নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস অধ্যয়ন নকৰাকৈ কথা ক’লে ইতিহাসে ক্ষমা নকৰেঃ মুখ্যমন্ত্ৰী

পাৰ্থৱ শইকীয়া

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ কংগ্ৰেছ আৰু বাওঁপন্থীৰ দৰে আমাৰ চৰিত্ৰ নহয়, জন্মৰে পৰা ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ হৈ মাত মাতি আহিছে । ৬ বছৰীয়া অসম আন্দোলনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় অটল বিহাৰী বাজপেয়ী দেৱে অসমৰ ৰাইজৰ হৈ আন্দোলনত নামিছিল । তাৰ পাচতো সেই বিজেপি দল আৰু বিজেপি চৰকাৰে অসমৰ ক্ষতি কৰিব পৰা কাম কৰিব বুলি ভবাটো অত্যন্ত ভুল । গতিকে আন্দোলনকাৰী সকলক মই কওঁ ইতিহাস অধ্যয়ন নকৰাকৈ কথা ক’লে ক্ষমা নকৰে ইতিহাসে – শনিবাৰে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত বিজেপি বুথ কমিটীৰ বিশেষ সভাত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসম সদায় অসমীয়াৰ হাততে থাকিব । নাগৰিকত্ব সংশোধনী আইনক লৈ কোনোৱে চিন্তিত হোৱাৰ প্ৰয়োজন নাই । অসম তথা অসমীয়াৰ চোতালত বিদেশীৰ দপদপনি নচলিব । বিজেপি শাসিত এইখন খিলঞ্জীয়াৰ চৰকাৰক ওফৰোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈ একাংশই নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

যোৱা তিনিটা বছৰৰো অধিক সময়ত এইখন চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি এইখন চৰকাৰৰ শাসনৰ সময়ত ৮ খনকৈ মেডিকেল কলেজ , ৯ খনকৈ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ লগতে শিক্ষাৰ ক্ষেত্ৰত নতুন প্ৰজন্মক আগুৱাই নিয়াৰ ব্যৱস্থা লোৱা বুলি উল্লেখ কৰে । আনকি ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, জলপানি আদিৰ প্ৰসংগ উল্লেখ কৰি বিজেপি চৰকাৰে কৃষক সকলক সৱল কৰাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ কথাও জনায় ।

নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক অসমীয়াৰ শত্ৰু বুলি একাংশই উল্লেখ কৰি থাকিলেও কিন্তু এইখন চৰকাৰৰ শাসনত কেন্দ্ৰশাসিত বিজেপিয়ে অসমৰ বাবে মোকলাই দিছে মুঠ ৪২,০০০ কোটি টকা । নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ লগতে উত্তৰ-পূবৰ ভিতৰত সবাতোকৈ ডাঙৰ শোধনাগাৰ ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তক শলাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । যিখন গামোচাত অসমৰ শিপিনীৰ সপোন থাকে সেই গামোচাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰা বুলি উল্লেখ কৰি বিজেপি চৰকাৰে অসম আৰু অসমীয়াবিৰোধী কোনো কাৰ্য নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে সোণোৱালে । ১০ খন ৰাষ্ট্ৰৰ মুৰব্বী প্ৰধান ভাৰতলৈ আগমনৰ সময়ত নৰেন্দ্ৰ মোডীয়ে অসমীয়া গামোচাৰে বৰণ কৰি অসমীয়া কৃষ্টিক বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰাৰ পাচতো যদি সন্দেহৰ আঙুলি টোৱায় , যি সময়ত আমি কোনো বেয়া কামেই কৰা নাই বুলি উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে ।

বুথ কমিটীৰ এইসভাতে মুখ্যমন্ত্ৰীয়ে বুথ পৰ্যায়ৰ সকলো নেতাক নিজ নিজ অঞ্চলত এই অপপ্ৰচাৰ আৰু সন্দেহৰ বিৰুদ্ধে সকলো নাগৰিকক বুজাবলৈ আহ্বান জনায় । বুথ কমিটীৰ সভাৰ এই সমাগমে অসমৰ গণতন্ত্ৰত বিশ্বাসী লোকসকলক উৎসাহিত কৰিব বুলিও উল্লেখ কৰে সোণোৱালে ।

এই বিশেষ সভাখনতো মুখ্যমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহক । ভাৰতীয় জনতা পাৰ্টীৰ চৰিত্ৰ কংগ্ৰেছ আৰু বাওঁপন্থীৰ দৰে নহয় বুলি কৈ আন্দোলনকাৰীক এইদলসমূহৰ প্ৰৰোচনাত নপৰি সকলোকে আগুৱাই আহিবলৈ আহ্বান জনায় । দূৰত থাকি সন্দেহৰ আঙুলি টোওৱাতকৈ ইতিবাচক দৃষ্টিৰে বৰ অসম নিৰ্মাণৰ সংকল্প ল’বলৈ আহ্বান সৰ্বানন্দ সোণোৱালৰ ।

আন্দোলনৰ নামত বিজেপি কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিষয়ত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, বিজেপি কৰ্মীসকল হৈছে সহিষ্ণু দল । বিজেপি নেতা-কৰ্মীসকলক উত্তেজিত কৰিব বিচাৰিছিল যদিও সহিষ্ণুতাৰে নিষ্ঠাবান কৰ্মীসকলে ধৈৰ্য ধৰিছিল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ইফালে , এই বৰ্ষৰ মাৰ্চ মাহতে অসমীয়া খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰায় ৫০ লাখ লোকক প্ৰদান কৰা হ’ব মাটিৰ পট্টা । ইতিমধ্যে অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক অতবছৰে কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে বুলি উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে । অসম চুক্তিৰ ৬ নং দফাৰ জৰিয়তে খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে অসমীয়া জাতিক সৰ্বকালৰ কাৰণে সুৰক্ষিত কৰাৰ লগতে সকলো ক্ষেত্ৰতে খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত হ’ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

You might also like