নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইন ভংগ কৰিলে ৫ হাজাৰ টকা জৰিমনা

কাজিৰঙাত বন্যপ্রাণীৰ নিৰাপত্তাৰ বাবে টাইম কার্ড

নিয়মীয়া বার্তা, ২৮ জুনঃ ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বানৰ সৃষ্টি কৰাত বন্যপ্রাণীবোৰৰ সমস্যাৰ সৃষ্টি হৈছে৷ কিছু বন্যপ্রাণীয়ে ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত বন বিভাগে কৃত্রিমভাৱে নির্মাণ কৰা হাইলেণ্ডত আশ্রয় লোৱাৰ বিপৰীতে আন কিছু বন্যপ্রাণীয়ে ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অতিক্রম কৰি কার্বি পাহাৰৰ দিশে গতি কৰাৰ বাতৰি পোৱা গৈছে৷ এইবাৰৰ বানত কোনো বন্যপ্রাণীৰ মৃত্যু হোৱা নাই যদিও কিছু বন্যপ্রাণী বিশেষকৈ পহু খাদ্য আৰু নিৰাপদ ঠাই বিচাৰি যেনি–তেনি ঢ়াপলি মেলিছে৷

ইতিমধ্যে প্রাণৰক্ষাৰ তাড়নাত জনাৰণ্যলৈ ওলাই অহা চাৰিটা পহু আৰু এডাল অজগৰ বনকর্মীয়ে উদ্ধাৰ কৰি নিৰাপদ স্থানত এৰি দিছে৷ উল্লেখ্য প্রতি বছৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বান হ’লে উদ্যানৰ বন্যপ্রাণীবোৰে খাদ্য আৰু নিৰাপদ ঠাই বিচাৰি বিশেষকৈ দক্ষিণ দিশে থকা কার্বি পাহাৰ আৰু ইয়াৰ নামনি এলেকাত আশ্রয় লয়৷ ৩৭নং ৰাষ্ট্রীয় পথ অতিক্রম কৰি কার্বি পাহাৰৰ দিশে ঢ়াপলি মেলোতে তীব্র বেগী গাডীৰ খুন্দাত বন্যপ্রাণী মৃত্যুৰ মুখত পৰে৷

ইফালে বন্যপ্রাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি বোকাখাত আৰু কলিয়াবৰ মহকুমা প্রশাসনে বোকাখাতৰ পৰা জখলাবন্ধালৈকে ৩৭নং ৰাষ্ট্রীয় পথত ১৪৪ ধাৰা জাৰি কৰি যান–বাহনৰ গতিবেগ নিয়ন্ত্রণ কৰিবলৈ জাননী জাৰি কৰিছে যদিও চালকে আইন অমান্য কৰি তীব্র বেগে গাডী চলাই আছে৷ আনহাতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই বন্যপ্রাণীৰ নিৰাপত্তাৰ কাৰণে আজিৰ পৰা যান–বাহনৰ গতিবেগ নিয়ন্ত্রণ কৰিবলৈ টাইম কার্ড দিয়া আৰম্ভ কৰিছে৷

ৰাষ্ট্রীয় উদ্যানখনৰ বন্যপ্রাণীৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাজিৰঙাৰ হালধিবাৰীৰ পৰা বুঢ়াপাহাৰৰ সমীপৰ আমগুৰি লৈকে আনুষ্ঠানিকভাৱে ৰাষ্ট্রীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈ,বনাঞ্চলিক বিষয়া চেলিম আহমেদ, সহকাৰী বন সংৰক্ষক ৰিতোপবন বৰা আদিৰ উপস্থিতিত সঞ্চালক পি শিৱকুমাৰে চালকক টাইম কার্ড প্রদান কৰি আজিৰ পৰা এই ব্যৱস্থা আৰম্ভ কৰে৷

পূব হালধিবাৰীৰ পৰা বুঢ়াপাহাৰৰ আমগুৰিলৈকে মুঠ ২৮ কিলোমিটাৰ পথ অতিক্রম কৰিব লাগিব ৪২ মিনিটত৷ অন্যথা বন আইন ভংগ কৰা চালকে ৫ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব বুলি উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে জানিব দিয়া মতে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষৰ সূত্র মতে ৰাষ্ট্রীয় উদ্যানখনৰ মুঠ ১৮৩টা বন শিবিৰৰ ভিতৰত বানাক্রান্ত বন শিবিৰৰ সংখ্যা বৃদ্ধি পালে ৭৯ টালৈ৷ আনহাতে, বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ দুটা বন শিবিৰ সম্পূর্ণৰূপে বানত বুৰ গৈছে বুলি উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়ে৷ আনহাতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বিশ্বনাথ বন সংমণ্ডল বিষয়া মুকুট দাসে জানিব দিয়া মতে আজি পুনৰ দুটা পহু উদ্ধাৰ কৰা হৈছে৷

উল্লেখ্য যে আজি বিহালী এলেকাত দুটা মৃত পহু বনকর্মীয়ে উদ্ধাৰ কৰে৷ বিষয়াজনে আৰু জানিব দিয়া মতে এই পহু দুটাৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে পোৱা নাই যদিও বানৰ সময়ত আশ্রয় বিচাৰি আহঁোতে কোনো দুষৃকতিকাৰীয়ে নিধন কৰিব পাৰে বা ভতুৱা কুকুৰৰ আক্রমণত মৃত্যু হ’ব পাৰে বুলি সন্দেহ কৰিছে৷ বনকর্মীয়ে অনুসন্ধান চলাই আছে যদিও কোনো লোকক কৰায়ত্ত কৰিব পৰা নাই৷ ইফালে বোকাখাতৰ মহকুমাধিপতিয়ে জানিব দিয়া মতে বোকাখাত ৰাজহ চক্রৰ অধীনত মুঠ ৩১খন গাঁও প্লাৱিত হৈছে৷ বোকাখাত মহকুমাৰ ৭৫০জন লোকৰ ২৭৯.৯৩ হেক্টৰ কৃষি পথাৰ বানত নষ্ট হৈছে বুলিও মহকুমা প্রশাসনে জানিব দিয়ে৷ এতিয়ালৈকে কোনো আশ্রয় শিবিৰ মুকলি কৰা নাই যদিও পানী বাঢ়ি থাকিলে কাইলৈ আশ্রয় শিবিৰ মুকলি কৰিব বুলিও জানিব দিয়ে।

You might also like