নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু মাৰ নাখাওঁ, এতিয়া ওলোটাই মৰাৰ সময়

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ শিল্পী, ছাত্ৰ সমাজ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে জুবিন গাৰ্গৰ ঘোষণা গঠন কৰিম নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দল । শনিবাৰে শুৱালকুছিত সদৌ অসম ছাত্ৰ সন্থা আৰু শিল্পী সমাজৰ কা বিৰোধী প্ৰতিবাদৰ মাজতে এই বিকল্পৰ কথা ঘোষণা কৰে শিল্পীগৰাকীয়ে ।

ভাষণ প্ৰসংগত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ গৰাকীয়ে উল্লেখ কৰে যে, ২১ ৰ নিৰ্বাচনত মই কংগ্ৰেছ, বিজেপি অথবা অগপ কাকো সমৰ্থন দিব নোৱাৰো । গতিকে অসমীয়া মানুহক এতিয়া প্ৰয়োজন হৈছে বিকল্পৰ । ইয়াৰ বাবে ২০২১ চনৰ পূৰ্বে আমি এক বিকল্প আঞ্চলিকতাবাদী শক্তি গঠন কৰিব লাগিব বুলি উল্লেখ কৰে জুবিন গাৰ্গে ।

ইফালে , এই নতুন ৰাজনৈতিক দল গঠন কৰিব যদিও জুবিন গাৰ্গে ৰাজনীতিত অংশ নলয় বুলিও উল্লেখ কৰে । দলটোৰ বাবে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলেও কিন্তু নিজে নিৰ্বাচন আৰু ৰাজনীতিৰ পৰা বিৰত থাকিব বুলি কয় জুবিনে । নতুন শক্তিশালী আঞ্চলিক দল গঠনৰ প্ৰয়োজনীয়তা উল্লেখ কৰি সকলোৱে বিশ্বাসঘাটকতা কৰিছে বুলিও কয় শিল্পীগৰাকীয়ে ।

আনৰ ওপৰত বিশ্বাস কৰি বহুত মাৰ খালো এতিয়া আৰু মাৰ নাখাওঁ ওলোটাই মৰাৰ সময় এইয়া বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শিল্পীগৰাকীয়ে । 

You might also like