নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–নাগালেণ্ডৰ ৪৩৪ কিঃমিঃ সীমান্তত স্থায়ী সীমা নির্ধাৰণৰ পদক্ষেপ

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ: চুবুৰীয়া ৰাজ্যৰে বছৰৰ পাছত বছৰ ধৰি চলি অহা সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা বিশেষ পদক্ষেপ অব্যাহত আছে৷ মুখ্যমন্ত্রীৰ দায়িত্বভাৰ গ্রহণৰ পাছতেই ড০ শর্মাই চুবুৰীয়া ৰাজ্য মেঘালয়ৰে চলি অহা সীমা বিবাদ নিষ্পত্তিৰ বাবে লোৱা পদক্ষেপ ইতিমধ্যে ইতিবাচক দিশত অগ্রসৰ হৈছে৷ অসম–মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ বিষয়টো ইতিবাচক দিশেৰে আগবঢ়াৰ সময়তে এইবাৰ অসম–নাগালেণ্ডৰ মাজত চলি অহা সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্রত তৎপৰ হৈ পৰিছে মুখ্যমন্ত্রী ড০ শর্মা৷

মুখ্যমন্ত্রী ড০ শর্মাৰ নিমন্ত্রণ ৰক্ষা কৰি দীর্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা বিবাদ অন্ত পেলাবৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰি’ আজি যোৰহাটত উপস্থিত হয়৷ সীমা সমস্যাকে ধৰি আন্তঃৰাজ্যিক বিভিন্ন বিষয়ৰ ওপৰত মুখ্যমন্ত্রী দুগৰাকীয়ে যোৰহাট আৱর্ত ভৱনত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ বৈঠকত অসম–নাগালেণ্ডৰ ৪৩৪ কিলোমিটাৰ দৈর্ঘ্যৰ ভৌগলিক সীমান্তৰ স্থায়ী সীমা নির্ধাৰণৰ বিষয়ত দুয়োগৰাকী মুখ্যমন্ত্রীয়ে মত বিনিময় কৰে৷ প্রায় এঘণ্টা ধৰি চলা বৈঠকত ৰাজ্য দুখনৰ মুখ্যমন্ত্রীয়ে সীমা সমস্যাৰ উপৰি আন্তঃৰাজ্যিক বাণিজ্য, সীমান্তৱর্তী অঞ্চলৰ আইন–শৃংখলা পৰিস্থিতি তথা সীমান্তত বসবাস কৰা ৰাজ্য দুখনৰ বাসিন্দাসকলৰ মাজত সামাজিক সদ্ভাব বৃদ্ধি কৰাৰ বাবে বিস্তৃতভাৱে পর্যালোচনা কৰে৷ অসম–নাগালেণ্ড সীমান্তৰ সীমা বিবাদৰ ৰাজনৈতিক সমস্যাটো সামাজিকভাৱে সমাধান কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰা পদক্ষেপ এক ঐতিহাসিক আৰু সুদূৰপ্রসাৰী হিচাপে চিহ্ণিত হৈছে৷

বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়– উত্তৰ–পূবৰ মুখ্যমন্ত্রীসকল ৰাজনৈতিকভাৱে মিত্র৷ সীমা বিবাদৰ প্রতিটো সমস্যা সহজ নহয়৷ জটিল ৭৫ বছৰীয়া সমস্যা লাহে লাহে আগবাঢ়ি গৈ থাকিব৷ সেই সমস্যাসমূহ দীর্ঘদিনীয়া৷ অসমৰ যেনেদৰে ষ্টেণ্ডার্ড পইণ্ট আছে, তেনেদৰে নাগালেণ্ডৰো ষ্টেণ্ডার্ড পইণ্ট আছে৷ সেয়ে আলোচনাৰ মেজৰ জৰিয়তে নিজৰ ভিতৰতে আমি আমাৰ সমস্যাসমূহ সমাধান কৰিব লাগিব৷

মন কৰিবলগীয়া এয়ে যে অসম–নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ ক্ষেত্রত দুয়োখন ৰাজ্যৰ প্রশাসনেও ইতিমধ্যে ইতিবাচক কার্যব্যৱস্থা গ্রহণ কৰিছে৷ যোৱা ৩১ জুলাইত অসম আৰু নাগালেণ্ডৰ মুখ্য সচিবৰ মাজত হোৱা এক চুক্তি অনুসৰি বিবদমান অসমৰ দিছৈভেলী (নাগালেণ্ডৰ চুৰাংকং ভেলী) আৰু জাঙখাঙনালা (নাগালেণ্ডৰ ভিকুটু) অঞ্চলৰ পৰা ইতিমধ্যে দুয়োখন ৰাজ্যই নিজৰ নিজৰ নিৰাপত্তা বাহিনী প্রত্যাহাৰ কৰি অঞ্চল দুটাত স্থিতাৱস্থা বাহাল ৰখাৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ ফলত সেই অঞ্চল দুটাত সম্প্রতি সীমাক লৈ কোনো নতুন উত্তেজনা সৃষ্টি হোৱা নাই৷ ফলস্বৰূপে অসম–নাগালেণ্ডৰ সীমা বিবাদৰ বিষয়টোও পর্যায়ক্রমে দুয়ো ৰাজ্যৰ আলোচনামর্মে সমাধানৰ দিশলৈ আগবঢ়াৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে মেঘালয়ৰে অসমৰ সীমা বিবাদো নিষ্পত্তিৰ দিশলৈ অগ্রসৰ হৈছে৷

মেঘালয়ৰ সৈতে অসমৰ ১২টা স্থানত সীমা বিবাদ আছে৷ প্রাৰম্ভিক পর্যায়ত ৬টা স্থানৰ বিবাদ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতে আলোচনাত মিলিত হয়৷ সেই আলোচনা অনুসৰি দুয়োখন ৰাজ্যই ইতিবাচক মনোভাবেৰে আঞ্চলিক পর্যায়ত কমিটী গঠন কৰে৷ ইয়াৰ মাজতে যোৱা ১৬ নৱেম্বৰত মুখ্যমন্ত্রী ড০ শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী চাংমাই বিবদমান লাম্পিত উপস্থিত হয় আৰু সীমান্তৱর্তী স্থানীয় ৰাইজৰে মত বিনিময় কৰে৷ সেইদিনাই গুৱাহাটীত আয়োজিত এক যুটীয়া সংবাদ মেলত ড০ শর্মা আৰু চাংমাই কয় যে ৬ স্থানৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে গঠিত আঞ্চলিক কমিটীয়ে অহা ৩০ নৱেম্বৰৰ ভিতৰত প্রতিবেদন দাখিল কৰিব৷ সেই প্রতিবেদন লাভৰ পাছতেই অহা ৩১ ডিচেম্বৰৰ ভিতৰত চূড়ান্ত প্রতিবেদন যুগুতাই প্রকাশ কৰিব৷

অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই সীমা বিবাদ নিষ্পত্তিৰ বাবে লোৱা পদক্ষেপক আদৰণি জনাই মেঘালয়ৰ মুখ্যমন্ত্রী চাংমাই ইতিমধ্যে মন্তব্য কৰিছে যে শ্বিলং বা দিছপুৰত বহি সীমা সমস্যাৰ সমাধান নহয়৷ প্রথমবাৰৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই দুয়োখন ৰাজ্যৰ প্রতিনিধিক লৈ সীমান্ত অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰি দীর্ঘদিনীয়া সমস্যাটো সমাধানৰ যি পদক্ষেপ লৈছে, সেয়া আদৰণীয়৷

You might also like