নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি চাঞ্চল্য: শৌচাগাৰত কাবাডী খেলুৱৈক খাদ্য

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: শৌচাগাৰৰ ভিতৰত কাবাডী খেলুৱৈয়ে আহাৰ গ্রহণ কৰা দৃশ্যই ক্রীড়া জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কেইবাগৰাকী খেলুৱৈয়ে শৌচাগাৰৰ চৌহদত আহাৰ গ্রহণ কৰাৰ দৃশ্য সামাজিক মাধ্যমত প্রকাশ পোৱাৰ পিছতে তৎপৰ হৈ পৰিছে কেন্দ্রীয় ক্রীড়া মন্ত্রালয়৷ ইয়াৰ পিছতে কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে অভিযুক্ত ঠিকাদাৰ আৰু ক্রীড়া বিভাগৰ বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ উত্তৰ প্রদেশ ক্রীড়া বিভাগক নির্দেশ দিছে৷

এই প্রসংগত মন্ত্রীগৰাকীয়ে কয়, ‘মই অভিযুক্ত ঠিকাদাৰ আৰু বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছোঁ৷ ইয়াৰ উপৰি আহাৰ যোগানৰ দায়িত্বত থকা ঠিকাদাৰক ভৱিষ্যতে এনে ইভেণ্টৰ পৰা ব্লেকলিষ্টেড কৰিবলৈও নির্দেশ দিয়া হৈছে৷ এনে ঘটনা যাতে ক’তো সংঘটিত নহয়, তাৰ বাবে এয়া কঠোৰ নির্দেশ৷’

মন্ত্রীগৰাকীয়ে লগতে কয় যে অভিযুক্তৰ বিৰুদ্ধে যাতে কঠোৰ সিদ্ধান্ত গ্রহণ কৰে, তাৰ বাবে উত্তৰ প্রদেশ ক্রীড়া বিভাগক নির্দেশ দিয়া হৈছে৷ তেওঁ কয় যে বিজেপি চৰকাৰৰ অধীনত ক্রীড়াৰ সা–সুবিধা দেশত বহু পৰিমাণে বৃদ্ধি পাইছে৷ এন আই এছ পাটিয়ালা অথবা দেশৰ অন্য ক্রীড়া কেন্দ্রসমূহত প্রদান কৰা খাদ্য পঞ্চতাৰকা হোটেলৰ খাদ্যৰ সৈতে তুলনা কৰিব পাৰি বুলিও মন্ত্রীগৰাকীয়ে কয়৷

উল্লেখ্য যে টয়লেটত খেলুৱৈক খাদ্য খাবলৈ দিয়াৰ ভিডিঅ’ ইণ্টাৰনেটযোগে প্রকাশ পোৱাৰ পিছতে চাহাৰানপুৰৰ মাণ্ডলিক ক্রীড়া বিষয়া অনিমেষ ছাক্সেনাক উত্তৰ প্রদেশ ক্রীড়া বিভাগে নির্বাসিত কৰিছে৷

You might also like