নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকল্পিত যোগী শংকৰদেৱ

(শংকৰদেৱ তিথি উপলক্ষে)

সংস্কৃত য়ুজ ধাতুৰ অর্থ হৈছে যুক্ত হোৱা বা সংযোগ হোৱা, অধিকাৰী হোৱা, মনোনিৱেশ কৰা ইত্যাদি৷ য়ুজ+ ঘিনুণ ইতি যোগঃ৷ এনেদৰে সংস্কৃত য়োগ (অসমীয়াত যোগ) শব্দটো নিষ্পন্ন হৈছে৷ কঠ, তৈত্তিৰীয়, শ্বেতাশ্বতৰ আদি উপনিষদ, ললিতবিস্তৰ আদি বৌদ্ধ গ্রন্থ, আচাৰাংগ আদি জৈন শাস্ত্রত যোগ শব্দটো বিশেষকৈ আত্মাৰ লগত পৰমাত্মাৰ সংযোগ, পৃথিৱীৰ সকলো জীৱৰ লগত ব্যক্তি–আত্মাৰ যোগাযোগ, মানুহৰ লগত মানুহৰ আত্মিক অন্তৰংগতা স্থাপন আদি উচ্চ আদর্শ প্রসংগত আলোচিত হৈছে৷ যিজনে কায়–মনো–বাক্যে নিজৰ আন্তৰাত্মাক বিশ্বপ্রপঞ্চৰ লগত বিলীন কৰি দিব পাৰে, জীৱ–জডক পৰমাত্মাৰ অংশ বুলি ভাবিব পাৰে, অতি সহজভাৱে বুজিবলৈ হ’লে তেৱেঁই যোগী৷ গীতাৰ একাধিক ঠাইত যোগ আৰু যোগীৰ গুণ–লক্ষণাদি বিৱৰি কোৱা হৈছে ষষ্ঠ অধ্যায়ত সহজ ভাষাৰে কোৱা হৈছে– ‘আত্মৌপম্যেন সর্ৱত্র সমং পশ্যতি য়োহর্জুন /সুখং বা য়দি বা দুঃখং স যোগী পৰমো জনঃ (৬/৩২)৷’ গীতাৰ একাধিক শ্লোকত যোগী এজনৰ চাৰিত্রিক বৈশিষ্ট্য আৰু প্রবৃত্তি–নিবৃত্তি আদিৰ বিষয়ে আলোচিত হৈছে৷ তেনেবোৰ লক্ষণযুক্ত ঐতিহাসিক ব্যক্তিৰ ভিতৰত বুদ্ধদেৱৰ পৰা মহাত্মা গান্ধীলৈকে বহু মহান উদাৰ ব্যক্তিৰ নাম লোৱা যায়৷ সেইসকলৰ ভিতৰত শ্রীশংকৰদেৱৰ নামো মান্যতাসহকাৰে উল্লেখ কৰিব পাৰি৷
ওপৰত উল্লেখ কৰা গীতা বাক্যৰ দৰে আত্মৱৎ সর্বভূতেষু বুলি ভাবিব পৰাটোৱেই যোগীৰ প্রথম চর্ত যদি হয়, তেনেহ’লে ‘কুক্কুৰ শৃগাল গর্দভৰো আত্মাৰাম/জানিয়া সবাকো পৰি কৰিবা প্রণাম৷৷’ বুলি কোৱা শংকৰদেৱৰ উদাৰ মনোভাব সহজে অনুমেয়৷ নিমি–নৱসিদ্ধ সংবাদত আৰু স্পষ্টকৈ কোৱা হৈছে– ‘ঈশ্বৰত দেখে যিটো সমস্তে প্রাণীক/প্রাণী সমস্ততো দেখে ঈশ্বৰ মূর্ত্তিক //সমস্তে ঐশ্বর্য ব্যাপি আছে জগতত/হেন যিটো দেখে সিটো মহাভাগৱত৷৷ (৭৮০) ভক্তি প্রদীপত