নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকঃ কিৱিৰে খেলি ৩-২ ত জয়েৰে অভিযান আৰম্ভ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২৪ জুলাই:  অলিম্পিকত সুদীর্ঘ ৪১ বছৰীয়া পদক জয়ৰ ব্যর্থতাৰ অন্ত পেলোৱাৰ লক্ষ্য লৈ আজি টকিঅ’ অলিম্পিকত অভিযান আৰম্ভ কৰিলে মনপ্রীত সিং নেতৃত্বাধীন ভাৰতীয় পুৰুষ হকী দলটোৱে৷

আজি পুৱা ৬.৩০ বজাত অনুষ্ঠিত পুল ‘এ’ৰ মেচখনত ভাৰতীয় দলটোৱে অষ্টম বাছনিপ্রাপ্ত নিউজিলেণ্ডৰে প্রতিদ্বন্দ্বিতা আগবঢ়াই প্ৰথম খেলতে ৩-২ ব্যৱধানত বিজয় সাব্যষ্ট কৰে।

ৰূপিন্দৰ পাল ২০২০ চনৰ টকিঅ’ত গ’ল কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। উপ-অধিনায়ক হৰমনপ্ৰীত সিং আৰু ৰূপিন্দৰ পাল সিঙৰ গ’ল আৰু প্ৰথম কোৱাৰ্টাৰ শেষলৈকে পি আৰ শ্ৰীজেশৰ সুন্দৰ কিপিঙৰ সহায়ত ভাৰতে বিজয় নিশ্চিত কৰে। ভাৰতৰ এই তিনিওটা গ’ল পেনাল্টি কৰ্ণাৰৰ পৰা আহিছিল, য’ত হৰমনপ্ৰীতে দুবাৰ আৰু ৰূপিন্দৰে এবাৰ গ’ল কৰে।

উল্লেখ্য যে যুৱ খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় হকী দলটোৱে অলিম্পিকত সুদীর্ঘ ৪১ বছৰ ধৰি পদক জয়ৰ ব্যর্থতা এইবাৰ টকিঅ’ত অন্ত পেলাবলৈ সক্ষম হ’ব বুলি আত্মবিশ্বাসী৷

১৯৮০ চনৰ মস্কো অলিম্পিকত অন্তিমবাৰৰ বাবে পদক জয় কৰা ভাৰতীয় হকী দলটোৱে বিগত চাৰি বছৰত সুন্দৰ প্রদর্শন দাঙি ধৰি আহিছে৷ দলটোৱে ২০১৭ চনত এছিয়া কাপ, ২০১৮ চনত চেম্পিয়নছ ট্রফী আৰু ২০১৯ চনত এফ আই এইচ ছিৰিজ ফাইনেলত চেম্পিয়ন হোৱাৰ লগতে ২০১৮ চনত ভুবনেশ্বৰত অনুষ্ঠিত বিশ্বকাপ হকীৰ কোৱার্টাৰত প্রৱেশ কৰিছিল৷

You might also like