ছলমান খানৰ টাইগাৰ ৩ৰ বক্স অফিচত আলোড়ন

🔹 ছবিগৃহত ফটকা ফুটালে উন্মাদ অনুৰাগীয়ে

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰ : ছলমান খানৰ টাইগাৰ ৩-এ শ্বাহৰুখ খান-ছানী দেউলৰ ‘জোৱান’-‘গদ্দৰ ২’ৰ অভিলেখ ভংগ কৰে। টাইগাৰ ৩ ছবিখনে বক্স অফিচত ঢৌ তুলিছে। মাত্ৰ দুদিনতে ছবিখনে ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে। দীপাৱলীত ছলমান খানৰ টাইগাৰ ৩ ছবিগৃহলৈ আহে । মুক্তিৰ লগে লগে ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে। বক্স অফিচত ডাঙৰ ব্যৱসায় কৰি থকা ছবিখনে প্ৰথম দিনাৰ পৰাই এইবাৰ মুক্তি পোৱা হিট ছবিৰ অভিলেখ ভংগ কৰিছে। টাইগাৰ ৩য়ে প্ৰথম দিনাই ‘গদ্দৰ ২’ৰ অভিলেখ ভংগ কৰিছিল আৰু দ্বিতীয় দিনা শ্বাহৰুখ খানৰ ‘জোৱান’ক পিছ পেলায়। ছলমানৰ চিনেমা চাবলৈ অহা দৰ্শকে ছবিগৃহৰ ভিতৰত দীপাৱলীৰ দিনা ফটকা ফুটাই উদ্ভণ্ডালি কৰে। টাইগাৰ ৩ ছবিখনক লৈ উন্মাদ হৈ পৰে অনুৰাগীসকল। ছবিখনত ছলমানৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছে কেটৰিনা কাইফ আৰু ইমৰাণ হাছমীক।

Featured