নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিন দুপৰতে মহানগৰীত চাঞ্চল্যকৰ ডকাইতিঃ থপিয়াই নিলে ৩ লাখ টকা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ দিন দুপৰতে মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। লাচিতনগৰত ডকাইতে থপিয়াই নিলে ৩ লাখ টকা। বাইকত অহা ২টা দুৰ্বৃত্তই নৱজ্যোতি গেছ এজেন্সিৰ কৰ্মচাৰীয়ে বেংকত জমা দিবলৈ অনা ৩ লাখ টকা কাঢ়ি লৈ যায়। লাচিতনগৰৰ কেএফচিৰ সন্মুখতে সংঘটিত হোৱা ডকাইটি কাণ্ডৰ দৃশ্য বন্দি হৈ ৰ’ল চিচি টিভি কেমেৰাত। ইপিনে বেংকত জমা থবলৈ আহি থকা অৱস্থাত বেংকৰ সন্মুখৰ পৰা এজন দুৰ্বৃত্তই চুৰি দেখুৱাই টকাভৰ্তি বেগটো টানি লৈ নম্বৰ প্লেটবিহীন মটৰ চাইকেলেৰে পলায়ন কৰে ।

You might also like