নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কনচেপ্ট লাৰ্ণাৰে মুকলি কৰিলে ফ্ৰি কচিং এপ্

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ সন্ত্ৰাস । ভাৰতত আগন্তুক ১৪ এপ্ৰিললৈকে ঘোষণা কৰা হৈছে লকডাউন । এই লকডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত বহুখিনি ক্ষতি হ’ব । বিশেষকৈ ২০২১ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা শিক্ষাৰ্থীসকলৰ বাবে অনলাইন কচিং প্লেটফৰ্ম কনচেপ্ট লাৰ্ণাৰে ফ্ৰি কৰ্চিং প্ৰদানৰ ব্যৱস্থা হাতত লৈছে ।

শেহতীয়াভাৱে কনচেপ্ট লাৰ্ণাৰে মুকলি কৰিছে এটা বিশেষ মোবাইল এপ্ । এই এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পাঠ্যক্ৰমত থকা সকলোধৰণৰ খোকোজা দূৰ কৰিবলৈ সক্ষম হ’ব বুলি নিশ্চিত কনচেপ্ট লাৰ্ণাৰৰ অভিনৱ বৰদলৈ আৰু সমীৰ বৰা ।

You might also like