নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত জিলা জনগোষ্ঠীয় কবি সমাৰোহ
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতি সহযোগত আজি নগাঁও জিলা সাহিত্য সভাৰ কমলাদেবী তোদী ভৱনত জনগোষ্ঠীয় কবি সমাৰোহ অনুষ্ঠিত হয়। ‘ৰঙাজিয়া’ৰ কবি প্ৰয়াত মহিম বৰাৰ প্ৰাক জন্ম শতবৰ্ষ উপলক্ষে অনুষ্ঠিত এই কবি সমাৰোহ উদ্ধোধন কৰে নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি থগিত মহন্তই। আদৰণি ভাষণ প্ৰদান কৰে কবি সন্মিলন উপ সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ শইকীয়াই। জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা কবি সমাৰোহ সঞ্চালনা কৰে হোজাই জিলা সাহিত্য সভাৰ সভাপতি ড° গুণেশ্বৰ শইকীয়াই। কবি সমাৰোহত ডিমাছা কবি পদ্মিনী দাউলা ডিপু, কাৰ্বি কবি মনিকা তেৰাংপী, তিৱা কবি বাদল পাটৰ, বিজন পাটৰ, অনুকোঁৱৰ সিংহ, চাহ জনগোষ্ঠীয় কবি সুনিল গৌড়, দিলীপ বৰাইক, মণিপুৰী কবি ৰেনুকা দেৱী, মীনা সিনহা, মিছিং কবি জিতেন নৰহ, নয়ন লিগাং আদি বিভিন্ন জনগোষ্ঠীয় কবি সকলে স্বৰচিত কবিতা পাঠ কৰে। প্ৰত্যেক গৰাকী কবিয়ে নিজৰ নিজৰ ভাষাত ৰচনা কৰা কবিতা পাঠ কৰে।
তদুপৰি নগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সমিতি সমূহৰ দুগৰাকীকৈ কবিৰ লগতে আমন্ত্ৰিত কবি সহ শতাধিক কবিয়ে কবিতা পাঠ কৰি সাহিত্য সভাৰ মজিয়া জীপাল কৰি তোলে। কবিতা পাঠ অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই ভাষণ প্ৰদান কৰি কয়- কবি সকলে সাহিত্য চৰ্চা কৰি এক মহৎ কাম কৰিছে। অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ভবেশ মেধি, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, প্ৰাক্তন সম্পাদক শৰৎ শইকীয়া কোষাধ্যক্ষ কুমুদ বৰা আদিয়ে অংশগ্ৰহণ কৰে। কবি সমাৰোহ সঞ্চালনা কৰি দিয়া ভাষণত সঞ্চালক ড° গুণেশ্বৰ শইকীয়াই কয়- বিভিন্ন জনগোষ্ঠীৰ কবি একত্ৰিত হৈ কবিতা পাঠ কৰা অনুষ্ঠানে আমাৰ মাজত সমন্বয় সৃষ্টি কৰিছে । সমন্বয়ৰ আধাৰত আমাৰ জাতিটোক শক্তিশালী কৰিব লাগিব। কবি সন্মিলন উপ সমিতিৰ আহ্বায়ক বিচিত্ৰ নাৰায়ণ বৰাই আতধৰা কবিতা পাঠ অনুষ্ঠান সহযোগিতা কৰে কবি দিপ্তী বৰাই। অনুষ্ঠানত কেবাগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰে।