নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউৰোপৰ নর্থ চেনেল সাঁতুৰি ইতিহাস ৰচিলে অসম সন্তান এলভিছ আলী হাজৰিকাই

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: ইউৰোপৰ নর্থ চেনেল সাঁতুৰি ইতিহাস ৰচিলে ভাৰতৰ দীর্ঘ দূৰত্বৰ সন্তৰণবিদ অসম সন্তান এলভিছ আলী হাজৰিকাই৷ ইউৰোপৰ নর্থ চেনেলৰ নর্থ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ সফলতাৰে সাঁতোৰ সম্পন্ন কৰাত অসম সন্তানগৰাকীৰ সংগী আছিল পশ্চিমবংগৰ ৰিমো সাহা৷ নর্থ চেনেল সাঁতুৰি ভাৰতৰ লগতে এছিয়াৰ প্রথমটো ৰীলে দল হিচাপে অভিলেখ ৰচিলে এলভিছ আলী হাজৰিকা আৰু ৰিমো সাহাই৷ বহু প্রত্যাহ্বানৰ মাজেৰে সাঁতোৰ সম্পন্ন কৰা এলভিছ আলী হাজৰিকা আৰু ৰিমো সাহাই নর্থ চেনেল অতিক্রম কৰাৰ বাবে সময়ৰ প্রয়োজন হৈছিল ১৪ ঘণ্টা ৩৮ মিনিট৷ মন কৰিবলগীয়া যে নর্থ চেনেল অতিক্রম কৰা এলভিছ আৰু ৰিমো হ’ল দুয়োখন ৰাজ্যৰ প্রথম দুগৰাকী সন্তৰণবিদ৷ ইফালে, বয়োজ্যেষ্ঠ সন্তৰণবিদ হিচাপে ইউৰোপৰ নর্থ চেনেল সাঁতুৰি এছিয়াৰ প্রথমটো ৰীলে দল হিচাপে গৌৰৱ অর্জন কৰে এলভিছ আৰু ৰিমোৱে৷ ‘বহু দিনৰ পৰাই এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলোঁ৷ বহু পৰিশ্রম আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি অধিক কঠোৰ অনুশীলন কৰাৰ পিছত মই সফলতাৰে নর্থ চেনেল সাঁতুৰি প্রমথজন অসমীয়া (উত্তৰ–পূব) হিচাপে গৌৰৱ অর্জন কৰোঁ৷’ এলভিছ হাজৰিকাই নিজৰ ফেচবুক প্র’ফাইলত এইদৰে কয়৷ এটা সপোন বাস্তৱায়িত হোৱা আৰু সকলো ভাৰতীয় তথা অসমীয়া ৰাইজৰ বাবে এক গৌৰৱময় মুহূর্ত৷ আপোনালোকৰ মৰম আৰু সহযোগিতাৰ বাবে মোৰ সকলো বন্ধু–বান্ধৱী, পৰিয়াল, বিশেষকৈ পত্নী প্রণামী আৰু প্রেছলিলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ এলভিছে এইদৰে মন্তব্য কৰে৷ অসম সন্তানগৰাকীয়ে এই বিৰল কৃতিত্ব তেওঁৰ পত্নী প্রণামীৰ জন্মদিনত উপহাৰ হিচাপে উৎসর্গা কৰে৷ উল্লেখ্য যে ইংলিছ চেনেলকে ধৰি বিভিন্ন দীর্ঘ দূৰত্বৰ সাঁতোৰেৰে চমক সৃষ্টি কৰা জলকোঁৱৰ এলভিছে ২০১৯ চনত আমেৰিকাৰ কাটালিনা চেনেল পাৰ হৈ অসমৰ প্রথমগৰাকী সাঁতোৰবিদ হিচাপেও অভিলেখ গঢ়িছিল৷

You might also like