নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাপ্তবয়স্ক নোহোৱালৈ সন্তানৰ ভৰণ–পোষণৰ দায়িত্ব পিতৃৰ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ  সন্তান প্রাপ্তবয়স্ক নোহোৱাপর্যন্ত তেওঁৰ ভৰণ–পোষণৰ দায়িত্ব পিতৃয়ে গ্রহণ কৰিব লাগিব৷ স্বামী–স্ত্রীৰ বিবাদ সংক্রান্তীয় এটা গোচৰৰ ৰায়দান কৰি বৃহস্পতিবাৰে দেশৰ শীর্ষ আদালতে এই কথা ঘোষণা কৰিছে৷ বিচাৰপতি এম এ শ্বাহ আৰু এ এছ বোপান্নাৰ বিচাৰপীঠে উল্লেখ কৰিছে যে স্বামী–স্ত্রীৰ বিচ্ছেদ ঘটিলেও সন্তানৰ ভৱিষ্যৎ যাতে অনিশ্চিত হৈ নপৰে, তাক নিশ্চিত কৰিবলৈ এই ৰায় প্রদান কৰা হৈছে৷ ভাৰতীয় সেনাৰ এক বিষয়া আৰু তেওঁৰ স্ত্রীৰ বিচ্ছেদ পর্বৰ পিছত সন্তানৰ দায়িত্বক লৈ সৃষ্টি হৈছিল অনিশ্চয়তা৷ ২০০৫ চনত সেনা বিষয়াগৰাকী বিবাহপাশত আবদ্ধ হৈছিল৷ ২০১১ চনত দাম্পত্য জীৱনত আহি পৰা বিবাদৰ বাবে স্বামী–স্ত্রীয়ে পৃথকে থাকিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পিছত আইনী বিবাহ বিচ্ছেদ ঘটে৷ ১৪৪ ধাৰা প্রয়োগ কৰি বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ ভৰণ–পোষণৰ বাবে ৫০ হাজাৰ টকা দিবলৈ পাৰিবাৰিক আদালত আৰু উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সেনা বিষয়াগৰাকীক নির্দেশ দিয়া হৈছিল৷ আজি এই গোচৰটোৰ চূড়ান্ত ৰায়দান কৰে উচ্চতম ন্যায়ালয়ে ।

You might also like