নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা (স্বাধীন)ৰ কূটাঘাত, ধন দাবী সহ্য কৰা নহ’ব সকীয়নি আৰক্ষী সঞ্চালকপ্রধানৰ

নিয়মীয়া বার্তা, ২৬ মে’: শান্তি আলোচনাৰ পৰিৱেশ গঢ়ি উঠাৰ সময়তে আলফা (স্বাধীন) হঠাৎ সক্রিয় হৈ পৰা ঘটনাই যথেষ্ট চর্চা সৃষ্টি কৰিছে৷ বিশেষকৈ বিদ্রোহী সংগঠনটোলৈ জাকে জাকে যুৱক–যুৱতীৰ গমন আৰু গোপন শিবিৰত অসমীয়া যুৱকক মৃত্যুদণ্ড দিয়া ঘটনাক লৈও সর্বত্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ এনে চর্চা–প্রতিক্রিয়াৰ মাজতে আলফাক সকীয়ালে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ শিৱসাগৰত গুণোৎসৱত ভাগ লোৱাৰ পাছতে সাংবাদিকৰ আগত শীর্ষ আৰক্ষী বিষয়াগৰাকীৰ মন্তব্য– আলফা (স্বাধীন)ৰ কূটাঘাত, ধন দাবীক কোনো কাৰণতে সহ্য কৰা নহ’ব৷ অসম আৰক্ষী বহি থাকিব নোৱাৰে৷ কোনোবাই ক’ৰবাত বোমা দিব, অপহৰণ কৰিব, ধন দাবী কৰিব, সেয়া অসম আৰক্ষীয়ে হ’ব নিদিয়ে৷

উল্লেখ্য যে উজনি অসমত হঠাৎ সক্রিয় হৈ পৰা আলফা (স্বাধীন)–এ শেহতীয়াকৈ অইল, অ’ এন জি চিলৈ ভাবুকি প্রদান কৰিছে৷ বিদ্রোহী সংগঠনটোৰ এনে তৎপৰতাক লৈ উজনিত ইতিমধ্যে অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ কেইবাখনো শীর্ষ পর্যায়ৰ বৈঠক৷ মুখ্যতঃ আলফাৰ সম্ভাব্য কূটাঘাত ৰোধৰ বাবে অনুষ্ঠিত এই বৈঠকৰ পাছতেই আজি আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ এই সকীয়নি অতি তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷ শীর্ষ বিষয়াগৰাকীৰ মন্তব্য– শেহতীয়াকৈ আলফাই কিছু কছৰৎ কৰা পৰিলক্ষিত হৈছে৷ গতিকে আমি চিন্তা কৰিছোঁ, সাধাৰণ ৰাইজৰ যাতে কোনোধৰণৰ ক্ষতি নহয়৷ অসম আৰক্ষীয়ে নিৰাপত্তাৰ প্রতিৰোধমূলক ব্যৱস্থাসমূহ ল’ব৷ ৰাইজে সেয়া বিচাৰে৷ এই ধৰণৰ পদক্ষেপ আমি যথেষ্ট কঠোৰভাৱেই ল’ম৷

ইফালে আলফা (স্বাধীন)ৰ বাতৰি সংবাদ মাধ্যমত প্রচাৰ কৰা সন্দর্ভত সঞ্চালকপ্রধানগৰা মন্তব্য– সংবাদ মাধ্যমৰ স্বাধীনতা সন্দর্ভত হঠাতে আৰক্ষীয়ে কোনো সিদ্ধান্ত গ্রহণ নকৰে৷ বিষয়টো বৈধ ব্যৱস্থাৰ মাজেৰে আগুৱাই নিয়া হ’ব৷ ইয়াৰ বাবে আমাৰ পৰীক্ষা–নিৰীক্ষা চলি আছে৷

You might also like