যৌন আতিশয্যৰ অভিযোগৰ তদন্তৰ সন্মুখীন অষ্ট্রেলিয়াৰ মন্ত্রী
নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ অষ্ট্রেলিয়াৰ সংসদত সংঘটিত ভয়াৱহ যৌন আতিশয্যৰ ঘটনাক লৈ দেশখনত অস্থিৰতা অব্যাহত থকাৰ সময়তে এগৰাকী মন্ত্রী তদন্তৰ সন্মুখীন হৈছে৷ অষ্ট্রেলিয়া কেবিনেটৰ পৰা মন্ত্রীগৰাকীয়ে আঁতৰি থাকিব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ ৰাছেল মিলাৰ নামৰ মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে ২০১৭ চনত শিক্ষামন্ত্রী এলান টাজে তেওঁৰ ওপৰত যৌন আতিশয্য চলাইছিল৷ মন্ত্রীগৰাকীয়ে এই অভিযোগ সম্পূর্ণ মিছা বুলি উল্লেখ কৰিছে যদিও প্রধানমন্ত্রী স্কট মৰিছনে তদন্ত আৰম্ভ হোৱাৰ সময়ত মন্ত্রীগৰাকীয়ে কেবিনেটৰ পৰা আঁতৰি থাকিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷ উল্লেখনীয় যে ২০১৭ চনত ৰাছেল মিলাৰ আছিল মন্ত্রী টাজৰ প্রেছ সচিব৷