নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডুত আৰক্ষীৰ জিম্মাত পিতা–পুত্রৰ মৃত্যু

নিয়মীয়া বার্তা, ২৮ জুনঃ তামিলনাডুৰ টুটিক’ৰিনত আৰক্ষীৰ জিম্মাত পিতা–পুত্রৰ মৃত্যুক লৈ সমগ্র ৰাজ্যখনতে ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ ৰাজধানী চেন্নাইৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্রান্তত জনতাই দোকান–পোহাৰ বন্ধ কৰি বিশাল প্রতিবাদ সাব্যস্ত কৰিছে৷ পিতা–পুত্রক জিম্মাত হত্যা কৰাৰ অভিযোগ তুলি প্রতিবাদী জনতাই দুগৰাকী উপ–পৰিদর্শকসকল্ চাৰি আৰক্ষীক নিলম্বিত কৰাৰ দাবী উত্থাপিত হৈছে৷ উল্লেখ্য যে ৰাজ্যখনৰ টুটিক’ৰিনত ম’বাইলৰ দোকান এখন নির্ধাৰিত সময়তকৈ কেইঘণ্টামান বেছিকৈ খুলি ৰখাৰ বাবেই দোকানখনৰ মালিক পিতৃ পি জয়ৰাজ আৰু পুত্র বেনিকক যোৱা শুকুৰবাৰে গ্রেপ্তাৰ কৰে৷

ইয়াৰ চাৰিদিন পিছত পিতা–পুত্রৰ হাস্পতালত মৃত্যু ঘটে৷ আৰক্ষীয়ে জিম্মাত নির্যাতন চলোৱাৰ বাবে পিতা–পুত্রৰ মৃত্যু ঘটা বুলিও পৰিয়ালৰ লোকে দাবী তুলিছে৷ ইয়াৰ পাছতেই এই ঘটনাটোৱে টুটিক’ৰনৰ পৰিৱেশ উত্তপ্ত কৰি তোলে আৰু এই উত্তপ্ত পৰিস্থিতি পাছলৈ সমগ্র ৰাজ্যখনতে সম্প্রসাৰিত হৈ দোষী আৰক্ষী বিষয়াক শাস্তিৰ দাবীত বিশাল প্রতিবাদ গঢ় লয়৷ আজিও পিতা–পুত্রৰ মৃত্যুক লৈ চেন্নাইকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত প্রতিবাদ সাব্যস্ত হয়৷ ছ’চিয়েল মিডিয়াত এই বিষয়টোৱে ব্যাপক চর্চা লাভ কৰিছে৷ আৰক্ষীৰ নির্মমতাক ছ’চিয়েল মিডিয়াত কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ মৃত্যু ঘটা পিতা–পুত্রৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ আৰু পৰিয়ালৰ লোকক এটা চাকৰি দিয়া হ’ব বুলি মুখ্যমন্ত্রী ই কে পালানা স্বামীয়ে ঘোষণা কৰিছে৷

You might also like