নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্টম ভৈৰৱকুণ্ড পর্যটন মহোৎসৱক লৈ উখল–মাখল অসম–অৰুণাচল–ভূটান ত্রিবেণী সংগম

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ অষ্টম ভৈৰৱকুণ্ড পর্যটন মহোৎসৱৰ তৃতীয় দিনাও ওদালগুৰি জিলাৰ অসম–অৰুণাচল প্রদেশ আৰু ভূটানৰ ত্রিবেণী সংগমত বিৰাজ কৰিছে উখল–মাখল পৰিৱেশ৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা শ শ বনভোজ যাত্রীৰ লগতে দেশী–বিদেশী পর্যটকে ভৈৰৱকুণ্ডৰ অনুপম প্রাকৃতিক সৌন্দর্যৰ লগতে অষ্টম ভৈৰৱকুণ্ড মহোৎসৱৰ বর্ণিল কার্যসূচী উপভোগ কৰি মুগ্ধ হৈ পৰা পৰিলক্ষিত হৈছে৷

সৌন্দর্য চর্চা, শৰীৰ চর্চাৰ পৰা আৰম্ভ কৰি দুঃসাহসিক ক্রীডা আৰু বিভিন্ন জনগোষ্ঠীয় লোককৃষ্টিৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ৰক বেণ্ডৰ ৰক শ্ব’ৱে আকর্ষিত কৰিছে শ শ দর্শনার্থীক৷ ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অষ্টম ভৈৰৱকুণ্ড পর্যটন মহোৎসৱৰ তৃতীয় দিনা কার্যসূচী অনুসৰি পুৱা ১০ বজাত থলুৱা খাদ্য সম্ভাৰ প্রস্তুতকৰণ প্রতিযোগিতা মুকলি কৰে ওদালগুৰিৰ অতিৰিক্ত উপায়ুক্ত নীলাক্ষি বৈশ্যই৷ মহিলাসকলৰ খেল–ধেমালি প্রতিযোগিতা মুকলি কৰে ওদালগুৰি নগৰ সমিতিৰ উপাধ্যাক্ষা হিৰণ্ময় গোস্বামীয়ে৷ সন্ধিয়া ছয় বজাত ফেশ্বন শ্ব’ আৰু সৌন্দর্য প্রতিযোগিতা মুকলি কৰে মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বডোৱে৷ এই সৌন্দর্য প্রতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্রান্তৰ সুন্দৰীসকলে অংশগ্রহণ কৰে৷

ইয়াৰ পূর্বে কালি সন্ধিয়া শৰীৰ চর্চাবিদ মহাদেৱ ডেকাৰ উপস্থিতিত অনুষ্ঠিত হয় শৰীৰ চর্চা প্রতিযোগিতা৷ মিষ্টাৰ ওদালগুৰি আৰু মিষ্টাৰ ভৈৰৱকুণ্ডশ্রী শীর্ষক দুটাকৈ শিতানত অনুষ্ঠিত শৰীৰ চর্চা প্রতিযোগিতাত ৰাজ্যৰ অর্ধশতাধিক শৰীৰ চর্চাবিদে অংশগ্রহণ কৰে৷ অষ্টম ভৈৰৱকুণ্ড মহোৎসৱ উপলক্ষে প্রকাশ কৰি উলিওৱা স্মৃতিগ্রন্থ উন্মোচন কৰে সাহিত্য অকাডেমি পুৰস্কাৰ বিজয়ী বিশিষ্ট সাহিত্যিক নবীন মল্ল বডোৱে৷ এই উপলক্ষে আয়োজিত বহুভাষিক কবি সন্মিলনত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসম নেপালী সাহিত্য সভাৰ সাধাৰণ সম্পাদক ৰুদ্র বৰালে কয় যে প্রকৃতিৰ ৰম্যভূমি ভৈৰৱকুণ্ডক লৈ ইতিমধ্যে শ শ কবিতা ৰচনা হৈছে যদিও এতিয়ালৈ উপন্যাস ৰচনা হোৱা নাই৷ ভৈৰৱকুণ্ডৰ প্রাকৃতিক সৌন্দর্যৰ লগতে অসম, অৰুণাচল আৰু ভূটানৰ সাধাৰণ জনজীৱন আৰু সমন্বয়ক কেন্দ্র কৰি উপন্যাস ৰচনা কৰিলে, সেয়া এক উৎকৃষ্ট উপন্যাস হিচাপে স্বীকৃতি লাভ কৰাৰ লগতে সাহিত্যৰ ক্ষেত্রত ভৈৰৱকুণ্ডই অনন্য স্বীকৃতি লাভ কৰিব বুলি মন্তব্য কৰে৷ কাইলৈ মহোৎসৱৰ চতুর্থ দিনা ওদালগুৰি ৰাজহুৱা দুর্গা পূজা মণ্ডপৰ পৰা আৰম্ভ হ’বলীয়াৰ হাফ মাৰাথন প্রতিযোগিতা মুকলি কৰিব বিশিষ্ট সমাজকর্মী শৰৎ বসুমতাৰীয়ে৷ সন্ধিয়া বলীউডৰ কণ্ঠশিল্পী অসম জীয়ৰী অনন্যা ব্রহ্মৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বিটিচিৰ সাংস্কৃতিক বিভাগৰ কার্যবাহী সদস্য বনজাৰ দৈমাৰীয়ে৷

You might also like