নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ৰং–ত নতুন ধাৰাবাহিক ‘দূৱৰি’

সোমবাৰৰ পৰা শনিবাৰলৈ প্রতিনিশা ৯.৩০ আৰু ১১.৩০ বজাত সম্প্রচাৰ

নিয়মীয়া বাৰ্তা ৪ অক্টোবৰঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ বিগত দিনত মনোৰঞ্জনৰ লগতে দর্শকক নির্মল আনন্দ আৰু বিনোদনৰ এক সুকীয়া মাত্রা প্রদান কৰি আহিছে৷ ৰং–ৰ এই বর্ণিল যাত্রাত এইবাৰ আগবঢ়াব অন্য এখন ধাৰাবাহিক ‘দূৱৰি’৷ এই নতুন ধাৰাবাহিকখনৰ কাহিনী এনেধৰণৰ– মধ্যবিত্ত পৰিয়ালৰ ছোৱালী দূৱৰিৰ আন দহগৰাকী ছোৱালীৰ দৰে আছে আশা–আকাংক্ষা আৰু সপোন৷ ঘৰৰ ডাঙৰ ছোৱালী দূৱৰিয়ে নিজৰ লগতে ভায়েক–ভনীয়েকহঁতৰ্ সপোন তথা মাক–দেউতাকৰ সিহঁতক লৈ থকা হেঁপাহবোৰক আলফুলে আৱৰি ৰাখি আগুৱাই যাব খোজে৷ ভাতৃত্বৰ স্নেহ আৰু মমতাৰে সকলোকে অনবৰতে আৱৰি ৰখা দূৱৰিয়ে জীৱন পথত বাট বুলোতে পদে পদে সন্মুখীন হ’ব লগা হয় বিভিন্ন ঘাত–প্রতিঘাতৰ৷ হাজাৰ ধুমুহায়ো দূৱৰিক কক্ষচ্যুত কৰিব নোৱাৰে৷

ভায়েক–ভনীয়েক বা ঘৰখনৰ কথা ভাবি নিজৰ ভালপোৱা–বেয়া পোৱা, ইচ্ছা–নিচ্ছা সকলোকে একাষৰীয়া কৰি তাই কেৱল গৈ থাকে অবিচলিত হৈ নিজৰ লক্ষ্যপথত৷ মানৱতা আৰু ত্যাগৰ ঊর্ধ্বলৈ গৈও এগৰাকী নাৰীৰ এটা সময়ত হিচাপ কৰি চাবলৈ মন যায় জীৱনত কি পালে কি হেৰুৱালে, কিমান মূল্য দিলে তেওঁৰ ত্যাগক– যাক নিজৰ বুলি ভাবি নিজৰ সকলো আশা–সপোন হেলাৰঙে দান কৰি দিয়া হয়– সেই সময়ত সেই ত্যাগক বুজি পায় কোনে? এগছি চাকিৰ দৰে ‘দূৱৰি’ কেৱল জ্বলি থাকে আনক পোহৰ বিলাবলৈ৷ এনে এগৰাকী নাৰীৰ ত্যাগ আৰু সাহসৰ কথাৰে নৱজ্যোতি বৰাৰ কাহিনী আৰু চিত্রনাট্য, দিব্যজ্যোতি বৰাৰ পৰিচালনা আৰু মীনা হাজৰিকাৰ কার্যবাহী প্রযোজনাৰে ‘দূৱৰি’ৰ শীর্ষ গীতৰ কথা আৰু সুৰ পৰীক্ষিত কলিতাৰ৷ গীতত কণ্ঠদান কৰিছে মনোজ্যোৎস্না মহন্তই৷

ৰাতুল বর্মনে সোণাপুৰ, মৰিগাঁও, গুৱাহাটী আদি বিভিন্ন লোকেচনত সুন্দৰকৈ কেমেৰাৰে ধৰি ৰখা দৃশ্যসমূহ সম্পাদনা কৰিছে অগ্ণিমিত্র কাশ্যপ আৰু নিশান্ত হাজৰিকাই৷ কৌশিক গোস্বামীয়ে সহঃ পৰিচালনা কৰা ধাৰাবাহিকখনৰ মুখ্য সহঃ পৰিচালনা দীপাংকৰ কলিতাৰ৷ ৰূপসজ্জা কৰিছে পল্লৱী হাজৰিকা আৰু বাবলুৱে৷ প্রযোজনা নিয়ন্ত্রণ উৎপল কলিতাৰ৷ ‘দূৱৰি’ৰ নাম ভূমিকাত দেখা যাব আশা বৰা ফুকনক৷ তেওঁৰ বিপৰীতে অভিনয় কৰিছে জনপ্রিয় অভিনেতা দীপাংকৰ ৰয়ে৷ আন বিভিন্ন চৰিত্রত দেখা যাব মুন বৰকটকী, জলী ভট্টাচার্য, গীতার্থ শর্মা, প্রিয়ংকা শইকীয়া, নীলাক্ষী শইকীয়া, বিশ্বজ্যোতি বৰকাকতি, অদিতি বৰুৱা, সুৰভি কাকতি, নীলম হাজৰিকা, মুনীন গোস্বামী, দেৱজিৎ ডেকা আৰু ঋত্বিক নাথক৷ কাইলৈৰ পৰা প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯.৩০ আৰু ১১.৩০ বজাত সম্প্রচাৰ হ’ব লগা ‘দূৱৰি’য়েও দর্শকৰ মৰম আৰু সঁহাৰি লাভ কৰিব পাৰিব বুলি ৰং পৰিয়াল আশাবাদী৷

You might also like