নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মৰেল পুলিচ’ৰ দাদাগিৰি

ৰাজপথত এদল উদণ্ড লোকে ২৯ নৱেম্বৰত সংঘটিত কৰা বর্বৰ কাণ্ডই লজ্জানত কৰিছে অসমৰ বৌদ্ধিক চিন্তা–চর্চাৰ প্রাণকেন্দ্র যোৰহাটবাসীক৷ গোলাঘাট জিলাৰ খকন্দগুৰি গাঁৱৰ যুৱক তথা আছুৰ ব্রহ্মপুত্র আঞ্চলিকৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক দিন–দুপৰতে ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাক লৈ ৰাজ্যজুৰি তুমুল প্রতিক্রিয়া হৈছে৷ ছাত্র নেতাজনে তেওঁৰ দুই বন্ধু ক্রমে প্রণৱ দত্ত আৰু মৃদুষ্মন্ত বৰুৱাৰ স’তে যোৰহাটৰ বজাৰলৈ অহাৰ পথত এজন দুর্ঘটনাগ্রস্ত লোকক সহায় কৰিবলৈ যাওঁতেই সংঘটিত বর্বৰ ঘটনাই প্রতিজন সচেতন লোকক চিন্তিত কৰি তুলিছে৷ দোষ–ত্রুটি বিচাৰ নকৰাকৈ ৰাজপথত হিংসাৰ ঘটনা দিনকদিনে বৃদ্ধি হৈছে৷ সময়ৰ পৰিৱর্তনৰ লগে লগে আমাৰ সমাজত শিক্ষাগ্রহণ কৰা লোকৰ হাৰ বৃদ্ধি হৈছে যদিও সমাজখনক উপকৃত কৰাৰ জোখাৰে আমি কিমান শিক্ষিত হৈছোঁ তাক লৈ এতিয়া প্রশ্ণৰ উদয় হৈছে৷ ছাত্র নেতা অনিমেষ ভূঞাক যিদৰে মৰিয়াই মৰিয়াই হত্যা কৰা হ’ল, তেওঁৰ দুই বন্ধুক যিদৰে ঘুণীয়া কৰা হ’ল, তাৰ পাছত ৰাজপথত সমস্যাত পৰা লোকসকলক সহায় কৰিবলৈ হয়তো বহুতেই ভয় খাব৷ পথ যোগাযোগ ব্যৱস্থাৰ সম্প্রসাৰণৰ লগে লগে পূর্বৰ তুলনাত দুর্ঘটনাৰ সংখ্যাও বৃদ্ধি হৈছে৷ প্রতি বছৰে দেশত সহস্রাধিক লোকৰ দুর্ঘটনাত মৃত্যু হয় আৰু চিৰজীৱনৰ বাবে ঘুণীয়া হয়৷ দুর্ঘটনাত আহত লোকসকলৰ জীৱনদানৰ ক্ষেত্রত নির্ণায়ক ভূমিকা গ্রহণ কৰি ঘটনাস্থলীত উপস্থিত থকা লোকসকলৰ উপৰি ৰাজপথেৰে অহা–যোৱা কৰা সচেতন ব্যক্তিসকলে৷ আইন–আদালতৰ জামেলাত পৰাৰ আশংকাত বহুলোকে সন্মুখত ঘটা দুর্ঘটনা অথবা দুর্ঘটনাত আহত লোকসকলক এলাগী কৰা লোকৰ সংখ্যাও আমাৰ সমাজত কম নহয়৷ ৰাজপথক বাদ দি আমি কোনেও স্বাভাৱিক জনজীৱন বর্তাই ৰাখিব নোৱাৰোঁ৷ সেয়ে ৰাজপথ সুচল আৰু সুৰক্ষিত কৰি স্বাভাৱিক জনজীৱন অব্যাহত ৰাখিবলৈ হ’লে আমি প্রত্যেকেই সজাগ–সচেতন হ’বই লাগিব৷ বিগত কিছু বছৰৰ পৰা লক্ষ্য কৰা হৈছে যে ৰাজপথত বাছ–বিচাৰ নকৰাকৈ হিংসাৰ ঘটনা বৃদ্ধি হৈছে৷ বিশেষকৈ দুর্ঘটনা এটা সংঘটিত হ’লেই এনে হিংসাৰ ঘটনা সঘনেই সংঘটিত হয়৷ যোৰহাটৰ ৰাজপথত সংঘটিত পৈশাচিক কাণ্ডৰ বাবে বৌদ্ধিক চিন্তা–চর্চাৰ প্রাণকেন্দ্রক জগৰীয়া কৰাৰ এক অশুভ প্রচাৰ চলোৱা হৈছে৷ বিশেষকৈ ছ’চিয়েল মিডিয়াত ইয়াৰ একপক্ষীয় অপপ্রচাৰ হৈছে৷ ৰাজপথত সংঘটিত এটি ক্ষণিক সময়ৰ পাশৱিক ঘটনাৰ বাবে যোৰহাটবাসীক সামগ্রিকভাৱে জগৰীয়া কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে৷ ৰাজ্যখনৰ বিভিন্ন ঠাইত ৰাজপথত নির্বিচাৰে হিংসাত্মক ঘটনা ঘটিয়েই আছে৷ এনে বিক্ষিপ্ত ঘটনাৰ বাবে অঞ্চলটোক অপৰাধীৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ চলোৱা যিকোনো অপচেষ্টা প্রতিহত কৰিবই লাগিব৷
