নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ শতিকাৰ ভাৰতৰ ৰাজধানীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব এই নিৰ্বাচনে !

নিয়মীয়া বাৰ্তা ৩ ফ্ৰেব্ৰুৱাৰীঃ “দিল্লীৰ লোকসকলৰ ভোট আৰু চিন্তাই দেশৰ বিকাশৰ ক্ষেত্ৰত আগুৱাই যোৱাত সফল ভূমিকা আগবঢ়াইছে । দিল্লী কেৱল এখন চহৰেই নহয়, দিল্লীখন হৈছে আমাৰ দেশৰ এক আত্মা ।”- দিল্লীত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।

এই প্ৰচাৰ সভাত অংশ লৈ সভাত উপস্থিত থকা সকলোকে সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- দিল্লীৰ লোকসকলৰ মনত কি আছে সেয়া বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই, সেয়া আপোনালোকৰ চেহেৰা বোৰত প্ৰতিফলিত হৈছে । লগতে দিল্লীৰ বিকাশৰ বাবে ৰাজ্যখনত এতিয়া বিজেপিৰ প্ৰয়োজন আহি পৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে ।

ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত লগতে কয় যে এই নিৰ্বাচন এনে এটা দশকৰ নিৰ্বাচন য’ত ২১ শতিকাৰ ভাৰতৰ ৰাজধানীৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব ।

আনহাতে কেজৰিৱাল চৰকাৰক সমালোচনা কৰি কয় যে- ইয়াৰ চৰকাৰে দুখীয়াক ঘৰ দিব নোখোজে, কিন্তু কেন্দ্ৰই ২ কোটি ঘৰ বনাইছে যদিও দিল্লীত এতিয়ালৈকে এটাও ঘৰ বনাব পৰা হোৱা নাই । যাৰ বাবে মই দুঃখিত । আপোনালোকে ২০ বছৰে বহুত ধ্বংস দেখা পালে, গতিকে এতিয়া দিল্লীত বিজেপি অহাটো অতিকে প্ৰয়োজন । যেতিয়া দিল্লীত বিজেপি চৰকাৰ আহিব, তেতিয়া দেশৰ আন ৰাজ্যত কৰা বিকাশমুখী কামসমূহ আমি দিল্লীটো কৰিব পাৰিম ।

উল্লেখ্য যে দিল্লীৰ বিধানসভা নিৰ্বাচন যিমানে চমু চাপি আহিছে সিমানেই ৰাজনৈতিক বতাহো হৈ পৰিছে গৰম । লগতে প্ৰতিটো দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে সকলো ৰথী মহাৰথীয়ে।

You might also like