নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ দেশত প্রথমবাৰৰ বাবে চি আৰ পি এফে গঠন কৰা মহিলা কমাণ্ডোৱে ভি ভি আই পিক সুৰক্ষা প্রদানৰ দায়িত্ব ল’ব৷ ইংৰাজী ২০২২ বর্ষৰ প্রাৰম্ভৰ পৰাই চি আৰ পি এফৰ ৩২জনীয়া প্রথম মহিলা কমাণ্ডোৰ দলটোৱে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিৰাপত্তাৰ দায়িত্ব গ্রহণ কৰিব৷ অর্থাৎ চি আৰ পি এফৰ মহিলা কমাণ্ডোৰ নিৰাপত্তা বেষ্টনীত থাকিব কেন্দ্রীয় গৃহমন্ত্রীগৰাকী৷ গৃহমন্ত্রীৰ উপৰি দেশৰ ভি ভি আই পি, বিশেষকৈ গান্ধী পৰিয়ালৰ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী ভদ্রাকো মহিলা কমাণ্ডোৱে সুৰক্ষা দিব৷ ঠিক তেনেদৰে প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিং আৰু তেওঁৰ পত্নী গুৰচৰণ কৌৰৰ নিৰাপত্তাৰ দায়িত্বত থাকিব মহিলা কমণ্ডো৷
উল্লেখ্য যে দেশৰ ভি ভি আই পি যিসকলক জেড প্লাছ কেটেগৰী নিৰাপত্তা প্রদান কৰা হৈছে, তেনে লোকক এই চি আৰ পি এফৰ মহিলা কমাণ্ডো নিৰাপত্তাৰ দায়িত্বত থাকিব৷ মন কৰিবলগীয়া যে চি আৰ পি এফে ভি ভি আই পিৰ নিৰাপত্তাৰ বাবে ৩২জনীয়া মহিলা কমাণ্ডোৰ দল এটা কঠোৰ প্রশিক্ষণৰ মাজেৰে সাজু কৰি তুলিছে৷ অলপতে ভি ভি আই পি নিৰাপত্তাৰ দায়িত্ব পালন কৰাকে ধৰি বিভিন্ন বিষয়ক কঠোৰ প্রশিক্ষণ মহিলা কমাণ্ডোৰ দলটোৱে সমাপ্ত কৰিছে৷ ১০ সপ্তাহজোৰা কঠোৰ প্রশিক্ষণত সমৰ কলা, বিশেষ অস্ত্র চালনাকে ধৰি বিভিন্ন শাৰীৰিক অনুশীলন সমাপ্ত কৰিছে কমাণ্ডোৰ দলটোৱে৷ কঠোৰ প্রশিক্ষিত মহিলা কমাণ্ডোৰ দলটোক অহা জানুৱাৰীৰ পৰাই ভি ভি আই পিৰ নিৰাপত্তাত মোতায়েন কৰিব৷
অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্রদেশ, পঞ্জাব, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাৰ বিধানসভা নির্বাচনৰ বাবে ভি ভি আই পিৰ প্রচাৰ অভিযানতো মহিলা কমাণ্ডোক মোতায়েন কৰিব৷ এই মহিলা কমাণ্ডোসকলে ভি ভি আই পিৰ নির্ধাৰিত ব্যক্তিসকলৰ গৃহতো সুৰক্ষা প্রদান কৰাত গুৰুত্ব দিব৷ কার্যতঃ ভি ভি আই পিৰ গৃহৰ পৰা ৰাজহুৱা কার্যসূচীলৈকে সকলোতে মহিলা কমাণ্ডোৱে নিৰাপত্তা বেষ্টনী গঢ়ি ৰাখিব৷ লক্ষণীয় যে পুৰুষ কমাণ্ডোৰ দৰেই মহিলা কমাণ্ডোৱেও অত্যাধুনিক অস্ত্র–শস্ত্রৰে সু–সজ্জিত হৈ থাকি ভি ভি আই পিক সুৰক্ষা প্রদান কৰিব৷