নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰ্থপ্ৰতিম দাসৰ কণ্ঠত বাণীবদ্ধ হোৱা ‘ছঁয়াময়া এন্ধাৰৰ…’ শীৰ্ষক গীতৰ মুক্তিলাভ

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ  অসমীয়া আধুনিক সংগীতৰ ভঁৰালত আৰু এটি নতুন গীতৰ সংযোজন ঘটিল যোৱা ২৮ মাৰ্চত। কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ কণ্ঠত জনপ্ৰিয় হোৱা ‘মন্দিৰ-মছজিদ’ শীৰ্ষক গীতটিৰ স্ৰষ্টা সুৰকাৰ-গায়ক পাৰ্থপ্ৰতিম দাসৰ কণ্ঠত বাণীবদ্ধ হোৱা ‘ছঁয়াময়া এন্ধাৰৰ…’ শীৰ্ষক গীতটিয়ে মুক্তিলাভ কৰিলে উক্তদিনা।

উল্লেখযোগ্য যে এই গীতটি আগবঢ়াইছে ‘পঞ্চম প্ৰডাকচনে’ আৰু গীতটি মুক্তিলাভ কৰিছে ‘ঝংকাৰ-দা মিউজিকেল চেনেল’ নামৰ ইউটিউব চেনেলটিৰ জৰিয়তে। ২০১৩ চনত ‘জীৱন’ নামৰ এলবামটিৰ পাছত পাৰ্থপ্ৰতিম দাসৰ কণ্ঠ আকৌ উজলি উঠিল ‘ছঁয়াময়া এন্ধাৰৰ…’ শীৰ্ষক গীতটিৰে। গীতটি ৰচনা কৰিছে প্ৰতিষ্ঠিত কবি মেঘালী গগৈয়ে।গীতটি সুৰাৰোপিত কৰিছে পাৰ্থপ্ৰতিম দাসে আৰু সংগীত ব্যৱস্থাপনা কৰিছে সুমীত গুপ্তা(ৰাজা)ই।গীতটিৰ ভিডিঅ’গ্ৰাফী ৰাজ চাংমাৰ।মুক্তিৰ পাছতেই গীতটিয়ে শ্ৰোতা-দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা পৰিলক্ষিত হৈছে।

You might also like