নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত প্রতি ১ মিনিট ৪০ ছেকেণ্ডত HIV ত আক্রান্ত হয় এজনকৈ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ বিশ্বজুৰি প্রতি ১ মিনিট ৪০ ছেকেণ্ডত দুৰাৰোগ্য এইচ আই ভিত এজনকৈ আক্রান্ত হয়৷ ইউনিচেফৰ প্রতিবেদনত এইচ আই ভিক লৈ এই ভয়াৱহ তথ্য প্রকাশ পাইছে৷

প্রতিবেদন মতে, ২০১৯ বর্ষত বিশ্বজুৰি শিশু তথা ২০ বছৰ অনূর্ধ্বৰ এজনকৈ লোক প্রতি ১ মিনিট ৪০ ছেকেণ্ডত নতুনকৈ আক্রান্ত হৈছে৷ ইয়াকে লৈ এইচ আই ভিত আক্রান্তৰ সংখ্যা ২৮ লাখলৈ বৃদ্ধি পাইছে৷ ইউনিচেফৰ ‘ৰিইমাজেনিং এ ৰিছাইলেণ্ট এইচ আই ভি ৰেছপণ্ড ফ’ৰ চিলড্রেন, এড’লেছেণ্ট এণ্ড প্রেগনেণ্ট ৱ’মেন লিভিং উইথ এইচ আই ভি ইন–২০১৯’ শীর্ষক প্রতিবেদন মতে, বিশ্বজুৰি ২০১৯ চনত এইচ আই ভিত ৩.২০ লাখ লোক নতুনকৈ আক্রান্ত হৈছে৷ ইয়াৰে ভিতৰত শিশু আৰু যুৱ বেছি৷ তদুপৰি বর্ষটোত এইডছত ১.১০ লাখ শিশুৰ মৃত্যু হৈছে বুলি প্রতিবেদনখনত প্রকাশ কৰা হৈছে৷

বিশ্বৰ এইচ আই ভিপ্রৱণ ২৯খন দেশত ইউনিচেফে সমীক্ষা চলাই প্রতিবেদনখন যুগুত কৰিছে৷ নতুনকৈ আক্রান্ত ৩.২০ লাখৰ ভিতৰত ১.৫ লাখ ৯ বছৰৰ তলৰ শিশু৷ ইয়াকে লৈ এইচ আই ভিত আক্রান্ত শিশুৰ সংখ্যা ১১ লাখলৈ বৃদ্ধি পাইছে৷ তেনেদৰে নতুনকৈ আক্রান্ত হৈছে ১.৭০ লাখ ১০ৰ পৰা ১৯ বছৰৰ ভিতৰৰ যুৱ৷ এই লৈ উক্ত বয়সৰ বিশ্বত আক্রান্তৰ সংখ্যা ১৭ লাখলৈ বৃদ্ধি পাইছে৷

গুৰুত্বপূর্ণ যে ২০১৯ বর্ষত ১.৩০ লাখ কন্যা এইচ আই ভিত আক্রান্ত হৈছে৷ ল’ৰাৰ তুলনাত এইচ আই ভিত আক্রান্ত কন্যাৰ সংখ্যা অধিক৷ বর্ষটোত ল’ৰা আক্রান্তৰ সংখ্যা ৪৪ হাজাৰ৷ আনহাতে, এই বর্ষটোত এইডছ সম্পর্কীয় মৃত্যুৰ ক্ষেত্রত শিশুৰ মৃত্যু ১.১০ লাখ হোৱাৰ বিপৰীতে ৯ বছৰ অনূর্ধ্বৰ শিশুৰ মৃত্যু হৈছে ৭৯ হাজাৰ আৰু ১০ৰ পৰা ১৯ বছৰৰ ভিতৰত মৃতকৰ সংখ্যা ৩৪ হাজাৰ৷

You might also like