নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিশ্ববিদ্যালয়ক ২৫ কোটি টকা প্ৰদান; জীৱনযোৰা সফলতা আৰ্জিবলৈ হ’লে লাগিব প্ৰজ্ঞাৰ সাধনাঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা,২১ জানুৱাৰী : ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে এক উদ্ভাৱন পৰীক্ষাগাৰ স্থাপন আৰু অন্যান্য পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম বিশ্ববিদ্যালয়ক ২৫ কোটি টকা প্ৰদান কৰিব। শুকুৰবাৰে উত্তৰ-পূবৰ মূল উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ অন্যতম শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ২৯সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে । মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক উক্ত পুঁজিৰ ব্যৱহাৰৰ বাবে ডি পি আৰ প্ৰস্তুত কৰিবলৈ নির্দেশনা প্রদান কৰে । বিশ্ব বিদ্যালয়খনৰ উপাচাৰ্য ডঃ দিলীপ চন্দ্র নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কয়, ১৯৯৪ চনত স্থাপিত অসম বিশ্ববিদ্যালয় মানৱ সম্পদ সৃষ্টিৰ লগতে শৈক্ষিক তথা গৱেষণা ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে৷ বিশ্ববিদ্যালয়খনে আগন্তুক সময়তো দেশৰ শৈক্ষিক প্ৰগতিত আৰু বৌদ্ধিক বিকাশত নেতৃত্ব প্রদান কৰিব বুলি দৃঢ় বিশ্বাস। সভাগৃহত উপস্থিত ছাত্ৰ -ছাত্ৰীক উদ্দেশ্যে মুখ্যমন্ত্রী শর্মাই কয়, শিক্ষা এক অবিৰত যাত্রা।পৃথিৱীখন বৰ্তমান দ্ৰুত গতিত পৰিৱৰ্তিত হ’বলৈ ধৰিছে । এজন শিক্ষাৰ্থীয়ে এখন শিক্ষা প্ৰতিষ্ঠানৰ পৰা যিখিনি জ্ঞান লাভ কৰে পৰৱৰ্তী সময়ত সেই শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা ওলাই গৈ যেতিয়া চাকৰি বিচাৰিব তেতিয়া এই জ্ঞান খিনি দিব লাগে । জীৱন যোৰা সফলতা আৰ্জিবলৈ হ’লে লাগিব প্ৰজ্ঞাৰ সাধনা  । অশেষ চেষ্টা আৰু সাধনাৰ জৰিয়তেহে জীৱন যুঁজত আগবাঢ়িব পাৰিব।
শিক্ষাই জ্ঞান আৰু জ্ঞানেই শক্তি বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাবে শক্তিশালী হ’বলৈ পৰামৰ্শ দিয়ে। দেশ আৰু দহৰ উপকাৰৰ বাবে জ্ঞান বিস্তাৰ কৰিব নোৱাৰিলে সেই জ্ঞানৰ কোনো অৰ্থ নাই বুলিও তেওঁ লগতে দোহাৰে। তেওঁ কয়, সভ্যতা, সংস্কৃতি, শিক্ষাৰ মূল বিষয় হৈছে সংযােগ স্থাপন। মানুহৰ লগত মানুহৰ সংযােগ। আজি মােক এই অনুষ্ঠানত আমন্ত্রণ জনাই যি সংযােগ সেতু তৈয়াৰ কৰিলে তাত মইআপ্লুত হৈছোঁ। আমাৰ চৰকাৰে এই আত্মীয়তাৰ সম্পৰ্কৰ সেতু অক্ষুন্ন ৰখাৰ চেষ্টা কৰিব। অসম বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ উন্নতি সাধনৰ বাবে আপােনালােকে যি ব্ৰত গ্ৰহণ কৰিছে, আজিৰে পৰা এই কর্মযজ্ঞত আপােনালােকৰ লগত থাকি সহযাত্ৰীৰ ভূমিকা পালনত ব্ৰতী হ’ম। মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষাই চেতনা আনে আৰু এই চেতনাই জ্ঞানৰ আলােকক উজলাই তােলে। এই আলােক প্রজ্বলনৰ বাবে কৰ্মৰ প্রয়ােজন। স্বামী বিবেকানন্দই সেইবাবে কর্মযােগৰ প্রতি অধিক গুৰুত্ব আৰােপ কৰিছিল। তেওঁ কয় যে কৰ্মৰ পৰা জ্ঞান, জ্ঞানৰ পৰা ভক্তিযােগলৈ গৈ মানুহে পূর্ণতা লাভ কৰে।

বিশ্ব কবি ৰবীন্দ্র নাথ ঠাকুৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষাই কেৱল আমাক তথ্য নিদিয়ে, সত্যৰ সন্ধান দিয়ে, যিয়ে কেৱল ইন্ধন নিদিয়ে, অগ্নি দিয়ে। কবিগুৰুৱে কোৱাৰ দৰে শিক্ষাৰ সাম্য আজি আটাইতকৈ বেছি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই অমােঘ বাণীক সার্থক ৰূপ দিবলৈ ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে। শিক্ষা-জ্ঞান-প্রজ্ঞা-মেধাত সাম্য আনিবলৈ হ’লে আগতে আমি সামাজিক সংস্কৃতিক আৰু অধিক শ্রীবৃদ্ধি কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষৰ লগতে আন বিশ্ববিদ্যালয়ৰ তুলনাত শিলচৰ বিশ্ববিদ্যালয়খন স্থাপনৰ কালৰ পৰা প্ৰাৰম্ভিক পর্যায়তে আছে। কিন্তু যােৱা ২৮ বছৰত ইয়াৰ শৈক্ষিক পদ্ধতিয়ে বহু সম্ভাৱনাক সজীৱ কৰি তুলিছে। এই বিশ্ববিদ্যালয়ৰ পৰা নতুন বৌদ্ধিক জাগৰণ সূচনা কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় সনাতন সভ্যতাই আমাক সকলােকে জ্ঞান আৰু প্রজ্ঞাৰ অন্বেষণ কৰিবলৈ শিকাইছে।

পশ্চিমীয়া সভ্যতাত শিক্ষাই সময় আৰু প্রয়ােজনীতাক অগ্রাধিকাৰ দি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় শিক্ষা ব্যৱস্থাই প্রমূল্যবােধৰ আধাৰত আগুৱাই যােৱাৰ বাবে প্ৰেৰণা যােগাই আহিছে। তেওঁ কয় যে শিক্ষাৰ প্রকৃত উদ্দেশ্য মােক্ষ লাভ। আমাৰ শিক্ষাই জৈৱিক সম্পর্ক গঢ়ি তােলাৰ বাবে এক ব্যাপক পৰিসৰৰ দিশে আগুৱাই যােৱাৰ পথ প্রশস্ত কৰি আহিছে। শিক্ষানুষ্ঠানখনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক উদ্দ্যোশে তেওঁ কয়,একো গৰাকী মানব সম্পদ হিচাপে গঢ়ি তোলাৰ বাবে সৰ্বান্তক প্ৰয়াস চলাব লাগিব বুলি তেওঁ কয়। আজিৰ অনুষ্ঠানত সতীর্থ মন্ত্ৰীদ্বয় অশোক সিংহল, পৰিমল শুক্লবৈদ্য, সাংসদ ডা: ৰাজদীপ ৰয়ে বক্তব্য আগবঢ়ায়।

You might also like