পোৱা যায়– ‘সমস্ত প্রাণীকে প্রকাশন্তে আছে তাহাকেসে কৰো সেৱা৷৷ (১৩২)৷ ‘সর্বং খলু ইদং ব্রহ্ম’ বোলা কথাষাৰিক বোধকৰো ইয়াতকৈ সহজে কোৱাৰ আন উপায় নাই৷ ‘যত জীৱ জংগম /কীট পতংগম/অগ–নগ–জগ তেৰি কায়া’ বুলি ক’ব পৰা শংকৰদেৱে জাতি–ধর্ম–বর্ণ–সম্ ভেদে সকলো মানুহকে যে শ্রদ্ধাসহকাৰে গ্রহণ কৰিব পাৰিব, সি স্বাভাৱিক কথা৷ তেনে ভালেমান উদাহৰণ জীৱনী আৰু চৰিত্রতো পঢ়িবলৈ পোৱা যায়৷
এনে উদাৰ মনোভাবৰ বন্ধু–বান্ধৱ আমি এতিয়াও লগ পাওঁ৷ এনে লোকৰ অন্যতম লক্ষণ হৈছে নিঃস্বার্থ ত্যাগ৷ নিজৰ ভাগৰ দুপৰীয়াৰ ভাত সাঁজ, নিজৰ একমাত্র গৰম কাপোৰখন, জেপৰ বা বেগৰ তলিতে পৰি থকা টকাকেইটা কাৰোবাৰ অভাৱ গুচাবলৈ ত্যাগ কৰা লোকৰ সংখ্যা মুঠেই কম নহয়৷ এনে ত্যাগ কিমান সুদূৰপ্রসাৰী আৰু লোক কল্যাণকাৰক হ’ব পাৰে তাক শংকৰদেৱৰ জীৱনৰ পৰা বুজি ল’ব পাৰি৷
শংকৰদেৱৰ উপৰিপুৰুষ ভূঞাসকল একোটা ভূখণ্ডৰ ভূস্বামী আছিল৷ কমতাৰ ৰজা দুর্লভ নাৰায়ণৰ লগত চণ্ডীবৰৰ সম্বন্ধ ৰাজধৰৰ মধ্য অসমলৈ উজাই আহি ৰাজ্য স্থাপন, ভোট–কছাৰীৰ আক্রমণৰ প্রতিৰোধ ইত্যাদি ঘটনাৰ পৰা সেইসকলৰ প্রতিৰক্ষা আৰু প্রশাসনিক দক্ষতা সম্পর্কে বুজিব পাৰি৷ শংকৰদেৱে তেনে জ্ঞান পাৰিবাৰিক পৰম্পৰাক্রমে লাভ কৰিছিল৷ কিছুদিনৰ বাবে ভূঞা পদৰ দায়িত্বও লৈছিল৷ দুই–এটা শোকাৱহ ঘটনাৰ পিছত যে শংকৰদেৱে ভায়েক, খুৰাকৰ হাতত সেই অধিকাৰ স্বেচ্ছাই তুলি দি তীর্থলৈ বুলি ওলাই গৈছিল তাক জীৱনীবোৰত বাৰম্বাৰ দোহৰা হৈছে৷ পত্নী বিয়োগ আৰু কন্যাদানৰ দুখত শংকৰদেৱে এনে ত্যাগ স্বীকাৰ কৰাটো স্বাভাৱিক৷ কিন্তু তাৰ আঁৰত শংকৰদেৱৰ এক দৃঢ় সংকল্পৰো ইংগিত পাব পাৰি৷
