নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রয়োজনত বিদ্যালয়ে নিজাকৈ নিযুক্তি দিব পাৰিব অতিথি শিক্ষক

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে পঞ্চায়ত–গ্রামোন্নয়ন বিভাগ, ফৰেনছিক বিভাগত নতুন নিযুক্তি, অতিথি শিক্ষকৰ নিয়োগ, খুচুৰা বিক্রেতাৰ অনুজ্ঞাপত্র, অসম আন্দোলনৰ ভুক্তভোগীসকলৰ কল্যাণৰ অর্থে গঠিত ন্যাস সমিতিত নতুন সদস্য অন্তর্ভুক্তিকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰী কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই জানিবলৈ দিয়ে যে  এই বৈঠকে প্রাথমিক আৰু মাধ্যমিক খণ্ডৰ চৰকাৰী, প্রাদেশীকৃত আৰু অন্যান্য চৰকাৰী প্রতিষ্ঠান পৰিচালিত বিদ্যালয়ত অতিথি শিক্ষক নিযুক্তিৰ সিদ্ধান্ত গ্রহণ কৰে৷ অতিথি শিক্ষকৰ সেৱাৰ নির্ধাৰিত সময়সীমা এটা বর্ষ হ’ব৷ সেই অনুসৰি এতিয়াৰে পৰা বিদ্যালয়সমূহত অস্থায়ীভাৱে খালী হোৱা পদৰ বিপৰীতে অৱসৰপ্রাপ্ত যোগ্য ব্যক্তিক বিদ্যালয় কর্তৃপক্ষই অস্থায়ীভাৱে নিযুক্তি দিব পাৰিব৷ কোনো শিক্ষকে এমাহতকৈ অধিক দিন ছুটী ল’লে তেনে শিক্ষকৰ পদত এই অস্থায়ী অথবা অতিথি শিক্ষক নিয়োগ কৰিব পাৰিব৷ এনে শিক্ষকক ১০ হাজাৰ টকাকৈ পাৰিতোষিক আগবঢ়োৱা হ’ব৷

আনহাতে, প্রাক্তন ছাত্র–ছাত্রী সংস্থা বা স্বেচ্ছাসেৱী সংগঠনেও সেৱাৰ মনোভাবেৰে অস্থায়ী ৰূপত শিক্ষক নিয়োগ কৰিব পাৰিব৷ ইয়াৰ বাবদ আদায় দিয়া নহয় কোনোধৰণৰ দৰমহা৷  কেবিনেট সিদ্ধান্ত সদৰী কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই জানিবলৈ দিয়া মতে, কালিৰ কেবিনেটে অসম আন্দোলনৰ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে গঠিত ন্যাস সমিতিত দুগৰাকী আছুৰ সদস্য অন্তর্ভুক্তৰ সিদ্ধান্ত গ্রহণ কৰে৷ তদুপৰি এই ন্যাসলৈ বছৰি ৫ কোটি টকা অনুদান দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেটে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ খুচুৰা বিক্রেতাক প্রদান কৰা অনুজ্ঞাপত্রৰ ম্যাদ এবছৰৰ পৰা তিনি বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়৷ ইফালে, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত তৃতীয় আৰু চতুর্থবর্গৰ ১,৩৯১টা পদৰ (তৃতীয়বর্গৰ ১,০৪০টা, চতুর্থবর্গৰ ৩৭৭টা আৰু ১০টা চালকৰ পদ) নিযুক্তিত কালিৰ কেবিনেটে অনুমোদন জনায়৷ কালিৰ বৈঠকে আন এক সিদ্ধান্তমর্মে অসম প্রত্যক্ষ নিযুক্তি আয়োগ–তৃতীয় আৰু চতুর্থবর্গ আইন, ২০২১ বিধেয়কত অনুমোদন জনায়৷ বিধেয়কখনৰ জৰিয়তে চৰকাৰী কার্যালয়ৰ তৃতীয় আৰু চতুর্থবর্গৰ পদত নিযুক্তিৰ বাবে উমৈহতীয়া পৰীক্ষা আৰু প্রার্থী বাছনি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হয়৷

সেই অনুসৰি পদসমূহ পূৰণৰ ক্ষেত্রত চৰকাৰে ৰাজ্যিক পর্যায়ৰ এখন নিয়োগ আয়োগ গঠন কৰিব৷ এপিএছচি সদৃশ গঠন হ’বলগা এই আয়োগৰ দ্বাৰা সকলো তৃতীয় আৰু চতুর্থ শ্রেণীৰ পদসমূহৰ বাবে বাছনি প্রক্রিয়া সম্পূর্ণ কৰিব৷ আনহাতে, কেবিনেটে আজি যুটীয়া সঞ্চালক আৰু উপ–সঞ্চালকৰ পদসমূহক ক্রমান্বয়ে যুটীয়া আয়ুক্ত আৰু সহকাৰী আয়ুক্ত হিচাপে পুনৰ পদবীকৰণত অনুমোদন জনায়৷ কালিৰ কেবিনেট বৈঠকত ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ত ১৪গৰাকী বিজ্ঞানী আৰু ১১গৰাকী কনিষ্ঠ বিজ্ঞানীৰ সাময়িক নিযুক্তিৰ সিদ্ধান্ত গ্রহণ কৰে৷ অহাবর্ষৰ এপ্রিলৰ পূর্বে চাৰিটা নতুন ফৰেনছিক গৱেষণাগাৰ স্থাপনৰ সিদ্ধান্ত লয় আজিৰ কেবিনেটে৷

আনহাতে, কালিৰ কেবিনেট বৈঠকতে সংহত ভূমি ৰেকর্ড ব্যৱস্থাপনা পদ্ধতি (আইএলআৰএমএছ)ৰ অধীনত ২৭খন জিলাক পৰামর্শদাতা নিয়োজিত কৰা আঁচনি পুনৰ নির্মাণৰ সিদ্ধান্ত লয়৷ কেবিনেটে ৰাজ্যিক পর্যায়ৰ আৰক্ষী দায়বদ্ধতা আয়োগৰ ক্ষমতা আৰু কার্যকলাপবোৰ উচ্চতম ন্যায়ালয়ৰ প্রকাশ সিং আৰু অন্যান্য বনাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰৰ ৰায়দানমর্মে সিদ্ধান্ত গ্রহণ কৰাত অনুমোদন জনায়৷ এই উদ্দেশ্যে অসম আৰক্ষী আইন ২০০৭ সংশোধন কৰা হ’ব৷ কেবিনেটে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিদ্যালয় সংশোধনী বিধেয়ক, ২০২১বিধিত অনুমোদন জনায়৷ তদুপৰি আগন্তুক শীতকালীন বিধানসভাত আছাম কেটেল প্রিজাৰভেচন এক্ট উত্থাপনৰো সিদ্ধান্ত লয়৷

You might also like