নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্রনৰ সংক্রমণক লৈ বিশ্বজুৰি পুনৰ আতংকৰ সৃষ্টি হোৱাৰ সময়তে ৰাজ্যত দ্রুতগতিৰে আগবঢ়াই নিয়া হৈছে ক’ভিড ভেকচিন প্রক্রিয়া৷ ৰাজ্যত ক’ভিড ভেকচিন প্রদান প্রক্রিয়া সম্পূর্ণ কৰাৰ লক্ষ্যৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে গ্রহণ কৰিছে বিশেষ পদক্ষেপ৷ হৰ ঘৰ দস্তক কার্যসূচীৰ অধীনত গাঁৱে–ভূঞে, পথাৰে–সমাৰে ভেকচিন প্রদান কৰাৰ পিছত এইবাৰ দ্বিতীয় পালি ভেকচিন প্রদানৰ বাবে বিশেষ অভিযান গ্রহণ কৰা হৈছে৷
আজিৰ পৰা দুদিনীয়াকৈ ক’ভিডৰ দ্বিতীয় পালি ভেকচিনৰ বিশাল অভিযান আৰম্ভ কৰিব স্বাস্থ্য বিভাগে৷ দুয়ো পালি ভেকচিন প্রদানেৰে ৰাজ্যবাসীক ক’ভিডৰ পৰা সম্পূর্ণ সুৰক্ষিত কৰাৰ বাবে স্বাস্থ্য বিভাগে গ্রহণ কৰিছে এই অভিযান৷ ইয়াৰ অধীনত ১৬ ছেপ্টেম্বৰ অথবা তাৰ পূর্বে ক’ভিশ্বিল্ড আৰু ১১ নৱেম্বৰৰ পূর্বে ক’ভাক্সিনৰ প্রথম পালি গ্রহণ কৰা ব্যক্তিসকলক আজিৰ পৰা দ্বিতীয় পালি ভেকচিন প্রদান কৰা হ’ব৷ উক্ত সময়ত প্রথম পালি গ্রহণ কৰা ব্যক্তিসকলে তেওঁলোকৰ নিকটতম চি ভি চিত আহি দ্বিতীয় পালি ভেকচিন গ্রহণ কৰিব পাৰিব৷
উল্লেখ্য যে হৰ ঘৰ দস্তক অভিযানৰ জৰিয়তে এসপ্তাহজোৰা বিশেষ টিকাকৰণ অভিযান চলাইছিল স্বাস্থ্য বিভাগে৷ স্বাস্থ্যকর্মীসকলে ঘৰে ঘৰে গৈ যোগ্য লোকসকলক ভেকচিন প্রদান কৰিছে৷