নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক ইনিংছত ১০ উইকেট লৈ ইতিহাস আজাজৰ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: সুদীর্ঘ ২২ বছৰৰ মূৰত টেষ্ট ক্রিকেটৰ এটা ইনিংছত ১০ উইকেট দখলেৰে ইতিহাস ৰচিছে নিউজিলেণ্ডৰ উদীয়মান বাঁওহতীয়া স্পীনাৰ আজাজ পেটেলে৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত চলি থকা দ্বিতীয় তথা অন্তিম টেষ্টৰ শনিবাৰে দ্বিতীয় দিনা ৩৩ বছৰীয়া প্রতিভাৱান স্পীনাৰগৰাকীয়ে ভাৰতীয় ইনিংছৰ আটাইকেইটা উইকেট দখল কৰি অনন্য কৃতিত্বৰ অধিকাৰী হয়৷ এটা ইনিংছত আটাইকেইটা উইকেট দখল কৰা তেওঁ হ’ল বিশ্বৰ তৃতীয়গৰাকী বলাৰ৷ ইয়াৰ পূর্বে ১৯৫৬ত ইংলেণ্ডৰ জিম লেকাৰ আৰু ১৯৯৯ত ভাৰতৰ কিংবদন্তি লেগ স্পীনাৰ অনিল কুম্বলেই এই বিৰল কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছিল৷ জিম লেকাৰে অষ্ট্রেলিয়াৰ বিৰুদ্ধে ৫৩ ৰান আৰু কুম্বলেই দিল্লীত পাকিস্তানৰ বিৰুদ্ধে ৭৪ ৰানৰ বিনিময়ত ইনিংছৰ আটাইকেইটা উইকেট দখল কৰি টেষ্ট ক্রিকেটৰ ইতিহাসত নতুন কীর্তি স্থাপন কৰিছিল৷

মন কৰিবলগীয়া যে জিম লেকাৰ আৰু অনিল কুম্বলেৰ পিছত বিশ্বৰ তৃতীয়গৰাকী বলাৰ হিচাপে এটা ইনিংছত ১০টা উইকেট দখল কৰা নিউজিলেণ্ডৰ আজাজ পেটেলে ১৯৮৮ৰ অক্টোবৰত মুম্বাইত জন্মগ্রহণ কৰিছিল৷ ১৯৯৬ চনত পৰিয়ালৰ সৈতে নিউজিলেণ্ডলৈ যোৱা প্রতিভাৱান খেলুৱৈগৰাকীয়ে পৰৱর্তী সময়ত নিউজিলেণ্ডৰ ঘৰুৱা ক্রিকেট প্রতিযোগিতাত চমকপ্রদ প্রদর্শনেৰে ছিনিয়ৰ দলত স্থান লাভ কৰে৷ ৩ বছৰ ধৰি দেশখনৰ প্রথম শ্রেণীৰ ক্রিকেটত সর্বাধিক উইকেট দখল কৰাৰ পিছত ২০১৮ৰ জুলাইত তেওঁ নিউজিলেণ্ড দলত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ কেৰিয়াৰ একাদশ টেষ্ট মেচ খেলা পেটেলে আজি ১১৯ ৰানৰ বিনিময়ত ১০ উইকেট দখল কৰে৷

You might also like