নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ-চিঙৰাৰ দোকানী আছিল নেহা কক্কৰৰ দেউতাকঃ শৈশৱক সুঁৱৰি আৱেগিক নেহা…

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ  বলীউড মানেই যেন এতিয়া নেহা কক্কৰ গীত। নেহা কক্কৰ বৰ্তমান সময়ত বলীউডৰ জনপ্ৰিয় গায়িকা। নেহাৰ গান মানেই হিট। এতিয়ালৈকে নেহাই বহুকেইটা জনপ্ৰিয় গীতত কণ্ঠ নিগৰাইছে। কিন্তু নেহাৰ এই সফলতাৰ আঁৰৰ কাহিনী শুনিলে আৱেগিক হৈ পৰিব আপুনিও। সৰুৰ পৰায়ে বহুত সংঘৰ্ষ কৰিবলগীয়া হৈছিল নেহাই।

নেহাই কেৱল গানেই নহয় ৰিয়েলিটি শ্ব’ৰ বিচাৰক হিচাপেও সুদক্ষ। এবাৰ সংগীত প্ৰতিযোগিতা Sa Re Ga Ma Pa Little Champs ত নেহাই নিজৰ সফলতাৰ কৃতিত্ব বায়েক চনুক দিছিল। প্ৰতিযোগিতাখনত নেহাই কৈছিল চনু বাইদেউ আমাৰ পৰিয়ালৰ প্ৰথম গায়িকা আছিল। যদি তাই নাথাকিলে হয় আজি মই গায়িকা নহলোহেতেন। আজি মই যি হৈছো মোৰ বাইদেউৰ বাবে হৈছো। চনু আৰু টনী(ভায়েক) মোৰ অতি মৰমৰ।

নেহা এখন সৰু চহৰৰ পৰা আহিছে। ঘৰৰ আৰ্থিক অৱস্থাও নেহাৰ ভাল নাছিল । দেউতাক আৰু বায়েক চনুৱে  কলেজৰ বাহিৰত চাহ আৰু চিঙৰা বিক্ৰী কৰিছিল।

নেহাই কৈছিল, টনী বহুত সৰু আছিল, কিন্তু সি আমাৰ দুয়োৰে কাৰণে গীত ৰচনা কৰিছিল। অৱশেষত টনীৰ MILE HO TUM HUMKO হিট হ’ল আৰু ১০০ কোটিকৈ অধিক বাৰ ৰাইজে সেই গানক আকোৱালি লৈছিল।

সেয়ে কোৱা হয়, চেষ্টাৰ অসাধ্য একো নাই। যাক নেহা কক্কৰে প্ৰমাণ কৰি দিছে।

You might also like