচিন কার্যকৰী বুলি প্রমাণিত হৈছে৷ জার্নালখনত প্রকাশ পোৱা তথ্য মতে ক’ভিডৰ মধ্যম তথা গুৰুতৰ পর্যায়ৰ সংক্রমণৰ বিৰুদ্ধে এই ভেকচিন ৮১ শতাংশ কার্যকৰী বুলি প্রামাণিত হৈছে৷