নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ক লৈ ক্ষমতাৰ যুঁজ

নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে বিগত প্রায় এমাহ ধৰি উত্তপ্ত হৈ আছে ব্রহ্মপুত্র উপত্যকাৰ অধিকাংশ অঞ্চল৷ শাসকীয় বিজেপি, অসম গণ পৰিষদ আৰু বিপিএফে বিতর্কিত আইনখনক সমর্থন কৰিলেও ৰাজ্যখনৰ অধিকাংশ দল–সংগঠনে ইয়াৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছে৷ প্রায় এমাহে চলি থকা ‘কা’বিৰোধী প্রতিবাদ শাম কটাৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই৷ আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, শিল্পী সমাজকে ধৰি বিভিন্ন দল–সংগঠনে ধাৰাবাহিকভাৱে ‘কা’বিৰোধী সংগ্রাম চলাই গৈছে৷ ‘কা’বিৰোধী সংগ্রামৰ সমানে শাসকীয় বিজেপিয়েও শক্তি পৰীক্ষাৰ যুঁজত নামিছে৷ ‘কা’বিৰোধী প্রতিবাদ প্রশমিত কৰাৰ বাবে শাসকীয় পক্ষই এতিয়ালৈ বিশেষ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বিশেষকৈ প্রতিবাদী সংগ্রামৰ নেতৃত্ব দিয়া দল–সংগঠনসমূহ সৈতে আলাপ–আলোচনাৰ বাবে ৰাজ্য চৰকাৰ অথবা কেন্দ্রীয় চৰকাৰে কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ কিন্তু ‘কা’ৰ সপক্ষে–বিপক্ষে চলি থকা প্রতিবাদ–শান্তি সমদলে এমাহ ধৰি স্থবিৰ কৰি তুলিছে ৰাজ্যৰ উন্নয়ন৷ ‘কা’বিৰোধী সংগ্রামৰ বাবে চৰকাৰী আঁচনিসমূহৰ আধাৰশিলা, উদ্বোধনৰ লেখিয়া অনুষ্ঠানসমূহ বন্ধ কৰি ৰখা হৈছে৷ মন্ত্রী–বিধায়কসকল্ চৰকাৰী–বেচৰকাৰী কার্যসূচী বাধাপ্রাপ্ত হৈছে৷ ইংৰাজী নৱবর্ষ আৰম্ভ হোৱাৰ লগে লগে জীপাল হৈ উঠা ৰাজ্যখনৰ পর্যটন ক্ষেত্রসমূহ সেৰেঙা হৈ আছে৷ আনকি বনভোজস্থলীসমূহো এতিয়া নিমাওমাও হৈছে৷ ‘কা’বিৰোধী প্রতিবাদৰ বাবে দেশী–বিদেশী পর্যটকৰ আগমনো ভয়ানকভাৱে হ্রাস পাইছে৷ শিক্ষানুষ্ঠানসমূহত ছাত্র–ছাত্রীৰ পাঠদান প্রক্রিয়া এতিয়াও নিয়মীয়া হৈ উঠা নাই৷ এনে এক পৰিস্থিতি দীর্ঘদিন ধৰি অব্যাহত থাকিলে অসমখন যে আৰু পিছুৱাই যাব সেয়া খাটাং৷ কিন্তু ৰাজ্যখনৰ সামূহিক স্বার্থত চৰকাৰী পক্ষ অথবা আন্দোলনকাৰী দল–সংগঠনসমূহে ইতিবাচক দৃষ্টিভংগী গ্রহণ কৰিব লাগিব৷ ‘কা’ৰ বিৰুদ্ধে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত দেখা দিয়া আশংকা অমূলক নহয়৷ লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ পূর্বেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যখনৰ অধিকাংশ দল–সংগঠন তথা নেতৃস্থানীয় লোকে ইয়াৰ প্রতিবাদ কৰিছিল৷ কিন্তু সেই প্রতিবাদে সাধাৰণ লোকৰ সমর্থন লক্ষণীয়ভাৱে লাভ কৰা নাছিল৷ কিন্তু বিতর্কিত বিধেয়কখন উভয় সদনত গৃহীত হোৱাৰ পাছত প্রতিবাদী সংগ্রামত সর্বশ্রেণীৰ লোকৰ উপস্থিতি পৰিলক্ষিত হৈছে৷

