নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ মাংকিপক্সৰ আতংক

ক’ৰোনা মহামাৰীয়ে দুবছৰ ধৰি বিশ্বজুৰি তাণ্ডৱ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ মানৱ শৰীৰত ধৰা পৰিছে ভয়াৱহ মাংকিপক্সৰ উপস্থিতি৷ মূলতঃ আফ্রিকাত প্রথম প্রাদুর্ভাৱ ঘটা এই মাংকিপক্সৰ সংক্রমণ এতিয়া বিশ্বৰ ১৫খন দেশলৈ বিয়পিছে৷ আমেৰিকা আৰু ইউৰোপত ইতিমধ্যে মাংকিপক্সক লৈ সৃষ্টি হৈছে আতংক৷ শেহতীয়াকৈ বেলজিয়াম চৰকাৰে মাংকিপক্সত আক্রান্তসকলৰ বাবে ২১ দিনৰ কোৱাৰেণ্টাইন আৱশ্যকীয় বুলি ঘোষণা কৰিছে৷ কোৱাৰেণ্টাইন বা বিচ্ছিন্নবাসত আক্রান্ত লোকসকলক ৰখাটো জৰুৰী বুলি ঘোষণা কৰাৰ উপৰি বেলজিয়ামে ইতিমধ্যে এই মহামাৰীক প্রতিৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ লক্ষণীয়ভাৱে বেলজিয়ামে প্রথম মাংকিপক্সত আক্রান্ত ৰোগীক ২১ দিনৰ বাবে বিচ্ছিন্নবাসত ৰখাৰ সিদ্ধান্ত লৈছে৷ চিকিৎসা বিশেষজ্ঞসকলৰ মতে ছালত বিভিন্ন উপসর্গই দেখা দিয়াৰ উপৰি জ্বৰ, প্রচণ্ড মূৰৰ বিষ আদিও মাংকিপক্সৰ লক্ষণ৷ সাধাৰণতে স্মলপক্সৰ দৰেই মাংকিপক্সৰ লক্ষণসমূহ৷ আফ্রিকাৰ বিভিন্ন দেশত এই ভাইৰাছৰ তাণ্ডৱ চলিছিল যদিও বিশ্বৰ অন্য প্রান্তলৈ ইয়াৰ সংক্রমণ ঘটা নাছিল৷ প্রথম বান্দৰৰ শৰীৰত ভাইৰাছবিধৰ সন্ধান মিলিছিল বাবেই ইয়াক মাংকিপক্স বুলি অভিহিত কৰিছিল চিকিৎসা বিজ্ঞানীসকলে৷ ১৯৭০ চনত কংগোত প্রথম মানৱ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ কিন্তু বিগত মাত্র কেইটামান সপ্তাহৰ ভিতৰত ইউৰোপ, আমেৰিকা আৰু কানাডাত উদ্বেগজনকভাৱে এই ভাইৰাছৰ সংক্রমণ ঘটিছে৷ আফ্রিকাৰ পৰা ইউৰোপীয় দেশসমূহৰ উপৰি আমেৰিকা আৰু কানাডালৈ ইয়াৰ সংক্রমণ কেনেদৰে ঘটিল, তাক লৈ আশ্চর্য প্রকাশ কৰিছে চিকিৎসা বিজ্ঞানীসকলে৷ অৱশ্যে ক’ৰোনাৰ দৰে এই মাংকিপক্স প্রাণঘাতী নহয় বুলি বেলজিয়ামৰ সংক্রামক ৰোগ বিশেষজ্ঞসকলে সদৰী কৰিছে৷ কিন্তু আক্রান্ত লোকসকলক স্পর্শ কৰিলেই সুস্থ লোক অতি দ্রুতগতিত এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হ’ব পাৰে বুলি সতর্কবাণী কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে৷ গতিকে সাৱধানতা আৰু ৰোগীৰ পৰা দূৰত্ব অক্ষত ৰখাটো হৈছে অতি জৰুৰী কাম৷ সাৱধানতা অৱলম্বন নকৰিলে মাংকিপক্সেও বিশ্বজুৰি সংক্রমণৰ সংহাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷
ইউৰোপীয় দেশ ব্রিটেইনত এতিয়ালৈকে মাংকিপক্সত আক্রান্ত হৈছে ২০জন ব্যক্তি৷ ব্রিটেইনৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি নাইজেৰিয়াৰ পৰা অহা এজন ৰোগীৰ দেহত যোৱা ৭ মে’ত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল৷ ৭ মে’ৰ পাছত এতিয়ালৈকে এই ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত লোকৰ সংখ্যা ২০জনলৈ বৃদ্ধি পোৱাৰ লগে লগে ব্রিটেইনৰ স্বাস্থ্য বিভাগে মাংকিপক্সক প্রতিৰোধ কৰিবলৈ বিশেষ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা প্রয়োজন বুলি ঘোষণা কৰিছে৷ আমেৰিকাতো লাহে লাহে বিয়পিছে এই ৰোগ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি এতিয়ালৈকে সমগ্র পৃথিৱীত ৯২জন লোক মাংকিপক্সত আক্রান্ত হৈছে৷ ইফালে, অন্য ২৮জন লোক এই ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হোৱা বুলি সন্দেহ কৰি এই লোকসকলৰ ওপৰত নজৰ ৰাখিছে স্বাস্থ্য বিভাগে৷ আমেৰিকা আৰু ইউৰোপৰ উপৰি কানাডা তথা লেটিন আমেৰিকাৰ দেশ আর্জেণ্টিনাতো মাংকিপক্সৰ সংক্রমণ ঘটিছে৷ কানাডা আৰু আর্জেণ্টিনাই এই ভাইৰাছবিধৰ কেনেদৰে সংক্রমণ ঘটিল এই কথা এতিয়াও ঠাৱৰ কৰিব পৰা নাই৷ লক্ষণীয় যে বিশ্বত বিভিন্ন সময়ত মাৰাত্মক মহামাৰীৰ প্রাদুর্ভাৱ ঘটিছে মূলতঃ আফ্রিকাৰ দেশসমূহৰ পৰা৷ পশ্চিম আফ্রিকাৰ দেশসমূহত মাৰাত্মক ইবোলাই সংহাৰ সৃষ্টি কৰাৰ পাছতে এইবাৰ আফ্রিকাতেই প্রথম উপস্থিতি ধৰা পৰা মাংকিপক্সক লৈ সৃষ্টি হৈছে বিশ্বজুৰি আতংক৷ অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই এতিয়াও এই ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগাবলৈ জৰুৰী ব্যৱস্থা গ্রহণ কৰা নাই৷ কিন্তু ক’ৰোনা মহামাৰীয়ে দুটা বছৰ ধৰি বিশ্বত লাখ লাখ লোকৰ প্রাণ কঢ়াৰ পাছত মাংকিপক্সক লৈ বহু দেশত সৃষ্টি হৈছে আতংক৷ এই আতংকৰ পৰা পৰিত্রাণ পাবলৈ সতর্কতামূলক ব্যৱস্থা গ্রহণেই একমাত্র পথ বুলি ইতিমধ্যে বিশেষজ্ঞ চিকিৎসকসকলে ঘোষণা কৰিছে৷ কিন্তু ইউৰোপৰ দেশসমূহত যদি সঘনে মাংকিপক্সত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থাকে, তেন্তে ই নতুন সন্ত্রাস হিচাপে চিহ্ণিত হ’ব৷ গতিকে এই ভাইৰাছৰ দ্বাৰা আক্রান্ত দেশসমূহৰ তৰফৰ পৰা ইয়াক প্রতিৰোধৰ বাবে যুদ্ধকালীন ব্যৱস্থা গ্রহণ কৰাটো জৰুৰী হৈ পৰিছে৷

You might also like