আচলতে শংকৰদেৱে শিৰোমণি ভূঞাৰ পদত্যাগ কৰাটোৱেই অসম–কামৰূপ–বেহাৰ্ ধৰি সৰু–ডাঙৰ চুবুৰীয়া ৰাজ্যৰ ইতিহাস এক ভিন্ন ৰূপত ৰচনাৰ ইংগিত আছিল৷ নহ’লে শংকৰদেৱৰ সবল নেতৃত্বত ভূঞাৰাজ্য মধ্য অসমৰ এখন প্রতাপী ৰাজ্য হৈ উঠিলেহেঁতেন৷ এটা সুসংহত ৰাজশক্তিয়ে অৱস্থান কৰিলেহেঁতেন৷ হয়তো অসমৰ ইতিহাসত এক প্রতাপী শক্তিৰ উত্থানে তদানীন্তন ৰাজনৈতিক মানচিত্রও সলনি কৰিলেহেঁতেন৷ ভূষণ দ্বিজৰ চৰিতৰ মতে, তীর্থৰ পৰা অহাৰ পিছতো এশ গিৰিৰ ওপৰত গোমস্তা পদ শংকৰদেৱক যাচিছিল৷ তাকো হৰি জেজাৱাইক দিলে৷ মনৰ ভিতৰত আন কিবা এটা কৰাৰ ভাবে দৃঢ় খোপনি নাপাতিলে তেনে বয়সত, তেনে যোগ্যতাৰে তেনে ত্যাগ সাধাৰণ যেন নালাগে৷
কৈশোৰ অৱস্থাৰ পৰা হঠযোগ অভ্যাসেৰে শংকৰদেৱে এক সুঠাম–সবল শৰীৰ গঢ়ি তুলিছিল৷ অসাধাৰণ শক্তিৰে ষঁাড গৰু বগৰোৱা, ভৰা লুইত সাঁতুৰি পাৰ হোৱা আদি শাৰীৰিক দক্ষতাৰ কথা, চৰিত পুথিসমূহত লিপিবদ্ধ হৈছে৷ বৰদোৱাৰ পৰা আঁতৰি আহিবৰ সময়ত কছাৰী আক্রমণকাৰীসকলক গাৰ বলেৰে হোঁহকাই কীর্তনৰ ৰছী থোৱা খণ্ডকেইটা উদ্ধাৰ কৰা কথাই শংকৰদেৱৰ বল–পৰাক্রমৰ প্রতি বিশ্বাস জন্মায়৷ তাৰ লগতে কীর্তনৰ ৰূপত সংকল্পিত সাৰস্বত সাধনাকে যে তেখেতে বুকুত বান্ধি ওলাই আহিছিল তাকো বুজিব পাৰি৷ প্রশাসনিক জ্ঞানৰ লগতে সেইখিনি বল–বিক্রমেৰে শংকৰদেৱ কোনোখন ৰাজ্যৰ সেনাধ্যক্ষ বা মন্ত্রী–পাত্রমন্ত্রী হ’ব পাৰিলেহেঁতেন৷ কিন্তু তেওঁ কোনো ৰাজশক্তিৰ ওচৰ নাচাপিল৷ এনেবোৰ কথাৰ পৰা আমাৰ মনলৈ কেতিয়াবা এনে ভাবো আহে যে আইতাক খেৰসুতীয়ে যেন নাতিয়েকক ভৱিষ্যদর্শন কৰোৱাইহে কৈছিল যে ‘ৰজাক স্বদেশে পূজে ঃ বিদ্যাৱন্ত সর্বদেশে পূজ্য৷’ শংকৰদেৱৰ জীৱনত আপ্তবাক্যৰ দৰে হৈ পৰা এইষাৰ কথাৰ মান শংকৰদেৱে ৰাখিছিল৷ কিন্তু আমাৰ তেনে চিন্তা আগবাঢ়িব খুজিলে আন এটা চিন্তাই বাট ভেটি ধৰে৷ তীক্ষ্ণধী শংকৰদেৱে ছাত্রাৱস্থাৰ পৰা আয়ত্ত কৰা জ্ঞান–বিদ্যাৰে কোনো চতুষ্পাঠী বা পাঠশালাৰ অধ্যাপক গুৰু হ’ব পাৰিলেহেঁতেন৷ বিদ্যাদানৰ পুণ্যৰ লগতে একে ঠাইতে থাকি এক সুস্থিৰ আৰু সচ্ছল গার্হস্থ্য জীৱন যাপন কৰিলেহেঁতেন৷ তাৰ লগতে ৰাজপৰিয়াল আৰু অভিজাতসকলৰ পৰা অর্থ–কডি লাভ আৰু সমাজত যশ–সন্মানো লাভ হ’লহেঁতেন৷ জ্ঞান–বিদ্যাৰ উপৰি শংকৰদেৱৰ আছিল দৈৱদত্ত কাব্য–প্রতিভা৷ বেদ–উপনিষদৰ পৰা মাঘ–ভাৰবিকে সামৰি গীতা–পুৰাণলৈকে বহু কাব্য আৰু বহু শাস্ত্র অধ্যয়নেৰে শংকৰদেৱৰ কাৰয়িত্রী আৰু ভাৱয়িত্রী উভয়বিধ প্রতিভাই পৰিপুষ্টি লাভ কৰিছিল৷ সেইখিনিৰে তেখেতে কোনো প্রতাপী ৰজাৰ ৰাজসভাত সভাপণ্ডিতৰূপে থাকি সাহিত্য চর্চাৰ অনেক সুবিধা তেখেতে পালেহেঁতেন৷ কিন্তু শংকৰদেৱে তাকো নকৰিলে৷ জীৱনৰ শেষ বয়সত যিটি ৰাজভতিমাৰে নৰনাৰায়ণ ৰজাৰ প্রশস্তি আগবঢ়ালে, তেনে দুটামান আগবয়সতে ৰচা হ’লে অসম–বেহাৰ–কামৰূপ্ ৰাজকীয় প্রতিপত্তি ভোগ কৰাৰ সুবিধাও পালেহেঁতেন৷ কিন্তু কোনো বিপৰীত ভাব পোষণ নকৰিও শংকৰদেৱ সদায় ৰাজ অনুগ্রহৰ পৰা সন্তর্পণে আঁতৰি থাকিল৷
পিতৃ কুসুম্বৰৰ পৰা জন্মগতভাৱে পোৱা গন্ধর্ব বিদ্যাৰে গীতিকাৰ, সংগীতকাৰ, গায়ক, বাদক, নর্তক, নাট্যশিল্পীৰূপেও নিজ গুণেৰে প্রতিষ্ঠা বিচাৰি ল’ব পাৰিলেহেঁতেন৷ কিন্তু ব্যক্তিগত খ্যাতি আৰু বৈষয়িক সুখক আওকাণ কৰি সেইখিনি প্রতিভা খুটৱাই সমাজৰ সমুন্নতিৰ বাবেহে শংকৰদেৱ সংকল্লিত হ’ল৷
দুবাৰকৈ দীঘলীয়া তীর্থ ভ্রমণকালত শংকৰদেৱে বহু সমৃদ্ধ সংস্কৃতিৰ সংস্পর্শ লাভ কৰিছিল৷ বহু বিদ্বান, সাহিত্যিকৰ সান্নিধ্য লাভ কৰিছিল৷ তীর্থক্ষেত্রৰ বিদ্বৎ সভাত শাস্ত্র–ব্যাখ্যানৰ সুবিধা আৰু সন্মান পাইছিল৷ ৰূপ গোস্বামী, সনাতন গোস্বামীৰ দৰে ভক্তি–তাত্ত্বিক পণ্ডিত অনুৰাগীও বিভিন্ন ঠাইত শংকৰদেৱৰ লগত গোট খাইছিলহি৷ সেইবোৰ খবৰ চৰিত পুথিৰ উপৰি ব্রহ্মানন্দ, ৰূপ গোস্বামী প্রমুখ্যে তত্ত্বজ্ঞৰ কথা প্রসংগৰ পৰা জানিব পৰা যায়৷ চৈতন্য চৰিত, বিদগ্ধ মাধৱ নাটকৰ দৰে উৎসৰ পৰা বহিঃসমৰ ভক্তিধর্ম প্রচাৰকৰ মাজত শংকৰদেৱৰ স্থান–মানৰ বিষয়ে অনুমান কৰিব পাৰি৷ সেই সময়ত পৰিৱেশ আৰু পৰিস্থিতিৰ আনুকূল্যৰ প্রতি লক্ষ্য ৰাখি শংকৰদেৱে তীর্থযাত্রাৰ পৰৱর্তী কালৰ কার্যসূচী জগন্নাথ ক্ষেত্র, বৃন্দাবন, মথুৰা আদি ভক্তিভূমিত পৰিকল্পনা কৰিব