নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ দ্বিতীয় প্ৰৱাহৰ ৰঙা সংকেত! দেশত কালিতকৈ ২০ শতাংশ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ ভাৰতত একে জাপে কালিতকৈ ২০ শতাংশলৈ বৃদ্ধি হ’ল ক’ৰোনাক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৪৬,২৫৪গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰোনাত।
আনহাতে মৃত্যু হৈছে ৫১৪গৰাকী লোকৰ। দেশত বৰ্তমান ৫,৩৩,৭৪৮গৰাকী সক্ৰিয় ৰোগী আছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ খবৰ অনুসৰি, বিগত ৭ সপ্তাহ ধৰি দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমে হ্ৰাস পাইছিল যদিও কেৰালা, দিল্লী, পশ্চিমবংগ আৰু মণিপুৰত পুনৰ তীব্ৰগতিত বৃদ্ধি হৈছে ক’ৰোনাক্ৰান্তৰ সংখ্যা।

শীতৰ আগমনৰ সময়ত ক’ৰোনাক্ৰান্তৰ সংখ্যাবৃদ্ধিৰ লক্ষণে দেশত কৰোনাৰ দ্বিতীয় প্ৰৱাহৰ ইংগিত দিব পাৰে নেকি বুলি চৰ্চা হৈছে সচেতন মহলত। সম্প্ৰতি ইউৰোপৰ ফ্ৰান্স, স্পেইন, ইটালীতো ক’ৰোনাৰ দ্বিতীয় প্ৰৱাহক লৈ জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে।

উল্লেখ্য ভাৰতত মুঠ ৮৩,১৩,৮৭৬গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১,২৩,৬৫০গৰাকী লোকৰ মৃত্যু হৈছে আৰু ৭৬,৫৬,৪৭৮গৰাকী লোক সুস্থ হৈছে।

You might also like