নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বীপেন বৰুৱালৈ বিজু ফুকন জীৱনজোৰা সাধনা বঁটা

🔹 ৰয়েল এফেয়াৰ বিজু ফুকন ট্রাষ্টৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ নৱেম্বৰ : বিশিষ্ট শিল্পী দ্বীপেন বৰুৱাক সন্মানিত কৰা হ’ব বিজু ফুকন সোঁৱৰণী জীৱনজোৰা সাধনা বঁটাৰে৷ এই কথা ঘোষণা কৰে দ্য ৰয়েল এফেয়াৰ–বিজু ফুকন ট্রাষ্টে৷ স্বনামধন্য অভিনেতা বিজু ফুকনৰ সোঁৱৰণত ৰাজ্যৰ শিল্পী, কলা–কুশলীৰ লগতে সমাজত বিশেষ অৱদান আগবঢ়াই অহা ব্যক্তিসকলক এই বঁটা প্রদান কৰি অহা হৈছে৷ গুৱাহাটী প্রেছ ক্লাবত দ্য ৰয়েল এফেয়াৰে এই স্বীকৃতিৰ কথা ঘোষণা কৰে৷ সেই অনুসৰি অহা ৯ ডিচেম্বৰত পাঞ্জাবাৰীৰ শিল্পগ্রামত আনুষ্ঠানিকভাৱে এই বঁটা প্রদান কৰা হ’ব৷ জীৱনজোৰা সাধনা বঁটাৰে এইবাৰ সন্মানিত কৰা হ’ব দ্বীপেন বৰুৱাক৷ ইয়াৰ উপৰি বিনোদন বিভাগত বেলেগ বেলেগ শিতানত মুঠ ১৫টা বঁটা প্রদান কৰা হ’ব আৰু অন্যান্য শিতানত ১০টা বঁটা প্রদান কৰা হ’ব৷ দ্য ৰয়েল এফেয়াৰে ঘোষণা কৰা অনুসৰি ১৫টা শিতান ক্রমে শ্রেষ্ঠ ছবি, শ্রেষ্ঠ নির্দেশক, শ্রেষ্ঠ অভিনেতা–অভিনেত্রী, শ্রেষ্ঠ কৰিঅ’গ্রাফাৰ, বেষ্ট ছাউণ্ড ডিজাইন, শ্রেষ্ঠ সংগীতকাৰ, শ্রেষ্ঠ গায়ক–গায়িকা, শ্রেষ্ঠ সংগীত পৰিচালক, শ্রেষ্ঠ সহঃ অভিনেতা–অভিনেত্রী, শ্রেষ্ঠ মেকআপ আর্টিষ্ট, শ্রেষ্ঠ চিনেমাট’গ্রাফী, শ্রেষ্ঠ জনপ্রিয় অভিনেতা–অভিনেত্রী৷ তদুপৰি আন ছটা শিতানত ক্রমে শ্রেষ্ঠ সংবাদ মাধ্যম, শ্রেষ্ঠ ডিজিটেল সংবাদ মাধ্যম, এক্সিলেন্স ইন জার্নেলিজম, এক্সিলেন্স ইন হেলথ কেয়াৰ, বেষ্ট চিভিল ছার্জন আৰু বেষ্ট এনজিঅ’ বঁটা প্রদান কৰা হ’ব৷ সংবাদ মেলত উপস্থিত আছিল পৰিচালক ৰূপক গগৈ, বিজু ফুকন পৰিয়ালৰ হৈ অংশুমান ফুকন আৰু আয়োজক দ্য ৰয়েল এফেয়াৰৰ স্বত্বাধিকাৰী ৱাজিদ ৰহমান৷

You might also like