নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“মই ৫ মাহৰ গৰ্ভৱতী, কিন্তু সন্তানটোৰ পিতৃ কোন মই নাজানো”

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ “মই ৫ মাহৰ গৰ্ভৱতী, কিন্তু সন্তানটোৰ পিতৃ কোন মই নাজানো।”- কিমান নিদাৰুণভাৱে ওলাব পাৰে এগৰাকী ধৰ্ষিতাৰ মুখেৰে এই বাক্য!

এই ভয়ানক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমৰোহ জিলাত। যোৱা ৬ মাহ ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰি অহা হৈছিল এগৰাকী যুৱতীক।

যোৱা চাৰিদিন ধৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ অহা-যোৱা কৰিছে যুৱতীগৰাকীয়ে কিন্তু কোনো প্ৰত্যুত্তৰ নাপালে আৰক্ষীৰ তৰফৰ পৰা।

শেহতীয়াকৈ আজি চাৰিদিনৰ পূৰ্বে যুৱতীগৰাকীয়ে কোনোমতে পলাই ঘৰলৈ পলাই আহে। ঘৰত উপস্থিত হৈ পৰিয়ালৰ সকলোকে সমগ্ৰ ঘটনা সন্দৰ্ভত জনায়। পীড়িতাগৰাকীয়ে নিকটৱৰ্তী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল যদিও কোনেও সেই সন্দৰ্ভত মানি লবলৈ মান্তি হোৱা নাছিল।

You might also like