কিন্তু ৰাজপথৰ সংগ্রামে অসমবাসীক ‘কা’ৰ দৰে বিতর্কিত আইনখনৰ পৰা ৰক্ষা কৰিব পাৰিবনে? বিতর্কিত আইনখনক লৈ শাসক–বিৰোধী পক্ষৰ মাজত যিখন যুঁজ চলিছে সেয়া কোনো কাৰণতে ৰাজপথৰ সংগ্রামত সমাধান নহয়৷ বিতর্কিত আইনখন বাতিল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত ইতিমধ্যে তিনিকুৰিৰো অধিক লেখ আবেদন উচ্চতম ন্যায়ালয়ত দাখিল হৈছে৷ ইয়াৰ ভিতৰত ‘কা’বিৰোধী সংগ্রামখনৰ নেতৃত্ব দিয়া আছু, যুৱ–ছাত্র পৰিষদকে ধৰি অসমৰ দল–সংগঠন, ব্যক্তিৰ ১৪খন লেখ আবেদন আছে৷ ইতিমধ্যে এই লেখ আবেদনসমূহৰ ওপৰত উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰৰ সংশ্লিষ্ট পক্ষক জাননী জাৰি কৰিছে৷ আই এম ডি টিৰ লেখিয়া ‘কা’ বাতিল হ’বনে বাহাল থাকিব সেয়া নিৰূপণ হ’ব উচ্চতম ন্যায়ালয়ৰ মজিয়াত৷ দেশৰ সর্বোচ্চ ন্যায়ালয়ত আৰম্ভ হোৱা ন্যায়িক যুঁজখনত কোন জয়ী হয় সেয়া সময়ে ক’ব৷ কিন্তু এই যুঁজখনৰ ফলাফল শীঘ্রে ওলাব বুলি আশা কৰিব নোৱাৰি৷ ন্যায়িক যুঁজখনৰ সমানে যদি ‘কা’বিৰোধী সংগ্রাম অব্যাহত থাকে তেন্তে অনাগত দিনবোৰত ৰাজ্যখনৰ বিকাশৰ ইপ্সিত লক্ষ্যত উপনীত হ’ব বুলি আশা কৰিব নোৱাৰি৷ ‘কা’বিৰোধী সংগ্রামৰ নেতৃত্ব বহন কৰা আছু, যুৱ–ছাত্র পৰিষদকে ধৰি বিভিন্ন শ্রেণীৰ একাংশ লোকে নতুন আঞ্চলিক ৰাজনৈতিক দল এটা গঠন কৰাৰ বাবেও কুচকাৱাজ চলাইছে৷ ২০২১ৰ প্রথম ভাগত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নির্বাচন৷ একে সময়তে নির্বাচন অনুষ্ঠিত হ’ব চুবুৰীয়া পশ্চিমবংগৰ৷ বিজেপিয়ে বাংলাভাষী লোকৰ সমর্থন আদায়ৰ বাবে ‘কা’ৰ পক্ষত থিয় দিছে৷ ‘কা’বিৰোধী আন্দোলনৰ জৰিয়তে আছু, যুৱ–ছাত্র পৰিষদকে ধৰি বিৰোধী দল–সংগঠনসমূহে বিজেপিবিৰোধী ঢ়ৌ সৃষ্টি কৰিবলৈ তৎপৰ হৈছে৷ আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে ‘কা’ৰ সপক্ষে–বিপক্ষে চলি থকা ৰাজনৈতিক যুঁজখন আৰু অধিক তীব্র হোৱাৰ আশংকা ঘনীভূত হৈছে৷ ৰাজপথৰ এই যুঁজখন যিমানেই দীঘলীয়া হ’ব সিমানে উভয় পক্ষই অধিক শক্তি আৰু ধন ব্যয় কৰিব লাগিব আন্দোলনৰ নামত৷ মাথোঁ আন্দোলনৰ জৰিয়তে কোনো সমস্যাৰ সমাধান নহয়৷ কিন্তু এই কথা উভয় পক্ষৰ জ্ঞাত হোৱা সত্ত্বেও হয়তো ৰাজপথৰ সংগ্রাম চলি থাকিব দিছপুৰৰ ক্ষমতা দখলৰ স্বার্থত৷ ক্ষমতা দখলৰ লক্ষ্যৰে আৰম্ভ হোৱা শাসক–বিৰোধী পক্ষৰ এই যুঁজখনে ৰাজ্যখনৰ সর্বসাধাৰণ লোকৰ কোনো কল্যাণ সাধিব নোৱাৰে৷ এইক্ষেত্রত ৰাজ্যখনৰ সামূহিক কল্যাণৰ স্বার্থত সচেতন নাগৰিকসকলে আগবাঢ়ি অহা উচিত৷ ‘কা’ক লৈ চলা ক্ষমতাৰ যুঁজখনে অসমৰ অধিক ক্ষতি কৰাৰ আশংকা আছে৷

You might also like