নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ৪ সমষ্টিত নির্ণায়ক ভূমিকা ল’ব মহিলা ভোটাৰে

৫.৬৪ লাখ পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৫.৭৩ লাখ

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ মহানগৰী চাৰিওটা বিধানসভা সমষ্টিত মহিলা ভোটাৰে ল’ব পাৰে নির্ণায়ক ভূমিকা৷ মহানগৰীৰ দিছপুৰ, পূব গুৱাহাটী, জালুকবাৰী আৰু পশ্চিম গুৱাহাটীত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক৷ উল্লেখ্য যে বিধানসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণ পর্ব অহা ৬ এপ্রিলত অনুষ্ঠিত হ’ব৷ তেনেক্ষেত্রত কামৰূপ মহানগৰ জিলাৰ অন্তর্গত চাৰিটা বিধানসভা সমষ্টিত নির্বাচনী প্রচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে৷ এইবেলি চাৰিওটা বিধানসভা সমষ্টিত মহিলা ভোটাৰে এক নির্ণায়ক ভূমিকা গ্রহণ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ কিয়নো চাৰিওটা বিধানসভা সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰতকৈ কোনো গুণে কম নহয়৷

লক্ষণীয় যে এইবেলিৰ বিধানসভা নির্বাচনত কামৰূপ মহানগৰ জিলাৰ অন্তর্গত পূব গুৱাহাটী, পশ্চিম গুৱাহাটী, জালুকবাৰী আৰু দিছপুৰ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১১,৩৭,৩৭৫গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৫,৬৪,০৮৫ জনৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৫,৭৩,২৯০গৰাকী৷ অর্থাৎ পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা ৯,২০৫টা বেছি৷ শতকৰা হিচাপত পুৰুষ ভোটাৰৰ সংখ্যা ৪৯.৬০ শতাংশ আৰু মহিলা ভোটাৰৰ সংখ্যা ৫০.৪০ শতাংশ৷

আনহাতে জালুকবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,০২,৪০০গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৯,৮০৪জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১,০২,৫৯৬গৰাকী৷ দিছপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৪,০৬,৫৫৫গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ২,০২,৪২২জন আৰু মহিলা ভোটাৰৰ সংখ্যা ২,০৪,১৩৩গৰাকী৷

পূব গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৩৬,২৮৯গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,১৯,০৭৫জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১,১৭,২১৪ গৰাকী৷ তদুপৰি পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৯২,১৩১গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,৪৪,৬৪৫জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১,৪৭,৪৮৬গৰাকী৷

উল্লেখ্য যে শতকৰা হিচাপত ৫০.৬৯ শতাংশৰে জালুকবাৰী সমষ্টি প্রথম স্থানত থকাৰ বিপৰীতে ৫০.৪৯ শতাংশৰে পশ্চিম গুৱাহাটী সমষ্টি দ্বিতীয়, ৫০.২১ শতাংশৰে দিছপুৰ সমষ্টি তৃতীয় আৰু ৪৯.৬১ শতাংশৰে পূব গুৱাহাটী সমষ্টি চতুর্থ স্থানত আছে৷ তেনেক্ষেত্রত উক্ত চাৰিওটা সমষ্টিতে মহিলা ভোটাৰসকলে ৰাজনৈতিক দৃশ্যপট সলনি কৰি দিব পাৰে বুলি আশংকা সদৰী কৰিছে নির্বাচনী সমীক্ষকসকলে৷ তেনেক্ষেত্রত চাৰিওটা বিধানসভা সমষ্টিৰে মহিলা ভোটাৰসকল যদি সচেতন হৈ বিবেক ভোট প্রদান কৰে তেন্তে ৬ এপ্রিলৰ দিনা সমষ্টি চাৰিটাৰ নির্বাচনী প্রতিচ্ছবিখন সলনি কৰি দিব পাৰে বুলিও সম্প্রতি ব্যাপক চর্চা অব্যাহত আছে৷

You might also like