নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিজক আৰু সাতটা পুৰুষক বদনাম কৰিবলৈ যাৰ ইচ্ছা আছে, তেওঁলোকেহে AIUDFৰ সমৰ্থনত ৰাজ্যসভালৈ যাব’

নিয়মীয়া বার্তা, ৩ মার্চঃ “যাৰ আত্মসন্মান নাই, তেনেকুৱা ব্যক্তিয়েহে এআইইউডিএফৰ সমৰ্থনত ৰাজ্যসভালৈ যাব । যাৰ আত্মসন্মান আছে, তেওঁলোকেনো কিয় এআইইউডিএফৰ সমৰ্থনত ৰাজ্যসভালৈ যাব ।”– বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা এই বিৰোধীক তীব্ৰ সমালোচনা কৰি এই মন্তব্য কৰে ডঃ হিমন্তবিশ্ব শৰ্মাই ।

ইয়াৰ ওপৰি তেওঁ কয় যে যিসমূহ বুদ্ধিজীৱী বা সাংস্কৃতিক কৰ্মীৰ নাম বৰ্তমান কংগ্ৰেছ-এআইইউডিএফৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে চৰ্চা চলি আছে, সেইসকল এজনো এই উমৈহতীয়া প্ৰাৰ্থী নহয় বুলি উল্লেখ কৰি কয় যে কাৰণ যিসকল লোকৰ মান-সন্মান যুগযুগলৈকে বদনাম হৈ থাকিব, সেইসকল হে এআইইউডিএফৰ সমৰ্থনত ৰাজ্যসভালৈ যাব ।

ইপিনে বিজেপিয়ে তৃতীয় আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ইচ্ছা নাই, গতিকে কংগ্ৰেছে অকলে নিৰ্বাচন খেলি তৃতীয় আসনখন নিজৰ দখললৈ নিয়ক বুলিও কংগ্ৰেছক উপদেশ দিয়ে মন্ত্ৰী ড০ শৰ্মাই ।

আনহাতে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা হ’লে কংগ্ৰেছৰ যিখিনি প্ৰাৰ্থী থাকিব, তেওঁলোকৰ পিতৃ-মাতৃৰ লগতে সন্তানেও বিজেপিকে ভোট দিব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like