নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদী কেবিনেটৰ ঐতিহাসিক সিদ্ধান্তঃ ছোৱালীৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ লিংগ সমতা আৰু লিংগ সবলীকৰণক লৈ কেন্দ্রীয় চৰকাৰৰ এক ঐতিহাসিক পদক্ষেপ৷ দেশত ছোৱালীৰ বিবাহৰ আইনী বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধিৰ প্রস্তাৱত অনুমোদন কেন্দ্রীয় কেবিনেটৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ছোৱালীৰ বিবাহৰ আইনী বয়স ২১ বছৰলৈ বৃদ্ধিত অনুমোদন জনোৱাৰ লগে লগে ছোৱালীৰ বিবাহৰ আইনী বয়স ২১লৈ বৃদ্ধি হোৱাৰ পথ প্রশস্ত হ’ল৷ বর্তমান ছোৱালীৰ বিবাহৰ বয়স ১৮ বছৰৰ পৰিৱর্তে ২১ বছৰলৈ বৃদ্ধিৰ প্রস্তাৱত কেন্দ্রীয় কেবিনেটে অনুমোদন জনায়৷ সমতা পার্টীৰ প্রাক্তন মুৰব্বী জয়া জেটলি নেতৃত্বাধীন নিটি আয়োগ টাস্ক ফ’চৰ অনুমোদিত ছোৱালীৰ বিবাহৰ আইনী বয়স ১৮ৰ পৰা ২১লৈ বৃদ্ধিৰ প্রস্তাৱত কেন্দ্রীয় কেবিনেটে অনুমোদন জনাইছে৷

জয়া জেটলিৰ নেতৃত্বাধীন চাৰিজনীয়া কমিটীয়ে ছোৱালীৰ বিবাহৰ বয়স ১৮ৰ সলনি ২১ বছৰলৈ বৃদ্ধি কৰাৰ প্রতিবেদন বিগত বর্ষৰ ডিচেম্বৰ মাহতে প্রধানমন্ত্রীৰ কার্যালয়, মহিলা আৰু শিশু বিকাশ মন্ত্রালয় আৰু নিটি আয়োগৰ ওচৰত দাখিল কৰিছিল৷ নিটি আয়োগৰ টাস্ক ফ’চৰ সেই প্রতিবেদন কালি কেবিনেট বৈঠকত বিতং আলোচনাৰ অন্ততঃ ছোৱালীৰ বিবাহৰ আইনী বয়স ২১ বছৰলৈ বৃদ্ধিৰ প্রস্তাৱত মোহৰ মাৰে৷

তথ্য মতে, কেন্দ্রীয় কেবিনেটে অনুমোদন জনোৱা ছোৱালীৰ বিবাহৰ আইনী বয়স ২১ বছৰলৈ বৃদ্ধি শীঘ্রেই দেশত বলৱৎ কৰাৰ লক্ষ্যৰে চলিত সংসদৰ শীতকালীন অধিৱেশনতেই চৰকাৰে শিশু বিবাহ আইন নিষেধাজ্ঞা–২০০৬ সংশোধনৰ বাবে বিধেয়ক উত্থাপন কৰিব৷ নিটি আয়োগৰ টাস্ক ফ’চত জয়া জেটলিৰ উপৰি নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ড০ ভি কে পল, উচ্চতৰ শিক্ষা, বিদ্যালয় শিক্ষা, স্বাস্থ্য, মহিলা আৰু শিশু উন্নয়ন মন্ত্রালয়ৰ সচিবৰ উপৰি শিক্ষাবিদ নাজমা আখতাৰ, বসুধা কামাট আৰু দীপ্তি শ্বাহ আছে৷ ছোৱালীৰ বিবাহৰ আইনী বয়স ২১ বছৰলৈ বৃদ্ধি সন্দর্ভত জয়া জেটলিয়ে কয়– আমি প্রতিটো ক্ষেত্রতে লিংগ সমতা আৰু লিংগ সবলীকৰণক লৈ আলোচনা কৰোঁ৷ কিন্তু বিবাহৰ ক্ষেত্রত ইয়াৰ সম্পূর্ণ বিপৰীত৷ ছোৱালী এজনীক ১৮ বছৰতে বিবাহত আবদ্ধ কৰাই ছোৱালীজনীক শিক্ষাৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰা হয়৷ ইয়াৰ বিপৰীতে ল’ৰা এজনক ২১ বছৰ বয়সৰ পাছত বিবাহৰ অনুমতি দিয়া হৈছে৷

সম্প্রতি ছোৱালীও সকলো ক্ষেত্রতে আগবাঢ়ি গৈ আছে৷ পৰিয়ালৰ উপার্জনৰ সদস্য হ’ব পাৰে৷ গতিকে এই বাবেই ল’ৰাৰ সমানে ছোৱালীৰো বিবাহৰ আইনী বয়স ২১ হোৱাটো দৰকাৰ৷ কেন্দ্রীয় কেবিনেটে ছোৱালীৰ বিবাহৰ আইনী বয়স ২১লৈ বৃদ্ধিৰ প্রস্তাৱত অনুমোদন জনোৱাৰ পাছত কেন্দ্রীয় চৰকাৰে শিশু বিবাহ প্রতিবন্ধকতা আইন, বিশেষ বিবাহ আইন আৰু হিন্দু বিবাহ আইন সংশোধনৰ জৰিয়তে এই বয়স বৃদ্ধিৰ প্রস্তাৱ আইনত পৰিণত কৰিব৷

উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিগত বর্ষৰ স্বাধীনতা দিৱসৰ ভাষণত মাতৃত্বৰ কাৰণে সঠিক বয়সৰ লগতে বিবাহৰ সঠিক বয়স সন্দর্ভত সংস্কাৰ অনাৰ ঘোষণা কৰিছিল আৰু সেইমর্মে টাস্ক ফ’চ গঠন কৰা হৈছে৷

You might also like