নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ হটস্পট ৰূপে চিহ্নিত গুৱাহাটীৰ আঠগাঁওস্থিত কবৰস্থান মছজিদ ৰাজ্যবাসীৰ বাবে শংকা আৰু উদ্বিগ্নতাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ক’ভিড-১৯ ত আক্ৰান্ত তিনিজন ব্যক্তিয়ে আঠগাঁও কবৰস্থান মছজিদত মাছুৰাত(বৈঠক) অংশগ্ৰহণ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাচতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে শুকুৰবাৰে মছজিদটো ১৪ দিনৰ বাবে ছীল কৰি দিয়ে । ইয়াৰ পাচতে মছজিদটোৰ আশে-পাশে থকা লোকসকলৰ মাজত আতংক সৃষ্টি হৈছে । ইয়াৰ মাজতে মছজিদ কমিটীয়ে আঠগাঁও কবৰস্থানত জানাজা সাময়িকভাৱে নিষিদ্ধ কৰিছে । আঠগাঁও কবৰস্থানৰ পৰিৱৰ্তে ছাবিপুল কবৰস্থান অথবা ইছলামপুৰ কবৰস্থানত জানাজা কৰিব পাৰিব । এইক্ষেত্ৰত এই দুয়োটা কবৰস্থান কমিটীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আঠগাঁও কবৰস্থান কমিটীৰ সম্পাদক মহম্মদ মুৰতাজাই । উল্লেখ্য যে, জিলা প্ৰশাসনে মছজিদটো কণ্টেইনমেণ্ট জ’নলৈ ৰূপান্তৰ কৰি ১৪ দিনৰ বাবে ছীল কৰাৰ পাছতে মছজিদটোৰ মূল প্ৰৱেশদ্বাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে । কোনো লোকক উপাসনাৰ বাবে যাবলৈ দিয়া হোৱা নাই আৰু কোনো লোককে মছজিদৰ পৰা বাহিৰলৈ আহিবলৈ দিয়া নাই । যিসকল ধৰ্মীয় কাৰ্যসূচী সম্পাদনৰ বাবে মছজিদটোত আছে সেইসকল লোকক অত্যাৱশ্যকীয় সকলো সামগ্ৰী প্ৰশাসনৰ তৰফৰ পৰা যোগান ধৰা হৈছে । উল্লেখ্য যে, যোৱা ১২ মাৰ্চৰ নিশা আঠগাঁও কবৰস্থান মছজিদত ১০০ জন লোকৰ উপস্থিতিত অনুষ্ঠিত হৈছিল মাছুৰা । অসমৰ প্ৰথমজন ক’ৰোনা আক্ৰান্ত জামালুদ্দিনৰ লগতে মৃত্যু হোৱা ফাইজুল হক বৰভূঞা , ধুবুৰীৰ জামালুদ্দিন হাজী আৰু ৰহিমুদ্দিন নামৰ লোকজনেও অংশগ্ৰহণ কৰিছিল এই মাছুৰাত । ইয়াৰ পাচতেই প্ৰশাসনে আঠগাঁও কবৰস্থান মছজিদক ক’ৰোনা ভাইৰাছৰ হটস্পট ৰূপে ঘোষণা কৰে । উল্লেখ্য যে এই মাছুৰাত অংশ লোৱা ১০০ জন লোকৰ ৫৮ জন লোকক চিনাক্ত কৰা হৈছে যদিও কেইবাজনো লোক বৰ্তমানো পলাতক হৈ আছে ।