নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-মিজোৰাম সীমান্তত মিজোৰামৰ আৰক্ষীৰ ৰঙা চকু; সীমা চকী নিৰ্মাণ‌ বন্ধ কৰি পিছুৱাই আহিল অসম আৰক্ষী

নিয়মীয়া বাৰ্তা,৭ মে’: অসম-মিজোৰাম সীমান্তত মিজোৰামৰ আৰক্ষীৰ ৰঙা চকু। মিজো আৰক্ষীৰ সকীয়নীত অসম আৰক্ষীয়ে নিজৰ অৱস্থান এৰি পিছুৱাই আহিছে। জানিব পৰা মতে, কাছাৰ জিলাৰ অসম আৰু মিজোৰামৰ সীমান্ত ফাঞ্চনগৰত সীমা চকী নিৰ্মাণৰ স্থান নিৰ্ধাৰণ কৰিবলৈ যাওতে মিজো আৰক্ষীৰ বাধাৰ সন্মুখীন হয় কাছাৰৰ আৰক্ষী বিষয়াই। পিছত বাধ্য হৈ তাৰ পৰা আৰু ৫০০ মিটাৰ পিছলৈ ঘুৰি আহি ফ্ৰাঞ্চ নগৰৰ খাচিয়াপুঞ্জি এলপি স্কুলৰ কাষৰ খেলপথাৰত সীমান্ত চকী নিৰ্মাণৰ বাবে স্থান নিৰ্ধাৰণ কৰি কাম আৰম্ভ কৰে কাছাৰ আৰক্ষীয়ে। উল্লেখ্য, যোৱা জুলাইত সীমান্তত গুলীচালনাৰ পিছত অসম-মিজোৰাম সীমান্তত ফাঞ্চনগৰ সীমান্তৰ পাগলাছেৰাত সীমান্ত চকী নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল। জানিব পৰা মতে,কালি কাছাৰ জিলা প্ৰশাসন, লোকনিৰ্মাণ বিভাগ , ঠিকাদাৰ প্ৰতিষ্ঠান সহ আৰক্ষীয়ে সীমান্তৰ দুই কিলোমিটাৰ ভিতৰত সীমা চকী নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ যাওতে এক্সেভেটৰ লগোৱা হৈছিল। কিন্তু মিজো আৰক্ষীয়ে তেওঁলোকক বাধা আৰোপ কৰে। পিছত ৫০০ কিলোমিটাৰ ভিতৰত সীমা চকী নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। কিন্তু কেইবা গাড়ী মাটি পেলোৱাৰ পিছত কাম বন্ধ কৰি দিয়া হয়। ইপিনে আজি খাছিয়াপুঞ্জ স্কুলত অসম আৰু মিজো আৰক্ষীৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় যদিও বৈঠকত কি সিদ্ধান্ত লোৱা হৈছিল সেয়া প্ৰকাশ কৰা নাই।

You might also like