নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমাহৰ ভিতৰত এইম্ছৰ নির্মাণ সম্পূর্ণ কৰাৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ: চাংসাৰিত নির্মীয়মাণ এইমছৰ নির্মাণকার্য লেহেমীয়া হোৱাত ক্ষোভ প্রকাশ কৰিছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াই৷ আই আই টি, গুৱাহাটীত অনুষ্ঠিত এখন সভাত কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীয়্ এইমছৰ নির্মাণকার্য সম্পূর্ণ কৰাৰ ক্ষেত্রত পূর্বনির্ধাৰিত সময়তকৈ যথেষ্ট বিলম্ব ঘটাক লৈ মূল নির্মাণকাৰী সংস্থা এ বি চি হাইট্ছক জবাবদিহি কৰাৰ লগতে ছমাহৰ ভিতৰত সমগ্র প্রকল্পটোৰ নির্মাণকার্য সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়ে৷

তদুপৰি এইপর্যন্ত সম্পূর্ণ হোৱা নির্মাণকার্যৰ গুণগত মান আই আই টি, গুৱাহাটীৰ জৰিয়তে পৰীক্ষা কৰিবলৈও বৈঠকখনতে নির্দেশ দিয়ে কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ তদুপৰি গুৱাহাটী এইমছৰ অৱশিষ্ট নির্মাণকার্যৰ লগতে ফেকাল্টীৰ বাবে প্রয়োজনীত প্রাৰম্ভিক ব্যৱস্থাকে ধৰি আন আনুষংগিক কাম–কাজ সঠিকভাৱে তথা সময়নির্দিষ্ট ৰূপত ক্ষিপ্রতাৰে আগবঢ়াব পৰাকৈ শীঘ্রে এইমছত এগৰাকী আই এ এছ বিষয়াক উপ–সঞ্চালকৰ দায়িত্ব অর্পণ কৰাৰ বাবেও প্রস্তাৱ আগবঢ়ায় মাণ্ডাভিয়াই৷

উপ–সঞ্চালক পদৰ বাবে আই এ এছ বিষয়া বাছনি কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অনুৰোধ জনাবলৈ বৈঠকতে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তক তেওঁ আহ্বান জনায়৷ উল্লেখ্য যে অৰুণাচল প্রদেশৰ টাৱাং ভ্রমণ সামৰি আজি দুপৰীয়া গুৱাহাটীত উপস্থিত হয় কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকী৷ বিয়লি তিনি বজাত গুৱাহাটী আই আই টিত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত তেওঁ নির্মাণকাৰী সংস্থাৰ শীর্ষ কার্যবাহীৰ সৈতে এখন বৈঠকত মিলিত হয়৷ এই বৈঠকত এইমছৰ নির্মাণকার্যৰ অগ্রগতিৰ তেওঁ খতিয়ান গ্রহণ কৰে৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিং, অতিৰিক্ত স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কার্তিককে ধৰি উচ্চপদস্থ বিষয়াসকল বৈঠকখনত উপস্থিত থাকে৷

এই বৈঠকৰ পাছতে তেওঁ ৰাজ্যৰ স্বাস্থ্যমন্ত্রী মহন্তক লগত লৈ এইমছৰ নির্মাণস্থলী পৰিদর্শন কৰে৷ এইমছৰ আয়ুস ভৱন, অ’ পি ডি, প্রশাসনিক ভৱন আদিৰ লগতে চাৰিসীমাৰ নির্মাণকার্যও তেওঁ পৰিদর্শন কৰে৷ ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয় যে নির্মাণকার্য যিধৰণে আগবাঢ়িছে, ছমাহৰ পাছতে এইমছ উদ্বোধন কৰিব পৰা যাব৷

You might also like