২৬ ডিচেম্বৰৰ পৰা প্রথম টেষ্টঃ এসপ্তাহ পলমকৈ দঃ আফ্রিকালৈ যাব ভাৰত
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: মহামাৰী ক’ভিড–১৯ৰ নতুন ৰূপ অ’মিক্রনৰ প্রাদুর্ভাৱৰ ফলত অনিশ্চয়তাৰ গৰাহত সোমাই পৰা টীম ইণ্ডিয়াৰ আগন্তুক দক্ষিণ আফ্রিকা ভ্রমণৰ সূচী অৱশেষত চূড়ান্ত হ’ল৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে কালি কলকাতাত অনুষ্ঠিত বার্ষিক সাধাৰণ সভাত টীম ইণ্ডিয়াৰ আগন্তুক দক্ষিণ আফ্রিকা ভ্রমণৰ সূচী নতুনকৈ নির্ধাৰণ কৰে৷ সেই অনুসৰি টীম ইণ্ডিয়াই অহা ১৭ ডিচেম্বৰৰ পৰিৱর্তে ২৬ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে প্রথম টেষ্ট খেলিব৷
বিচিচিআইৰ সচিব জয় শ্বাহে সকলো অনিশ্চয়তাৰ অন্ত পেলাই জানিবলৈ দিয়ে যে ভাৰতে এসপ্তাহ পলমকৈ দক্ষিণ আফ্রিকালৈ উৰা মাৰিব৷ এই ভ্রমণকালত দল দুটাই তিনিখন টেষ্ট আৰু তিনিখন এদিনীয়া মেচৰ শৃংখলা খেলিব৷ অৱশ্যে পূর্বনির্ধাৰিত টি–২০ শৃংখলা সাময়িকভাৱে স্থগিত ৰখা হৈছে আৰু পৰৱর্তী সময়ত এই শৃংখলাৰ সূচী নির্ধাৰণ কৰা হ’ব বুলি ব’র্ডে সদৰী কৰিছে৷ ইফালে, প্রথম দুখন টেষ্ট জোহান্সবার্গ আৰু প্রিট’ৰিয়াৰ পৰিৱর্তে অন্য স্থানত অনুষ্ঠিত হ’ব বুলিও ব’র্ডে জানিবলৈ দিছে৷