ৰাজপথত নৃশংস হিংসাৰ ঘটনা কিয় বৃদ্ধি পাইছে? আমাৰ সমাজত ‘মৰেল পুলিচ’ৰ উপদ্রৱ কিয় বাঢ়িছে, তাৰ যুক্তিনিষ্ঠ বিশ্লেষণ কৰাৰ অতিকৈ প্রয়োজন হৈছে৷ যোৰহাটৰ ৰাজপথত সংঘটিত নৃশংস ঘটনাৰ পাছত চহৰখনৰ সর্বশ্রেণীৰ লোক জাগ্রত হৈছে৷ ৰাজ্য চৰকাৰেও এইক্ষেত্রত বিশেষ তৎপৰতা গ্রহণ কৰিছে৷ এই ঘটনাত জড়িত ১৪জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰ ভিতৰত অনিমেষ ভূঞা আৰু তেওঁৰ দুই বন্ধুৰ ওপৰত চলোৱা অমানুষিক নির্যাতনৰ মূল খলনায়ক মোহন চন্দ্র দাসো আছে৷ এই ঘটনাত অভিযুক্ত ক’লা ল’ৰাৰ দুর্ঘটনাত মৃত্যু হৈছে৷ যোৰহাটৰ এই নাৰকীয় ঘটনাত অভিযুক্ত লোকসকলৰ হৈ জিলাখনৰ অধিবক্তাসকলে আইনী সহায় নকৰাৰ সিদ্ধান্ত লৈছে৷ ৰাজপথত চলি থকা নির্বিচাৰ হিংসাৰ ঘটনা কঠোৰ হাতেৰে দমন কৰিবলৈ হ’লে এইক্ষেত্রত অভিযুক্তসকলক কঠোৰ শাস্তি বিহিবই লাগিব৷ ডিফুত ৰাজপথত ঝংকাৰ শইকীয়া নামৰ যুৱকজনক বিনাদোষত নৃশংসভাৱে হত্যা কৰাৰ পাছতো হত্যাকাৰীসকলে শাস্তি লাভ কৰা নাই৷ একেদৰে অভি–নীল হত্যাকাণ্ডৰো বিচাৰ ফার্ষ্টট্রেক আদালতত কৰা হ’ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰা সত্ত্বেও তিনি বছৰে বিচাৰ চলিয়েই আছে৷ মাথোঁ অভি–নীল, ঝংকাৰ শইকীয়াই নহয় ৰাজপথৰ হিংসাত যিসকল লোক নিহত হৈছে, সেইসকলৰ পৰিয়ালে এতিয়াও ন্যায় লাভ কৰা নাই৷ আৰক্ষীৰ অনুসন্ধান আৰু ন্যায়িক বিচাৰ প্রক্রিয়াক লৈ সমাজৰ অধিকাংশ লোক আশ্বস্ত নহয়৷ প্রভাৱশালী অপৰাধী চক্রই আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ আশংকা এতিয়া সাধাৰণ ৰাইজৰ মন–মগজুত সোমাই আছে৷ ফলত ৰাজপথৰ নির্বিচাৰ হিংসা তথা মৰেল পুলিচৰ উপদ্রৱ বঢ়াৰ আশংকাও নুই কৰিব নোৱাৰি৷ কিন্তু এখন হিংসাবর্জিত সুস্থ–সবল সমাজ গঢ়িবলৈ হ’লে ‘মৰেল পুলিচ’ৰ এনে আতিশয্য বন্ধ হ’বই লাগিব৷ ইয়াৰ বাবে অসম আৰক্ষীকে ধৰি অনুসন্ধানকাৰী সংস্থাসমূহক আৰু অধিক সক্রিয় কৰাত গৃহ বিভাগে গুৰুত্ব দিব লাগিব৷ গুৰুতৰ অপৰাধৰ গোচৰসমূহৰ বিজ্ঞানসন্মত অনুসন্ধান আৰু অভিযোগনামা দাখিলৰ ক্ষেত্রতো সময়সীমা নির্ধাৰণ কৰি দিয়া উচিত৷ তদুপৰি এইক্ষেত্রত কঠোৰ আইন বলৱৎ কৰাৰো প্রয়োজন হৈছে৷

You might also like