পাৰিলেহেঁতেন৷ জপ–তপ–স্নান–দান নিজৰ মুক্তিৰ পথ প্রশস্ত কৰিব পাৰিলেহেঁতেন৷ তাকে নকৰি আপোন মানুহখিনিৰ ওচৰলৈকে ঘূৰি আহিল৷ পুৰণা ঘৰখনলৈকে ঘূৰি আহি পৰিয়াল–পৰিজন আৰু ৰাইজ–ৰায়তৰ বাবে পিতাকৰ সৰিয়হতলীতে হৰিগৃহ, মণিকূট, চাৰিহাটী সজোৱাই ৰামৰাম আদি দুজনমান সংগীৰে সৈতে নিজৰ মাটিতে এক নতুন সাংস্কৃতিক প্রকল্প স্থাপনৰ কাম আৰম্ভ কৰিলে৷ গীত, মাত, নাট, ধর্মক সামৰি সংকল্প সিদ্ধিৰ পথ নিজে ৰচনা কৰি ল’লে৷
অতি ক্ষিপ্রভাৱে ওপৰত কৰা অৱলোকনৰ পৰা বুজা যায় যে ব্যক্তিগত উৎকর্ষৰ সকলো সম্ভাৱনাক শংকৰদেৱে ত্যাগ কৰিছিল কাকো দুখ নিদিয়াকৈ, কোনো সংঘর্ষ নোহোৱাকৈ৷ এইখিনিতে মহাবীৰ, বুদ্ধদেৱ, জয়দেৱ, মীৰাবাঈ, তুকাৰাম প্রমুখ্যে সন্তসকলতকৈ শংকৰদেৱৰ ত্যাগৰ স্বৰূপ সুকীয়া৷ এজনৰ বহু ত্যাগে বহুজনৰ ভোগ সুচল কৰি তুলিলে৷ তাকো তাৎক্ষণিকভাৱে৷ ধর্ম প্রচাৰৰ সৈতে বিৰোধ সৃষ্টি নকৰাকৈ শংকৰদেৱে গার্হস্থ্য ধর্ম পালন কৰিছে আৰু পৰিয়াল–পৰিজন, ৰাইজ–ৰায়তৰ মাজৰে এজন হৈ সমাজৰ বাবে বা সমষ্টিৰ বাবে এক নিজস্ব আর্হি গঢ়ি লৈছে৷ নিজে জল–পংকমুক্ত পদ্মৰ দৰে হৈ থাকিব পাৰিছে সংযমী হোৱাৰ বাবে৷ যোগশাস্ত্রৰ অন্যতম নীতি হৈছে সংযম৷ ত্যাগৰ উদ্যোক্তাত হৈছে সংযম৷ ভকতিক সুস্থিৰ কৰে সংযমে৷ শংকৰদেৱে তাকে ‘নিয়ম’ বুলি কৈছে৷ এনেদৰে – ‘হেন জানি যিটো/মনক নিয়মি/কৃষ্ণত ভকতি কৰে’ তেৱেঁই ‘এডাই মৃত্যু ভয়/সুখে সংসাৰক তডে (পদ ৫৯) ৷’ এনে সংযম যোগীজনৰ বাবেহে অনুমোদিত৷ শংকৰদেৱে সংযমী হোৱাটো সহজ কথা নহয়৷ যোগীজনৰ বাবেও ই ‘পৰম দুস্কৰ’৷ – ‘যোগীৰো বিষম/মনক নিয়ম/কৰিবে কাৰ শকতি৷৷ (পদ ৬০খ) শংকৰদেৱৰ ৰচনাত ভালেমান প্রসংগত যোগীজনৰ উল্লেখ পোৱা যায়৷ যোগী শব্দৰ পৰা শংকৰদেৱে পতঞ্জলিৰ যোগ দর্শনত কোৱা যোগীজনকে বুজাইছে বুলি অনুমান হয় এই কাৰণেই যে ত্যাগ, সংযম, নিষ্কাম ভদৱদ্ ৰতি আদিৰ প্রসংগত যোগী এজনৰ তুলনা, লক্ষণ আদি শংকৰদেৱে কয়৷ বুজিব পাৰি