নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেতৃত্ব কোনো ব্যক্তিৰ ঈশ্বৰপ্রদত্ত অধিকাৰ হ’ব নোৱাৰেঃ প্রশান্ত

ৰাহুলক কটাক্ষ নির্বাচন বিশেষজ্ঞৰ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ কংগ্রেছ নেতৃত্ব তথা ৰাহুল গান্ধীৰ বিৰুদ্ধে শেহতীয়াকৈ ক্ষুৰধাৰ মন্তব্য আগবঢ়াইছে নির্বাচন বিশেষজ্ঞ প্রশান্ত কিশোৰে৷ কিশোৰে উল্লেখ কৰে যে বিগত ১০ বছৰত কংগ্রেছ ৯০ শতাংশ নির্বাচনত পৰাজিত হৈছে৷ এনে পৰিস্থিতিত কোনেও কংগ্রেছৰ নেতৃত্বত ঈশ্বৰপ্রদত্ত উত্তৰাধিকাৰী দাবী কৰিব নোৱাৰে৷ নাম উল্লেখ নকৰাকৈয়ে ৰাহুল গান্ধীক লৈ এই কটাক্ষ যে কিশোৰে কৰিছে সেয়া সকলোৰে বোধগম্য৷ লক্ষণীয়ভাৱে দলত কোনো ব্যক্তিৰ ঈশ্বৰপ্রদত্ত অধিকাৰ নাই বুলি প্রশান্ত কিশোৰে মন্তব্য আগবঢ়োৱাৰ লগে লগে কংগ্রেছৰ অভ্যন্তৰত সৃষ্টি হৈছে ধুমুহা৷ কংগ্রেছৰ নীতি আৰু আদর্শ বিৰোধী শিবিৰৰ বাবে প্রয়োজন বুলি উল্লেখ কৰি কিশোৰে কয় যে নেতৃত্বৰ দুর্বলতাৰ বাবে বিগত ১০ বছৰত ক্রমাগতভাৱে ব্যর্থ হৈ আহিছে দলটো৷ গতিকে সন্মিলিত বিৰোধী শিবিৰৰ নেতা কোন হ’ব, সেয়া গণতান্ত্রিক প্রক্রিয়াৰে নির্ণয় হোৱা উচিত বুলি দাবী কৰিছে কিশোৰে৷ আজি এক টুইটাৰ বার্তাত প্রশান্ত কিশোৰে উল্লেখ কৰে যে শক্তিশালী বিৰোধী শক্তিৰ বাবে কংগ্রেছৰ নীতি আৰু আদর্শ প্রয়োজনীয়৷ কিন্তু নেতৃত্ব কাৰো ঈশ্বৰপ্রদত্ত অধিকাৰ নহয়৷ নেতৃত্ব ঠিক হ’ব লাগিব গণতান্ত্রিক পদ্ধতিত৷ দেশজুৰি বিজেপিবিৰোধী মহাজোঁট গঠনৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে প্রচেষ্টা চলাই থকাৰ সময়তে কংগ্রেছক প্রশান্ত কিশোৰে ক্ষুৰধাৰ সমালোচনা কৰা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে৷

You might also like