পতঞ্জলি যোগ দর্শন তেখেতে খৰচি মাৰি পঢ়িছিল৷ কিন্তু সমজুৱাকৈ পতঞ্জলিক অনুসৰণ কৰা নাছিল৷ শংকৰদেৱে শ্রৱণ–কীর্তনৰ সমানে স্মৰণ ভক্তিৰ আলোচনা কৰোঁতে কৃষ্ণৰ ৰূপধ্যানৰ কথা কৈছে নিজৰ ভাষাত৷ কিন্তু ধ্যানৰ লগত যোগদর্শনে কোৱা সমাধিক কিন্তু শংকৰদেৱে সমর্থন কৰা নাই৷ নিমি–নৱসিদ্ধ সংবাদতে ভকতিৰ শ্রেষ্ঠত্ব বুজাবলৈ গৈ কৈছে– ‘যিটো মহাযোগী সদা সমাধিত ৰতি/কোটি জন্মো নুহি তাৰ সপ্রেম ভকতি৷৷ (পদ ৭০)৷
ভক্তিধর্ম প্রচাৰ শংকৰদেৱৰ সংকল্প আছিল৷ ৰচনাৱলীৰ পাতত ধীৰে ধীৰে উন্মোচিত হয় এজন নিষ্কাম ভক্তৰ দৃঢ় সংকল্প৷ কৃষ্ণ ভগৱান উপাস্য অর্থাৎ আধাৰ৷ শীল, মন, বুদ্ধি–ৰুচি পৰিশীলন হ’ল পাঠকৰ প্রতি শংকৰদেৱৰ অন্যতম উপদেশ৷ বিশুদ্ধ চিত্তে শ্রৱণ–কীর্তন–স্মৰ্ হৈছে সাধনমার্গ৷ কেৱল শুনা আৰু কোৱাই নহয়৷ মনত ধৰি ৰাখা – নামৰূপে আৰু ৰূপৰূপে৷ এয়া উপদেশ আনৰ বাবে৷ নিজে কিন্তু ইমান ওচৰতে উপাস্যজনক স্থাপনা কৰি লৈয়ো ক’তো নিজৰ বাবে আবেদন নাই, নিবেদন নাই, প্রার্থনা নাই৷ ক’তো নিজৰ বাবে বা আনৰ বাবেও ‘দেহি, দেহি’ৰ ভাব নাই৷ ৰূপং দেহি, জয়ং দেহি, য়শো দেহি’ বুলি কৃষ্ণক এবাৰো নিজৰ বাবে অনুৰোধ কৰা নাই৷ আনকো কৰিবলৈ কোৱা নাই৷ অন্তিম ৰচনা ৰামবিজয় নাটৰ মুক্তি মংগলত এষাৰ মাত্র নিজৰ অপৰাধ মৰিষণৰ বাবে প্রার্থনা আছে – ‘ৰামক চৰণ শৰণ লেহু জানি৷ সব অপৰাধক মৰষ তুহু স্বামী৷’ নিজৰ বাবে মাত্র এষাৰ প্রার্থনা – তাকো জীৱনৰ শেষ পদফাকিত৷ তাৰ বিপৰীতে তেখেতৰ সমগ্র ৰচনাৱলীত লিপ্ত হৈ আছে মংগল কামনা – মানুহৰ বাবে জীৱৰ বাবে৷ তাকো কৰিছে সততাৰ, সাধুতাৰ, শীল স্বভাৱৰ উপদেশেৰে৷ নিজৰ সকলো আসক্তি নিৰাসক্তিলৈ, সকলো অনুৰাগৰ বীতৰাগলৈ উন্নীত কৰি ওৰেটো জীৱন সংযুক্ত হৈ ৰৈছে মানুহৰ লগত – ভগৱানৰ লগত – এজন প্রকৃত যোগীৰ দৰে৷

মালিনী গোস্বামী, লেখক অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য
ফোন: ৯৮৬৪০–৩৮১৮৬

You might also like